অসমত নাৰী নিৰ্যাতন কৰিবলৈ বিজেপি নেতাক লাইচেঞ্চ দিছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই : প্ৰদেশ কংগ্ৰেছ


গুৱাহাটী : "বিহালীত চাহ জনগোষ্ঠীয় প্ৰাৰ্থীক হৰুৱাবলৈ কংগ্ৰেছ নেতাই বাহৰ পতা বুলি কটাক্ষ কৰা মুখ্যমন্ত্ৰীয়ে চাহ জনগোষ্ঠীয় কিশোৰী ধৰ্ষণৰ ক্ষেত্ৰত মুখেৰে একো মাত নামাতে। আনহাতে চাহ জনগোষ্ঠীয় কিশোৰীক ধৰ্ষণ কৰা বিজেপি নেতাক ৰক্ষণাবেক্ষণ দিয়াতহে অধিক গুৰুত্ব দি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ঝাৰখণ্ডত আদিবাসী আৰু মা-বেটিক সুৰক্ষা দিব বুলি ভাষণৰ ফুলজাৰি মৰা মুখ্যমন্ত্ৰীৰ নিজৰ ৰাজ্যতে চাহ জনগোষ্ঠীয় জীয়ৰী-বোৱাৰী সুৰক্ষিত নহয়।" - এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যম বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাৰ। বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি কলিতাই ডুমডুমাত ১৪ বছৰীয়া চাহ জনগোষ্ঠীয় কিশোৰী ধৰ্ষণৰ নৃশংস ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তেওঁ কয় - "সাত লম্পটৰ বলাৎকাৰৰ বলি হৈছিল ডুমডুমাৰ কাটনিপাৰাৰ চাহ জনগোষ্ঠীয় এগৰাকী কিশোৰী। ভুক্তভোগীৰ গোচৰৰ ভিত্তিত ডুমডুমা আৰক্ষীয়ে আটক কৰিছে যদিও এতিয়ালৈ সাতজন লম্পটক অসম আৰক্ষীয়ে উচিত শাস্তি প্ৰদান কৰা নাই।  কাটনীবাৰীৰ কিশোৰীগৰাকীক ন্যায় প্ৰদান কৰিবলৈ আমি দাবী জনাইছো। ধৰ্ষণকাৰী কেইটাৰ পৰিয়াল বিজেপি দলৰ সদস্য হোৱা বাবেই তেওঁলোকক শাস্তি প্ৰদান কৰা নাই নেকি? যোৱা জুলাই মাহত ডুমডুমাৰ চিৰাজুলি চাহ বাগিচাত এগৰাকী চাহ জনগোষ্ঠীয় কিশোৰীক ধৰ্ষণ কৰিছে তিনিগৰাকী লম্পটে। ২০২৩ চনৰ এপ্ৰিল মাহত তিনিচুকীয়াৰ বৰডুবি থানাৰ অন্তৰ্গত কাটিনিগাঁৱত ১৩ বছৰীয়া কিশোৰীক বিজেপিৰ এগৰাকী স্থানীয় নেতাই ধৰ্ষণ কৰিছিল। কিন্তু পৰিতাপৰ কথা ধৰ্ষণকাৰী বিজেপি নেতা হোৱা বাবেই অসম আৰক্ষীয়ে তেওঁক এতিয়ালৈ গ্ৰেপ্তাৰ কৰা নাই। লোক অপবাদ আৰু ধৰ্ষণকাৰীৰ ভাবুকি সহ্য কৰিব নোৱাৰি ভুক্তভোগী কিশোৰীগৰাকীৰ মাতৃয়ে ২০২৩ চনৰ ১৪ এপ্ৰিলৰ দিনা আত্মহত্যাৰ পথ বাচি লৈছিল। আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা ধৰ্ষণকাৰী সমুদ্ৰ ৰায়ক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছো।"

তেওঁ লগতে কয় - "আমি লক্ষ্য কৰি আহিছো যে বিজেপি দলৰ বেছিভাগ নেতাই নাৰী নিৰ্যাতন আৰু ধৰ্ষণৰ গোচৰত অভিযুক্ত। কিন্তু কোনো এগৰাকী ধৰ্ষণকাৰী বিজেপি নেতাক শাস্তি প্ৰদান নকৰা বাবে কিশোৰী ধৰ্ষণৰ দৰে জঘন্য ঘটনা বাঢ়িবলৈ ধৰিছে। বিজেপি নেত্ৰী ইন্দ্ৰানী তহবিলদাৰ মৃত্যুৰ লগত জড়িত বিজেপি নেতা আজিও মুকলি আকাশৰ তলত ঘূৰি আছে। "অৰ্ণমাই বৰা মোৰ মা" বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাৰ চকুৰ আগতেই অৰ্ণমাই বৰাৰ ধৰ্ষণকাৰী এতিয়া মুকলি আকাশৰ তলত ঘূৰি আছে। মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বিধায়ক মানব ডেকাই যৌন নিৰ্যাতন কৰা বুলি বিজেপি নেত্ৰী এগৰাকীয়ে গুৱাহাটীৰ বশিষ্ঠ থানাত গোচৰ দাখিল কৰিছিল। ভুক্তভোগী বিজেপি নেত্ৰীগৰাকীৰ মোবাইলত মানব ডেকাই পঠোৱা অশ্লীল ভিডিঅ’ আৰু মেছেজ আৰক্ষীৰ হাতত দাখিল কৰিছিল যদিও মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হোৱা বাবেই মানৱ ডেকাক আজিলৈকে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ফোনযোগে জয়া কলিতা নামৰ এগৰাকী যুৱতীক অশ্লীল ইংগিত দিয়া অডিঅ’ টেপ ভাইৰেল হোৱাৰ পিছতো অসম আৰক্ষীয়ে কোনো ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই। অসম আৰক্ষীৰ এনেকুৱা সোপাঢিলা কাৰ্যকলাপৰ বাবেই মহিলাৰ ওপৰত এনেকুৱা জঘন্য অপৰাধ সংঘটিত হৈ আছে।" 

মুখ্যমন্ত্ৰীয়ে অসমত নাৰী নিৰ্যাতন, ধৰ্ষণ কৰিবলৈ লাইচেন্স দিছে নেকি বুলি প্ৰশ্ন কৰি তেওঁ কয় - "বিজেপিৰ শাসন কালত ৰাজ্যিত দৈনিক গড়ে ৫টা আৰু মহানগৰীত এটা ধৰ্ষণৰ গোচৰ ৰুজু হয়।"

সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙে অসমত মহিলা সুৰক্ষাৰ বাবে নতুন আইন প্ৰণয়ন কৰিবলৈ দাবী জনায়। অসমত নাৰী সুৰক্ষাৰ বাবে বিশেষ আইনৰ প্ৰযোজনীয়তা নাই বুলি অসম আৰক্ষীয়ে ২৫ নৱেম্বৰত দাখিল কৰা শপতনামা গভীৰ উদ্বেগজনক বুলিও অভিহিত কৰে সিঙে।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment