বিধায়ক পদৰ শপত ল'লে নৱনিৰ্বাচিত পাঁচগৰাকী বিধায়কে


গুৱাহাটী,২৯ নৱেম্বৰ : আজি অসম বিধানসভাৰ নতুন ভৱনত ৰাজ্যৰ সদ্যসমাপ্ত উপ-নিৰ্বাচনত জয়লাভ কৰা পাঁচগৰাকী নৱনিৰ্বাচিত বিধায়কে বিধায়ক পদৰ শপত গ্ৰহণ কৰে। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিধায়ক পাঁচগৰাকীক শপত বাক্য পাঠ কৰায়। তেওঁলোক হৈছে চামগুৰিৰ বিধায়ক দিপ্লুৰঞ্জন শৰ্মা, বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱাল, ধলাইৰ বিধায়ক নিহাৰ ৰঞ্জন দাস, বঙাইগাঁৱৰ বিধায়িকা দীপ্তিময়ী চৌধুৰী আৰু চিদলীৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম। শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছিল।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment