সামাজিক মাধ্যমত যুৱতীৰ ৰীল ভাইৰেল কৰি ৰঙাঘৰৰ আলহী হল লখিমপুৰৰ যুৱক
লখিমপুৰ,১৭ নৱেম্বৰ : সামাজিক মাধ্যমত যুৱতীৰ ৰীল ভাইৰেল কৰি ৰঙা ঘৰৰ আলহী হ'ল লখিমপুৰৰ যুৱক। এগৰাকী যুৱতীৰ ৰীল ভাইৰেল কৰাৰ গোচৰত যোৱানিশা লখিমপুৰ সদৰ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লখিমপুৰ নগৰৰ কে বি ৰোড নিবাসী উজ্জল ভূঞাক। ঘটনা সন্দৰ্ভত লখিমপুৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া টুলুমণি দুৱৰাই সংবাদ মাধ্যমৰ আগত সদৰি কৰা অনুসৰি উজ্জ্বল ভূঞাই এগৰাকী যুৱতীৰ ৰীল সামাজিক মাধ্যমত ভাইৰেল কৰিছিল। এই সন্দৰ্ভত যুৱতী গৰাকীয়ে ১১ নবেম্বৰত সদৰ থানাত উজ্জ্বল ভূঞাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। সেই মৰ্মে লখিমপুৰ সদৰ থানাত উজ্জ্বল ভূঞাৰ বিৰুদ্ধে ৩৪৬/২৪ নম্বৰৰ আৰু ৩০৮(২) /৩৫৬(২) /৬১(২) /বিএনএছ/৬৬(ই) আই টি ধাৰাত গোচৰ পঞ্জীয়ন হয় আৰু নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জনোৱা মতে আন এজন চিকিৎসকেও উজ্জ্বল ভূঞাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। আনহাতে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ যোৱাৰ সময়ত কৰ্তব্যত বাধা দিয়া বুলি আৰক্ষীয়েও নিজাববীয়াকৈ এক গোচৰ তৰিছে। তদুপৰি উজ্জ্বল ভূঞাৰ বিৰুদ্ধে ধনদাবীৰ অভিযোগো আছে। নগাঁও, ধেমাজিকে ধৰি বিভিন্ন জিলাত তেওঁৰ বিৰুদ্ধে ছটা এনেধৰণৰ গোচৰ পঞ্জীয়ন হৈ আছে। ইফালে সদৰ থানাৰ পৰা আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়াৰ সময়ত উজ্জ্বল ভূঞাই তেওঁৰ বিৰুদ্ধে এইয়া এক ষড়যন্ত্র আৰু আৰক্ষীয়ে আক্ৰোশমূলক ভাৱে তেওঁক গ্ৰেপ্তাৰ কৰা বুলি সংবাদ মাধ্যমৰ আগত কয়।

0 Comments:
Post a Comment