গুৱাহাটী,২২ নৱেম্বৰঃ অহা ২৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব বহু প্ৰতীক্ষিত "অসম গ্ৰন্থমেলা, গুৱাহাটী"। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা এই গ্ৰন্থমেলাখন এইবেলি চানমাৰিৰ পৰিৱৰ্তে মহানগৰীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব। অহা ২৭ ডিচেম্বৰৰ পৰা ২০২৫ চনৰ ৭ জানুৱাৰীলৈ ১২ দিনীয়াকৈ অনুষ্ঠিত হ’ব এই গ্ৰন্থমেলা। এই কথা জানিবলৈ দিয়ে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই। এক বিবৃত্তি যোগে কলিতাই কয় - "অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই বিগত বছৰকেইটাৰ দৰে এইবছৰো গ্ৰন্থমেলাখন আয়োজনৰ বাবে প্ৰস্তুতি চলাইছিল যদিও গ্ৰন্থমেলাখনৰ স্থানক লৈ কিছু সমস্যাৰ সৃষ্টি হৈছিল। বিগত বছৰ সমূহত চানমাৰিৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত গ্ৰন্থমেলা আয়োজন কৰি অহা হৈছিল। কিন্তু উৰণ সেতুৰ নিৰ্মাণ কাৰ্য চলি থকা বাবে চানমাৰিত হৈ থকা যানজঁটৰ পৰিপ্ৰেক্ষিতত গ্ৰন্থমেলাৰ বিকল্প স্থানৰ সন্ধান চলাই থকা হৈছিল। বিকল্প স্থান হিচাপে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰখনক বাচনি কৰা হৈছিল যদিও আগন্তুক ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱস একেখন খেলপথাৰতে অনুষ্ঠিত কৰা হব বাবে নিৰাপত্তাজনিত কাৰণত এই খেলপথাৰখন ব্যৱহাৰৰ অনুমতি পোৱাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল। অৱশেষত শিক্ষামন্ত্ৰীৰ ডাঃ ৰণোজ পেগুৰ তৎপৰতাত এই খেলপথাৰখন ব্যৱহাৰৰ অনুমতি পোৱাটো সম্ভৱ হৈ উঠিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুমতিত গৃহ বিভাগে খানাপাৰাৰ খেলপথাৰতে পূৰ্বৰ নিৰ্দিষ্ট সময়তকৈ দুটা দিন আগুৱাই গ্ৰন্থমেলাখন আয়োজনৰ প্ৰয়োজনীয় অনুমতি প্ৰদান কৰে। সেয়েহে অহা ২৭ ডিচেম্বৰ ৰ পৰা ৭ জানুৱাৰীলৈ ১২ দিনীয়াকৈ খানাপাৰাৰ খেলপথাৰখনতে 'অসম গ্ৰন্থমেলা, গুৱাহাটী' অনুষ্ঠিত হ'ব।" তেওঁ লগতে কয় - "প্ৰকাশন প্ৰতিষ্ঠান তথা অনান্য বিপণীৰ বাবে ইতিমধ্যে আৱেদনপত্ৰ মুকলি কৰা হৈছে। গুৱাহাটীৰ বামুণীমৈদামস্থিত অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয় নাইবা পাণবজাৰৰ যশৱন্ত পথৰ সৰস্বতী মাৰ্কেটৰ তৃতীয় মহলাত থকা সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ কাৰ্যালয় আৰু www.publicationboardassam.com ৱেবচাইটৰ পৰা আৱেদন পত্ৰ সংগ্ৰহ কৰিব পাৰিব। সংগৃহীত আৱেদনপত্ৰ পূৰণ কৰি অহা ৩ ডিচেম্বৰৰ ভিতৰত ওপৰত উল্লেখ কৰা ঠিকনাত জমা দিব লাগিব নতুবা assampublicationboard@gmail.com আৰু aaapbsa52@gmail.com লৈ প্ৰেৰণ কৰিব লাগিব ৷ বিপণীৰ জোখ-মাখ আৰু নিৰ্ধাৰিত চৰ্তাৱলী আৱেদন পত্ৰত উল্লেখ কৰা হৈছে। অসমৰ লগতে দেশ-বিদেশৰ বহুকেইটা আগশাৰীৰ প্ৰকাশনগোষ্ঠীয়ে ইতিমধ্যে অসম গ্ৰন্থমেলা, গুৱাহাটীত অংশ গ্ৰহণৰ বাবে আগ্ৰহেৰে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সৈতে যোগাযোগ কৰিছে। এইবছৰ গ্ৰন্থমেলা'ৰ স্থান সলনি কৰাৰ ফলত বিভিন্ন স্থানৰ পৰা যোৱা বিক্ৰেতাসকলৰ পৰিবহন ব্যয় বাঢ়িব পাৰে বুলি অনুমান কৰি বিপণীৰ ভাড়াৰ দিশটোৰ প্ৰতিও বিবেচনা কৰা হ'ব।"
গুৱাহাটীত ২৭ ডিচেম্বৰৰ পৰা ৭ জানুৱাৰীলৈ অসম গ্ৰন্থমেলা

%20(5).jpeg)
0 Comments:
Post a Comment