পাঁচটা সমষ্টিৰ উপনিৰ্বাচনত বিজেপি মিত্রজোঁটৰ অভূতপূৰ্ব জয়, পৰাভূত কংগ্ৰেছ


গুৱাহাটী,২৩ নৱেম্বৰ : সফলতাৰ ধাৰা অব্যাহত ৰাখি পাঁচটা সমষ্টিৰ  উপ-নিৰ্বাচনত বিজয় ধ্বজা উৰুৱালে বিজেপি আৰু বিজেপিৰ মিত্রদলে। পৰাভূত হ'ল কংগ্ৰেছ। হেৰুৱালে চামগুৰি সমষ্টি। ফলাফলৰ পিছতেই বিজেপি শিবিৰত ব্যাপক আনন্দ-উল্লাস। ইজনে সিজনক মিঠাই খুৱাই নাচি বাগি আনন্দ প্ৰকাশ বিজেপি নেতা কৰ্মীৰ। পাঁচটা সমষ্টিৰ ভিতৰত চিদলী, বঙাইগাঁও আৰু ধলাইত বিজেপি মিত্ৰজোঁটৰ জয় নিশ্চিত আছিল যদিও বিহালী আৰু চামগুৰিক লৈ আছিল সাংঘাতিক উৎকন্ঠা। পিছে সকলো উৎকন্ঠাৰ অন্ত পেলাই ২৫ বছৰে কংগ্ৰেছৰ ৰকিবুল হুছেইনৰ দখলত থকা চামগুৰি সমষ্টিও আজুৰি আনিলে বিজেপিয়ে। যথেষ্ট ভোটৰ ব্যৱধানত বিৰোধীক পৰাস্ত কৰি উৎফুল্লিত হৈ পৰিছে বিজেপি। আনহাতে বিহালী সমষ্টিকলৈও আছিল যথেষ্ট উৎকন্ঠা। কিন্তু বিহালীতো ৯ সহস্ৰাধিক ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিলে বিজেপিয়ে। এই বিজয়ৰ পিছতে স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে বিজেপিৰ প্ৰতিগৰাকী নেতা-মন্ত্ৰী। বিজয় সাব্যস্ত হোৱাৰ পিছতে বিজেপিৰ সভাপতি ভৱেশ কলিতাই ক’লে এই বিজয় অৱশ্যাম্ভাৱী। উপ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ বৃহৎ জয়ৰ পিছতে সমষ্টিবাসীক ধন্যবাদ জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ জয়ত ৰাজ্যবাসীৰ ওচৰত চিৰ কৃতজ্ঞ মুখ্যমন্ত্ৰী। সুশাসন আৰু উন্নয়নৰ স্বাৰ্থত বিজেপিক ভোট দিয়া বুলি এক্সযোগে মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। উপ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ বৃহৎ জয়ৰ পিছতে সমষ্টিবাসীক ধন্যবাদ জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ জয়ত ৰাজ্যবাসীৰ ওচৰত চিৰ কৃতজ্ঞ মুখ্যমন্ত্ৰী। সুশাসন আৰু উন্নয়নৰ স্বাৰ্থত বিজেপিক ভোট দিয়া বুলি এক্সযোগে মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। বিশেষকৈ ২৫ বছৰ ধৰি কংগ্ৰেছৰ দখলত থকা ৬৫ শতাংশ সংখ্যালঘু জনসংখ্যাৰ সমষ্টি চামগুৰি সমষ্টিত বিজেপি প্ৰাৰ্থীৰ জয়লাভক ঐতিহাসিক জয় আখ্যা দিয়ে মুখ্যমন্ত্ৰীয়ে। পাঁচটা সমষ্টিৰ ধলাই, বিহালী আৰু চামগুৰিত বিজেপিৰ প্ৰাৰ্থী জয়ী হোৱাৰ লগতে বঙাইগাঁৱত মিত্রদল অগপৰ প্ৰাৰ্থী আৰু চিদলীত ইউ পি পি এলৰ প্ৰাৰ্থী জয়ী হয়।

কোন ক'ত কিমান ভোটত জয়ী হ'ল :

* বঙাইগাঁৱত ৩৪, ৪৯৯টা ভোটত অগপৰ দীপ্তিময়ী চৌধুৰীৰ জয়লাভ।

* ছিদলীত ৩২,৯৭৯ টা ভোটত ইউ পি পি এলৰ নিৰ্মল কুমাৰ ব্ৰহ্মৰ জয়লাভ।

* বিহালীত ৯,০৫৬ টা ভোটত বিজেপিৰ দিগন্ত ঘাটোৱালৰ জয়লাভ।

* চামগুৰিত ২৪, ৫০১ টা ভোটত বিজেপি প্রার্থী দীপুৰঞ্জন শৰ্মাৰ জয়লাভ।

* ধলাইত ১০ হাজাৰ ভোটত জয়লাভ বিজেপিৰ প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসৰ।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment