শিক্ষাৰ মাধ্যমত মাতৃভাষা প্ৰয়োগৰ ক্ষেত্ৰত অসম চৰকাৰ অতি সচেতন : শিক্ষামন্ত্ৰী ডাঃ পেগু



 বিপ্লৱ শৰ্মা সমিতিৰ পৰামৰ্শসমূহৰ ভিত্তিত খিলঞ্জীয়া জনগোষ্ঠীয় ভাষাৰ প্ৰচাৰ তথা শিক্ষাৰ মাধ্যমত প্ৰয়োগৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অধ্যক্ষতাত দিছপুৰত গুৰুত্বপূৰ্ণ বৈঠক। সমগ্ৰ দেশৰ ভিতৰতে জনগোষ্ঠীয় ভাষাৰ সঞ্চালকালয় থকা ৰাজ্য হৈছে অসম।

গুৱাহাটী,২১ নৱেম্বৰ : বিপ্লৱ শৰ্মা সমিতিৰ পৰামৰ্শসমূহৰ ভিত্তিত খিলঞ্জীয়া জনগোষ্ঠীয় ভাষাৰ প্ৰচাৰ তথা শিক্ষাৰ মাধ্যমত প্ৰয়োগৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অধ্যক্ষতাত দিছপুৰত আজি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। অসম চুক্তিৰ ৬ নং দফা অনুযায়ী বিপ্লৱ শৰ্মা সমিতিৰ পৰামৰ্শসমূহৰ ভিত্তিত ৰাজ্যখনৰ খিলঞ্জীয়া জনগোষ্ঠীয় ভাষাসমূহৰ প্ৰচাৰ আৰু শিক্ষাৰ মাধ্যমত ইয়াৰ প্ৰয়োগ সন্দৰ্ভত জনতা ভৱনত আয়োজন কৰা বৈঠকখনত ৰাজ্যখনৰ বিভিন্ন সাহিত্য সভাৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে। বৈঠকত বিভিন্ন সাহিত্য সভাৰ প্ৰতিনিধিসমূহৰ পৰা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে জনজাতীয় ভাষাসমূহক ৰাজ্যখনৰ উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহত প্ৰসাৰ তথা প্ৰয়োগৰ বাবে কিদৰে শিক্ষা বিভাগ আগবাঢ়ি যাব পাৰে তাৰ বাবে সকলোৰে পৰা পৰামৰ্শ গ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে বৈঠকত জনাই যে ৰাজ্য চৰকাৰে শিক্ষাৰ মাধ্যমত যিকোনো জাতি-জনগোষ্ঠীৰ ক্ষতি হোৱাকৈ কোনো ভাষাক শিক্ষাৰ মাধ্যম হিচাপে জাপি নিদিয়ে। সভাত চাৰি ভাষা নীতি প্ৰয়োগৰ ক্ষেত্ৰতো বিভিন্নজনে মতামত দাঙি ধৰে। উল্লেখ্য যে বিভিন্নজনৰ পৰা পৰামৰ্শসমূহ গ্ৰহণ কৰি শিক্ষামন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰেও অসমক বিভিন্ন জনগোষ্ঠীয় ভাষা প্ৰয়োগৰ ক্ষেত্ৰত এক পৰীক্ষাগাৰ হিচাপে বাচি লৈছে। তেওঁ সভাক পৰ্য্যায়ক্ৰমে এনে ধৰণৰ বিভিন্ন সভা অনুষ্ঠিত কৰি জনগোষ্ঠীয় ভাষাসমূহক শিক্ষাৰ মাধ্যমত প্ৰয়োগ কৰাৰ ক্ষেত্ৰত অনাগত দিনসমূহত বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰিব বুলি উল্লেখ কৰে। ইতিমধ্যে অসম প্ৰকাশন পৰিষদৰ উদ্যোগত পোন প্ৰথম বাৰৰ বাবে অসম আৰু অসমীয়া ভাষা, জাতিক সামৰি লবপৰাকৈ পিপল অফ আচাম বা হিষ্ট্ৰি অফ আচামিছ পিপল নামেৰে এখনি গ্ৰন্থৰ ওপৰত কাম আৰম্ভ কৰিছে বুলি তেওঁ সভাত সদৰি কৰে। লগতে মন্ত্ৰীগৰাকীয়ে অসমৰ জনগোষ্ঠীয় ভাষাসমূহৰ বিকাশৰ উদ্দেশ্যে অসমত এটি সাহিত্য একাডেমীৰ আঞ্চলিক কাৰ্যালয় প্ৰতিষ্ঠা কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। সভাত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য প্ৰফেচাৰ ৰমেশ ডেকা, উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, এছ চি আৰ টিৰ সঞ্চালিকা নিৰদা দেৱী প্ৰমুখ্যে শিক্ষা বিভাগৰ বিভিন্ন বিষয়াসকল উপস্থিত আছিল।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment