বাংলাদেশত হিন্দু নিৰ্যাতন : লখিমপুৰত তীব্ৰ প্ৰতিবাদ হিন্দু যুৱ পৰিষদৰ


লখিমপুৰ,২ ডিচেম্বৰ : সদৌ অসম হিন্দু যুৱ পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আৰু আঞ্চলিক সমিতি সমূহৰ সহযোগত বাংলাদেশত  হিন্দুৰ ওপৰত হৈ থকা অকথ্য নিৰ্যাতনৰ প্ৰতিবাদত আজি বাংলাদেশ চৰকাৰৰ মুখ্য উপদেষ্টা নবেল পুৰস্কাৰ জয়ী উইনুছৰ পুত্তলিকা আৰু বাংলাদেশৰ পতাকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰা হয়। শ্বেখ হাচিনা চৰকাৰৰ পতনৰ পাছতেই দেশখনত উগ্ৰ মৌলবাদী সকলে দৈনিক সহজ সৰল সনাতনী হিন্দু ধৰ্মৰ লোকক নিৰ্যাতন চলোৱাতো এতিয়া নিচাত পৰিনত হৈছে বুলি পৰিষদৰ কেন্দ্রীয় সমিতিৰ সাধাৰণ সম্পাদক সম্ভূ সিংহই ক্ষোভ প্ৰকাশ কৰে । তেওঁ কয়- "শান্তিৰ নবেল জয়ী উইনুছৰ প্ৰকৃত চৰিত্ৰ এতিয়াহে জনতাই দেখা পাইছে । হিন্দুৰ ওপৰত নিৰ্যাতন কোনো প্ৰকাৰে সহ্য কৰা নহ'ব লাগিলে তেওঁ যি দেশৰে নাগৰিক নহওক কিয়।" পৰিষদে বাংলাদেশৰ কোম্পানীৰ সকলো সামগ্ৰী ৰাইজক বৰ্জন কৰিবলৈ আহ্বান জনোৱাৰ লগতে ব্যৱসায়ীসকলকো মজুত থকা বাংলাদেশৰ সামগ্ৰীৰ এসপ্তাহৰ ভিতৰত বিক্ৰী কৰি শেষ কৰাৰ  আহ্বান জনায় । হিন্দু যুৱ পৰিষদে বান্ধি দিয়া সময় উকলি যোৱাৰ পাছত পৰিষদৰ কাৰ্য্যকৰ্তা সকলে দোকানে দোকানে গৈ বাংলাদেশী কোম্পানীৰ সামগ্ৰী জব্দ কৰি সেইবোৰ ৰাজহুৱা স্থানত দাহ কৰিব । ভাৰতক বজাৰ হিচাপে লৈ সেই টকাৰে হিন্দুৰ নিধন কৰি নোৱাৰিব বাংলাদেশে। বাংলাদেশ সন্মিলিত সনাতনী জাগৰণ মঞ্চৰ চিন্ময়কৃষ্ণ দাসৰ লগতে ইস্কনৰ তিনিগৰাকী ভক্তক বিনাচৰ্তে বাংলাদেশ চৰকাৰে মুকলি কৰি দিয়া দাবী জনাই প্ৰতিবাদকাৰীসকলে। অন্যথা ভাৰতত বাংলাদেশৰ কোনো সামগ্ৰীৰ চলিবলৈ দিয়া নহ’ব বুলি হুংকাৰ দিয়ে। আজিৰ এই কাৰ্যসূচীত  কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি দিপাঞ্জল সোনোৱাল, সাধাৰণ সম্পাদক সম্ভূ সিংহ উপস্থিত থাকে । নেতৃত্ব প্ৰদান কৰে লখিমপুৰ জিলা সমিতিৰ সভাপতি বকুল শইকীয়া, সাধাৰণ সম্পাদক  উৎপল ৰাজখোৱা, উপ সভাপতি গোবিন গৰিয়াল, প্ৰচাৰ সম্পাদক প্ৰণৱ পাচনীৰ লগতে উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ সভাপতি ৰাজীৱ শইকীয়া আৰু সাধাৰণ সম্পাদক মমিন শইকীয়াই।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment