চৰ্চাত বিহালী সমষ্টি : কোনে মাৰিব শেষ হাঁহি



বিহালী,১৩ নৱেম্বৰঃ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি অসমৰ ভিতৰতে অধিক আলোচিত সমষ্টি হিচাপে পৰিগণিত হৈছে ৭৭ নং বিহালী (অনুসূচীত জাতি সংৰক্ষিত) বিধানসভা সমষ্টি। কাৰণ শাসকীয় দলৰ মন্ত্ৰী, বিধায়কে বিগত প্ৰায় এমাহ ধৰি বাহৰ পাতি আছিল বিহালী তথা বিশ্বনাথত। লক্ষ্য হৈছে বিহালী সমষ্টিৰ দলীয় প্ৰাৰ্থী দিগন্ত ঘাটোৱালক যিকোনো উপায়েৰে জয়ী কৰোৱা। মন্ত্ৰী পিযুষ হাজৰিকা বিগত দুমাহ ধৰি বিশ্বনাথৰ বিহালীত থাকি দলীয় কাম-কাজ, বিশেষকৈ বিজেপি দলৰ সাংগঠনিক দিশ চোৱাচিতা কৰি আহিছিল। মুঠতে বিহালীক এখন মিনি দিছপুৰ সদৃশ কৰি তুলিছিল বিজেপি চৰকাৰে। বিশেষকৈ যোৰহাট সংসদীয় সমষ্টিৰ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে বিহালীলৈ আহি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পাছতে অত্যধিক শংকিত হৈ পৰিছিল শাসনাধিষ্ঠিত গেৰুৱা দল। কংগ্ৰেছৰ  প্ৰাৰ্থী জয়ন্ত বৰাই দলীয় টিকট লাভ কৰাৰ পাছৰে পৰাই পৰাজয়ৰ আশংকাত টোপনি নহা বিজেপিৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ সাংসদ ৰঞ্জিৎ দত্তই নিজাববীয়াকৈ দলীয় প্ৰাৰ্থীত্ব প্ৰদান কৰা বিজেপি প্ৰাৰ্থী  দিগন্ত ঘাটোৱাৰক জিকাবলৈকে নহয় নিজৰ সন্মান আৰু বিজেপি চৰকাৰৰ সন্মান বচাবলৈহে উঠি পৰি লাগিছিল। আনকি বিহালীত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কোনো পূৰ্ব নিৰ্ধাৰিত সূচী নথকা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ো বিহালীত দুখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিলে। কেৱল আঁ‌চনিৰ ঘোষণা আৰু প্ৰতিশ্ৰুতিৰ বৰষুণ ঢালি যোৱা হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানকো চেৰ পেলাই ন-কংগ্ৰেছী তথা বিহালীৰ যুৱনেতা জয়ন্ত বৰাৰ উত্থানত থৰহৰি কম্পমান শাসনাধিষ্ঠিত বিজেপি চৰকাৰ তথা দল। সেয়ে বাঘা বাঘা ৰাজনৈতিক নেতা, মন্ত্ৰী, বিধায়ক আদিক একোটা পঞ্চায়তৰ দায়িত্ব অৰ্পণ কৰি নিৰ্বাচনী প্ৰচাৰ চলাই আহিছিল বিজেপিয়ে। তৎসত্বেও যেন ম্লান কৰিব পৰা নাই জয়ন্ত বৰাৰ ক্ৰমাগত উত্থানক। যাৰ বাবে জয়ন্ত বৰাৰ ব্যক্তিগত চাহ ফেক্টৰীত তালাচীৰ নামত হাৰাশাস্তি কৰিয়েই ক্ষান্ত নাথাকি নিৰ্বাচনৰ আগদিনাও জয়ন্ত বৰাৰ বিশ্বনাথ চাৰিআলিস্থিত 'হোটেল ৰয়েল পেলেচ'ত তালাচী চলায় আৰক্ষী তথা প্ৰশাসনে। অৱশ্যে কোনো আপত্তিজনক তথ্য পোৱা নাই বুলি জানিব পৰা গৈছে। শেহতীয়া তথ্য মতে বিহালী বিধানসভা সমষ্টিৰ ১৭ খন গাঁ‌ও পঞ্চায়তৰ প্ৰতিটোতে কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাই নিজৰ সমৰ্থন আদায় কৰিব পাৰিছে। ২০২১ চনৰ বিধানসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰা জয়ন্ত বৰাই ২২ হেজাৰৰো অধিক ভোট লাভ কৰি দ্বিতীয় স্থান লাভ কৰিছিল। সেইবাৰ ৰঞ্জিত দত্ত জয়ী হৈছিল। কিন্তু একান্ত ব্যক্তিগত ভাৱমূৰ্তিৰে উজ্বলি উঠা জয়ন্ত বৰাই বিজেপি  প্ৰাৰ্থী দিগন্ত ঘাটোৱালক হৰুৱাবৰ উপক্ৰম হোৱাত, দিকবিদিক হেৰুৱাইছে বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰ আৰু সাংসদ ৰঞ্জিত দত্ত আৰু বিজেপি দলে। এসময়ত বিজেপিয়ে বিহালী সমষ্টিৰ পৰাই অসমত ৰাজনৈতিক অভিষেক ঘটাইছিল, য'ত প্ৰথম বাৰৰ বাবে ৰঞ্জিত দত্তই জয়লাভ কৰিছিল আৰু এটা কাৰ্যকালৰ বাহিৰে চাৰিটা নিৰ্বাচনতে বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত জয়ী হৈছিল। এতিয়া গৌৰৱ গগৈৰ অসাধাৰণ বুদ্ধিদীপ্ততা, মধুৰ বচন আৰু ব্যৱহাৰেৰে মানুহৰ মন জয় কৰিবলৈ সক্ষম হোৱাত পৰাজয়ৰ আশংকাত ভুগিছে টীম বিজেপি। চাহ বাগিচাৰ ভোটাৰ, ইছলাম ধৰ্মীয় ভোটাৰ, কাৰ্বি, বড়ো, মিচিং সম্প্ৰদায়, গোৰ্খা আৰু ভাষিক অসমীয়া ভোটাৰে নিৰ্ণায়ক ভূমিকা ল'ব লগা বিহালী বিধানসভা সমষ্টিত কোনে শেষ হাঁহি মাৰিব সেয়া ফলাফলতহে জানিব পৰা যাব।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment