গুৱাহাটী,১২ নবেম্বৰ : জল শক্তি দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী চি আৰ পাটিলে আজি গুৱাহাটীত ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ ত্ৰয়োদশ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা ব'ৰ্ডৰ বৈঠকত সভাপতিত্ব কৰাৰ লগতে দুদিনীয়াকৈ অনুষ্ঠিত স্প্ৰিংশ্বেড মেনেজমেণ্ট ৱৰ্কশ্বপ ২০২৪ উদ্বোধন কৰে। উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা বৈঠকত ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ কৌশলগত লক্ষ্যসমূহ পূৰণ কৰাৰ অৰ্থে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে পৰ্যালোচনা কৰা হয়। যাৰ ভিতৰত আছে এক কৌশলগত পৰিৱৰ্তনৰ পৰিকল্পনা, নিযুক্তি তথা ডেপুটেচন নীতিৰ পৰ্যালোচনা, দূৰৱৰ্তী কামৰ বাবে উপযুক্ত ব্যৱস্থা, বেচিন আৰু উপ-অৱবাহিকা মাষ্টাৰ প্লেনৰ মূল্যায়ন আৰু ই এফ চি-অনুমোদিত নদী অৱবাহিকা ব্যৱস্থাপনা পুঁজিৰ কাৰ্যকৰী ব্যৱহাৰ আদি। বৈঠকত ব'ৰ্ডৰ কাৰ্যকৰী ক্ষমতা বৃদ্ধিৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। উন্নত পৰ্যৱেক্ষণ আৰু প্ৰকল্প কাৰ্যকৰীকৰণৰ বাবে ব'ৰ্ডৰ মুখ্য কাৰ্যালয়ত এটা কেন্দ্ৰীয় পৰিকল্পনা গোট (চি পি ইউ) আৰু প্ৰকল্প ব্যৱস্থাপনা গোট (পি এম ইউ) স্থাপন কৰাৰ প্ৰস্তাৱতো অনুমোদন জনোৱা হয়। ইয়াৰ উপৰি তথ্য প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা, ডাটা ব্যৱস্থাপনা, মিডিয়া আৰু যোগাযোগ, নিৰীক্ষণ আৰু মান ব্যৱস্থাপনা, জি আই এছ আৰু ৰিম'ট চেঞ্চিং তথা ইণ্টাৰনেটিঅ'ৰ বিষয়ত বিশেষ কোষ গঠনৰ বিষয়তো আলোকপাত কৰা হয়। মন্ত্ৰীগৰাকীয়ে জল সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি পূৰণৰ জৰুৰী প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰি কয় - "আমাৰ সকলোৱে আমাৰ পানীৰ উৎস সংৰক্ষণ আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে সেইবোৰ সুৰক্ষিত কৰাৰ বাবে সেইবোৰ বুদ্ধিমত্তাৰে পৰিচালনা কৰাৰ বিষয়ত গুৰুত্ব দিয়াৰ সময় আহি পৰিছে। প্ৰধানমন্ত্ৰীয়ে নিৰন্তৰভাৱে পানী সংৰক্ষণৰ বিষয়টোক অগ্ৰাধিকাৰ দি আহিছে, যিটো এতিয়া সময়ৰ প্ৰয়োজনীয়তা হৈ পৰিছে।" জল শক্তি মন্ত্ৰালয়ৰ অধীনত অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা আৰু নাগালেণ্ডৰ জলসম্পদ আৰু সম্পৰ্কিত খণ্ডৰ জ্যেষ্ঠ বিষয়া আৰু মন্ত্ৰীসকলে এই উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰে।
আনহাতে দিনটোৰ আৰম্ভণিতে ব্ৰহ্মপুত্ৰ ব'ৰ্ডে আয়োজন কৰা দুদিনীয়া স্প্ৰিংশ্বেড ব্যৱস্থাপনা সম্পৰ্কীয় কৰ্মশালাখন মন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰে। যিয়ে নিজৰাৰ সংৰক্ষণ আৰু বহনক্ষম জল সম্পদ ব্যৱস্থাপনাৰ ৰণনীতিৰ বিষয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অংশীদাৰসকলক উৎসাহিত কৰিব। এই কৰ্মশালাই উদ্ভাৱনীমূলক পানী সংৰক্ষণৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথাকে পুনৰবাৰ প্ৰতিফলিত কৰিছে। কৰ্মশালাখনৰ উদ্দেশ্য হৈছে বহনক্ষম জল সম্পদ ব্যৱস্থাপনা গ্ৰহণ কৰা আৰু নিজৰাবোৰে সন্মুখীন হোৱা বৰ্ধিত প্ৰত্যাহ্বানৰ মোকাবিলা কৰা। কাৰণ এনে নিজৰা সমূহেই বহুতো সম্প্ৰদায়ৰ বাবে অত্যাৱশ্যকীয় খোৱাপানীৰ উৎস হিচাপে কাম কৰি আহিছে। ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ অধ্যক্ষ ড০ ৰণবীৰ সিঙে বহু সম্প্ৰদায়ৰ জীৱনৰেখা হিচাপে পৰিগণিত হোৱা নিজৰাৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰে আৰু সেইবোৰৰ প্ৰতি অহা ভাবুকিৰ কথা উল্লেখ কৰে। তেওঁ কৰ্মশালাখনক নিজৰাবোৰে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰা, নিজৰাবোৰক পুনৰ শক্তি প্ৰদান কৰা আৰু বহনক্ষম ব্যৱস্থাপনাৰ বাবে সহযোগিতামূলক ৰণনীতি প্ৰস্তুত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত কৰে।

0 Comments:
Post a Comment