গুৱাহাটীত ভাৰতীয় অটোলেৰিংগলজিষ্ট এছচিয়েশ্যনৰ প্ৰথমখন মাণ্ডলিক সভা


গুৱাহাটী,১ ডিচেম্বৰ : দেশৰ মহিলা ই এন টি চাৰ্জন সকলৰ আগশাৰীৰ মঞ্চ ভাৰতীয় অটোলেৰিংগলজিষ্ট এছচিয়েশ্যনৰ (ডব্লিউ এ অ আই) প্ৰথমখন মাণ্ডলিক সভা ইয়াৰ আয়োজক সভানেত্ৰী অধ্যাপক ডাঃ স্বাগতা খান্নাৰ নেতৃত্বত গুৱাহাটীৰ স্বাগত ছুপাৰস্পেচিয়েলিটি চাৰ্জিকেল ইনষ্টিটিউটত অনুষ্ঠিত হয়। অটোলেৰিংগলজীৰ ক্ষেত্ৰখনত মহিলা বিশেষজ্ঞসকলৰ সবলীকৰণৰ ক্ষেত্ৰত এই আগশাৰীৰ অনুষ্ঠানটোৱে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ জ্যেষ্ঠ মহিলা ই এন টি চাৰ্জনসকলে অলপতে দিল্লীৰ এপল হাস্পতালত অনুষ্ঠিত এক আলোচনা চক্ৰৰ সময়ত ডব্লিউ এ অ আই গঠন কৰে। এয়া সংস্থাটোৰ প্ৰতিষ্ঠাপক সভানেত্ৰী তথা দেশৰ আগশাৰীৰ ৰবটিক ই এন টি অস্ত্ৰোপচাৰ বিশেষজ্ঞ চিকিৎসক ডাঃ কল্পনা নাগপালে ডব্লিউ এ অ আইক এই ক্ষেত্ৰখনৰ সৈতে জড়িত মহিলা চিকিৎসক সকলৰ বাবে সমন্বয় আৰু উন্নতিৰ এক মঞ্চ হিচাপে কৰা কল্পনাৰ প্ৰতিফলন। মাণ্ডলিক সভাত ৭০ গৰাকীৰো অধিক মহিলা ই এন টি চাৰ্জনে অংশ গ্ৰহণ কৰে। দিনজোৰা কাৰ্যসুচীৰে হোৱা সভাত  কাণ, নাক আৰু ডিঙিৰ ৰোগৰ শেহতীয়া চিকিৎসা পদ্ধতিৰ অগ্ৰগতি, "হেড এন্ড নেক"ৰ অস্ত্ৰোপচাৰৰ উদ্ভাৱনসমূহৰ লগতে ৰবটিক অস্ত্ৰোপচাৰৰ কৌশলৰ শেহতীয়া উন্নয়ন আদি বিভিন্ন বিষয় সামৰি লোৱা হয়। অনুষ্ঠানৰ আৰম্ভণিতে এক চমু অথচ সজীৱ উদ্বোধনী অনুষ্ঠানৰো আয়োজন কৰা হয়। অনুষ্ঠানত প্ৰতিষ্ঠিত উদ্যোগী জাহ্নবী ফুকনে বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে। ভাষণ প্ৰসংগত জাহ্নবী ফুকনে এই পদক্ষেপক প্ৰশংসা কৰি কয় যে ডব্লিউ এ অ আই গঠনে চিকিৎসা ক্ষেত্ৰখনত মহিলাসকলৰ ক্ৰমবৰ্ধমান নেতৃত্বক প্ৰতিফলিত কৰিছে। তেওঁ নিজৰ উদ্যোগীকৰণ যাত্ৰাৰ বিষয়েও ভাষনত উল্লেখ কৰে। আয়োজক সভানেত্ৰী অধ্যাপিকা ডাঃ স্বাগতা খান্নাই মহিলা ই এন টি অস্ত্ৰোপচাৰ বিশেষজ্ঞসকলৰ বাবে এক উৎসৰ্গিত মঞ্চৰ প্ৰয়োজনীয়তাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় - “মহিলা অস্ত্ৰোপচাৰ বিশেষজ্ঞসকলে মূলসুঁতিৰ ই এন টি মঞ্চত প্ৰায়েই সীমিত প্ৰতিনিধিত্বৰ সুযোগ লাভ কৰে। এই পদক্ষেপৰ লক্ষ্য হৈছে সেই ব্যৱধান দূৰ কৰা, জ্ঞান-বিনিময়, সহযোগিতা আৰু এই ক্ষেত্ৰত থকা মহিলাসকলৰ বিশেষজ্ঞতা প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰা।” ভাষন প্ৰসংগত তেওঁ ৰাজ্যৰ অৰ্ধেক সংখ্যক চিকিৎসা মহাবিদ্যালয়ত মহিলাৰ নেতৃত্বত ই এন টি বিভাগ থকা অসমৰ মহিলা অস্ত্ৰোপচাৰ বিশেষজ্ঞসকলৰ উল্লেখযোগ্য অৱদানৰ ওপৰতো আলোকপাত কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment