লখিমপুৰত মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকা সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা


লখিমপুৰ,১৭ নৱেম্বৰ : সদৌ অসম প্ৰাথমিক তথা উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকা সন্থাৰ কেন্দ্ৰীয় সমিতিৰ এখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা আজি লখিমপুৰ নগৰত অনুষ্ঠিত হৈ যায় । কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সভাত উচ্চ ন্যায়ালয়ত ৰান্ধনী সকলৰ প্ৰাপ্য অধিকাৰৰ বাবে যোৱা ৬/০৭/২০২৩ তাৰিখে দাখিল কৰা গোচৰৰ সন্দৰ্ভত বিস্তাৰিত ভাৱে আলোচনা কৰে। উচ্চ ন্যায়লয়ত সন্থাই দাখিল কৰা গোচৰৰ ভিত্তিত যোৱা ৪/১১/২০২৪ তাৰিখে চৰকাৰী পক্ষই তেওঁলোকৰ শপতনামা দাখিল কৰিছে। এই শপতনামা দাখিলৰ লগে-লগে ৰান্ধনী সহায়িকা সন্থাই দাখিল কৰা গোচৰে ন্যায়লয় আৰু চৰকাৰৰ ওচৰত মান্যতা লাভ কৰি ৰন্ধনকৰ্মী সকলে ন্যায় লাভ কৰাৰ পথ প্ৰশস্ত হ'ল বুলি ৰান্ধনী সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা তৃষ্ণা নাথে জানিবলৈ দিয়ে। উপদেষ্টা নাথে লগতে কয় যে ৰন্ধনকৰ্মী সকলৰ প্ৰাপ্য অধিকাৰ আৰু মাননী বৃদ্ধিৰ বাবে বিগত বছৰ বছৰ ধৰি ৰাজপথত গণতান্ত্ৰিক আন্দোলন চলাই থকা হৈছিল। কিন্তু এই আন্দোলনৰ প্ৰতি তিলমানো সদিচ্চা চৰকাৰে দেখুওৱা পৰিলক্ষিত নহ'ল। গতিকে এই ৰাজপথৰ আন্দোলনৰ লগতে ৰান্ধনী আইমাতৃ সকলে ন্যায়ালয়ৰ ওচৰত ন্যায় বিচাৰি যাব লগা হল। আমি ভাবো উচ্চ ন্যায়লয়ে ৰান্ধনী আই সকলক ন্যায় প্ৰদান কৰিব। এই ৰাজপথৰ আন্দোলনৰ লগতে ৰান্ধনী আইমাতৃ সকলে ন্যায়ালয়ৰ ওচৰত ন্যায় বিচাৰি যাব লগা হল। আমি ভাবো উচ্চ ন্যায়লয়ে ৰান্ধনী আই সকলক অতি শীঘ্ৰেই ন্যায় প্ৰদান কৰিব। কাৰ্যনিৰ্বাহক সভাত সভাপতিত্ব কৰি সন্থাৰ সভানেত্ৰী সবিতা বড়োৱে বিভিন্ন ভাগত বিভক্ত হৈ থকা ৰন্ধনকৰ্মী সকলক একতাৰে থাকি ৰন্ধনকৰ্মী সকলৰ প্ৰাপ্য অধিকাৰৰ বাবে যুঁজ দিবলৈ আহ্বান জনায়।ন্যায়ালয়ে খুব কম সময়ৰ ভিতৰতে ৰন্ধনকৰ্মী সকলৰ দুখ দুৰ কৰি আনন্দৰ বতৰা দিব বুলি বড়োৱে উল্লেখ কৰে। আজিৰ এই কাৰ্যনিৰ্বাহক সভাখনত উদ্দেশ্যে ব্যাখ্যা আগবঢ়ায় সন্থাৰ সাধাৰণ সম্পাদক চুনিল ৰংপিয়ে। উক্ত কাৰ্যনিৰ্বাহক সভাত ১৪ খন জিলাৰ প্ৰতিনিধিৰ লগতে কেন্দ্ৰীয় সমিতিৰ প্ৰায় সকল বিষয়ববীয়া উপস্থিত থাকে। শেষত আজিৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰে যে ন্যায়লয়ৰ যুঁজৰ সমান্তৰালকৈ ৰাজপথটো গণতান্ত্ৰিক আন্দোলন অব্যাহত থাকিব। অহা ডিচেম্বৰ মাহৰ ১০ তাৰিখৰ পৰা মাৰ্চ মাহলৈকে ধাৰাবাহিক গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হ'ব। প্ৰথম মাহত প্ৰতিখন জিলা সদৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন হব।পৰৱৰ্তী সময়ত তিনিখন জিলা সন্মিলিত হৈ এখন জিলাৰ সদৰত উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দিনজোৰা প্ৰতিবাদ সাব্যস্ত কৰা হ'ব।অন্তিম পৰ্যায়ত কেন্দ্ৰীয় ভিত্তিত গুৱাহাটীত "জনতা ভৱন ঘেৰাও" কাৰ্যসূচী ৰূপায়ন কৰা হ'ব।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment