আপকুৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন


গুৱাহাটী,১৬ নৱেম্বৰ : প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি সমগ্ৰ দেশৰ লগতে ৰাজ্যখনৰ চৰকাৰী পঞ্জীয়নভুক্ত সাংবাদিক সকলৰ সংগঠন আসাম প্ৰেছ ক'ৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ 'আপকু'ৱে আজি দিশপুৰ প্ৰেছ ক্লাবত দিনযোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসটো উদযাপন কৰে। উল্লেখযোগ্য যে প্ৰেছ কাউণ্সিল অফ ইণ্ডিয়াই ১৯৬৬ চনৰ ১৬ নৱেম্বৰৰ পৰা নিজৰ বৰ্ণাঢ্য যাত্ৰা আৰম্ভ কৰিছিল। 'আপকু'ৱে বিগত প্ৰায় দুটা দশক গুৱাহাটীত কেন্দ্ৰীয়ভাৱে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। আজিৰ দিনটোও ব্যতিক্ৰম নহ'ল। আজি পুৱাৰ ভাগত শ্বহীদ তাৰ্পনেৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে সাংবাদিক সংগঠনটোৰ সভাপতি স্বপন কুমাৰ ৰাভা, 'আপকু'ৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি মৌচমজ্যোতি বৈশ্য আৰু সম্পাদক প্ৰধান শৰৎ শেনচোৱাই। উল্লেখ্য যে ৰাজ্যখনত এতিয়ালৈকে বিভিন্ন ঘটনাত ৩২ জন সাংবাদিক শ্বহীদ হৈছে। শ্বহীদ তৰ্পন কাৰ্যসূচীতেই নিহত সাংবাদিক সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। দিনৰভাগত 'আপকু'ৰ কেন্দ্ৰীয় সভাপতি স্বপন কুমাৰ ৰাভাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। সভাত ৰাজ্যখনৰ দুগৰাকী সাংবাদিক ক্ৰমে অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক ৰাজতিলক বৰ্মন আৰু দৈনিক জনমভূমি কাকতৰ জ্যেষ্ঠ সাংবাদিক ৰনজন কুমাৰ ৰেগনক সাংবাদিকতাৰ জগতখনলৈ বিগত কেইবাটাও দশক ধৰি কৰি অহা অৱদানৰ বাবে ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত যোৰহাট জিলাৰ মৰিয়নি অঞ্চলৰ জ্যেষ্ঠ সাংবাদিক জীৱন চন্দ্ৰ দত্তকো সম্বৰ্ধনা জনোৱাৰ কথা আছিল। কিন্তু শাৰিৰীক অসুস্থতাৰ বাবে তেওঁ আজিৰ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে। আপকুৱে পৰৱৰ্তী সময়ত তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব। আজি আপকুৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কলিয়াবৰ চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ ধৰ্মেশ্বৰ গোস্বামীদেৱ, শোণিতপুৰ জিলাৰ জামগুৰিৰ পোৱামৰা সত্ৰৰ সত্ৰাধিকাৰ গোপাল মহন্তদেৱ, অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত, দৈনিক জনমভূমি কাকতৰ কাৰ্যকৰী সম্পাদক সঞ্জীৱ কুমাৰ ফুকন আৰু দিশপুৰ প্ৰেছ ক্লাবৰ সম্পাদক কুঞ্জ মোহন ৰয়। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ স'তে সংগতি ৰাখি আপকুৱে আব্দুল লতিফ সৰকাৰৰ সম্পাদনাৰে প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ 'অবিৰত যাত্ৰা - ২০২৪ পঞ্চম সংখ্যা' উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই। আপকুৰ কামৰূপ জিলা সমিতিৰ আতিথ্যত আপকুৱে কেন্দ্ৰীয়ভাৱে আয়োজন কৰা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ মুকলি সভাত সত্ৰাধিকাৰদ্বয় ধৰ্মেশ্বৰ  গোস্বামী আৰু গোপাল মহন্তই নিজৰ ভাষণত সাংবাদিক সকলক নিষ্ঠা আৰু সততাৰে ৰাইজৰ স্বাৰ্থত সাংবাদিকতা কৰি যাবলৈ অনুৰোধ জনায়। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীত কটন বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগৰ কিছু সংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। প্ৰেছ দিৱসৰ মুকলি সভাত অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই উপস্থিত থাকি সাংবাদিকসকলে নিজৰ কৰ্তব্যৰ সময়ত ভোগ কৰা বিভিন্ন অসুবিধাৰ কথা ব্যক্ত কৰে। তেখেতে কয় যে প্ৰায় ক্ষেত্ৰতে সাংবাদিকসকলে বাতৰি পৰিৱেশন কৰোতে প্ৰতিক্ৰিয়াশীল চক্ৰৰ দ্বাৰা নিগৃত হয়। প্ৰকাশ মহন্তই নিজৰ ভাষণত আপকুৰ প্ৰতিষ্ঠাতা প্ৰয়াত ভৱেশ বৰুৱা আৰু ভৱেশ শইকীয়াৰ ত্যাগৰ কথাও উল্লেখ কৰে। সভাত আন এগৰাকী বিশিষ্ট অতিথি দৈনিক জনমভূমি কাকতৰ কাৰ্যকৰী সম্পাদক সঞ্জীৱ কুমাৰ ফুকনে নিজৰ ভাষণত সাংবাদপত্ৰ আৰু সাংবাদিকতাৰ ওপৰত ব্যাখ্যা কৰি বিশেষকৈ গ্ৰাম্যাঞ্চলৰ সাংবাদিক সকলৰ ত্যাগৰ কথাও উল্লেখ কৰে। আনহাতে সম্বৰ্ধনা গ্ৰহণ কৰি অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক ৰাজতিলক বৰ্মন আৰু দৈনিক জনমভূমি কাকতৰ জ্যেষ্ঠ সাংবাদিক ৰঞ্জন কুমাৰ ৰেগনে নিজৰ মনোভাৱ ব্যক্ত কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment