নীলা ৰঙেৰে উজ্বলি উঠিল অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়
গুৱাহাটী,২০ নৱেম্বৰ : ৰাষ্ট্ৰীয় শিশু দিৱসৰ পৰা আৰম্ভ হোৱা অসম আৰক্ষীৰ শিশু অধিকাৰ সপ্তাহ উদযাপন আজি বিশ্ব শিশু দিৱসৰ দিনা "গো ব্লু" শীৰ্ষক এক কাৰ্যসূচীৰে সামৰণি পৰে। বিশ্ব শিশু দিৱস বিশ্বজুৰি শিশুৰ অধিকাৰৰ প্ৰসাৰৰ বাবে পালন কৰা হয় আৰু ইউনিচেফে আৰম্ভ কৰা "গো ব্লু" অভিযানত সংহতি প্ৰদৰ্শনৰ বাবে চৰকাৰী ভৱন আদি অট্টালিকাসমূহ নীলা ৰঙেৰে পোহৰাই তোলা হয়। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়, জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় সমূহ আৰু কিছুমান আৰক্ষী থানাক শিশুৰ অধিকাৰ আৰু সুৰক্ষাৰ বাবে প্ৰতীকী নীলা ৰঙেৰে আলোকিত কৰা হৈছে। অসম আৰক্ষীৰ সঞ্চালক প্রধান জ্ঞানেন্দ্র প্রতাপ সিঙে শিশু অধিকাৰৰ প্ৰতীক হিচাপে নীলা ৰঙেৰে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ক আজি সন্ধিয়া আনুষ্ঠানিকভাৱে পোহৰাই তোলে। "গয়িং ব্লু"ৰ জৰিয়তে অসম আৰক্ষীয়ে শিশুৰ অধিকাৰ বিশেষকৈ ভুক্তভোগী আৰু আইনৰ লগত সংঘাত থকা শিশুৰ অধিকাৰ সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰি তোলে। প্রথম সঁহাৰিদাতা হিচাপে এই শিশুসকলৰ ন্যায় নিশ্চিত কৰাত আৰক্ষীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইউনিচেফ আৰু উৎসাহ শিশু অধিকাৰ সংস্থাৰ সহযোগত অসম আৰক্ষীৰ অনন্য শিশু মিত্ৰ প্ৰকল্পৰ লক্ষ্য হৈছে আৰক্ষীৰ সঁহাৰিৰ ব্যৱস্থা শক্তিশালী কৰা আৰু সকলো স্তৰতে শিশুৰ অধিকাৰ সুৰক্ষিত কৰা। এই কাৰ্যসূচী ভাৰতৰ অন্যতম বৃহৎ শিশুৰ প্ৰতি বন্ধুত্বপূৰ্ণ এক পদক্ষেপ।


0 Comments:
Post a Comment