গুৱাহাটী,৫ ডিচেম্বৰ : অৱশেষত সকলো জল্পনা-কল্পনাৰ অৱসান ঘটিল। এজন-দুজন নহয় মুঠ চাৰিগৰাকী বিধায়কে লাভ কৰিব মন্ত্ৰীত্বৰ দায়িত্ব। দীৰ্ঘদিন ধৰি মন্ত্রীসভাৰ সম্প্ৰসাৰণকলৈ চলি অহা চৰ্চাৰ অৱসান ঘটাই আজি বিয়লি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে মন্ত্রীত্ব লাভ কৰিবলগীয়া চাৰিগৰাকী বিধায়কৰ নাম ঘোষণা কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেত়ৃত্বাধীন অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ অহা ৭ ডিচেম্বৰত হ’ব বুলি ঘোষণা কৰাৰ পাছতে কোনে কোনে মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰিব আৰু কেইজন বিধায়কে দায়িত্ব লাভ কৰিব তাক লৈ বিভিন্ন চৰ্চা চলিছিল। এই চৰ্চাৰ মাজতে আজি হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ মন্ত্ৰী হিচাপে দায়িত্ব ল’বলগীয়া বিধায়কসকলৰ নাম ঘোষণা কৰে। মুখ্যমন্ত্রীয়ে ঘোষণা কৰা অনুসৰি ৭ ডিচেম্বৰৰ দিনৰ ১২ বজাত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকন, কৌশিক ৰায়, কৃষ্ণেন্দু পাল আৰু ৰূপেশ গোৱালাই। উল্লেখ্য যে বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৭ ডিচেম্বৰৰ দিনৰ ১২ বজাত অসম মন্ত্ৰীসভাৰ সৰু সম্প্ৰসাৰণ হ’ব বুলি ঘোষণা কৰাৰ পাছতে আজি চাৰিগৰাকীৰ নাম ঘোষণা কৰে। বিগত কেইদিন ধৰি দিল্লীত বাহৰ পতা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ সৈতে হোৱা আলোচনাৰ অন্তত কেইজন বিধায়কে স্থান লাভ কৰিব সেই বিষয়ে জনাব বুলি কৈছিল। সেই অনুসৰিয়েই আজি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানৰ সময়তে জে পি নাড্ডাৰ সৈতে আলোচনাৰ পাছত তেওঁ নতুনকৈ চাৰিগৰাকী বিধায়কক মন্ত্ৰী হিচাপে দায়িত্ব প্ৰদান কৰাৰ কথা ঘোষণা কৰে। নতুন চাৰিগৰাকী মন্ত্ৰীক লৈ অসম মন্ত্ৰীসভাৰ মুঠ সদস্য হ'বগৈ ১৮ জন। মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বৰে পৰা বৰাকৰ এজন বিধায়কে মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰিব বুলি ঘোষণা কৰি আহিছিল যদিও আজি তেওঁ মন্ত্ৰীসভাত বৰাকৰ দুজন বিধায়কক স্থান দিয়া পৰিলক্ষিত হয়। পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল আৰু লক্ষীপুৰৰ বিধায়ক কৌশিক ৰয়ে নতুনকৈ মন্ত্ৰীসভাত স্থান লাভ কৰিছে। আনহাতে চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাৰো ভাগ্য উদয় হ'ল। ইফালে দলৰ জ্যেষ্ঠ নেতা প্ৰশান্ত ফুকনৰ নাম মন্ত্ৰী হিচাপে ঘোষণা কৰাৰ বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। সুদীৰ্ঘ দিন ধৰি ডিব্ৰুগড় বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি অহা প্ৰশান্ত ফুকনে বিজেপি প্ৰথমবাৰৰ বাবে ক্ষমতালৈ অহাৰ সময়তে মন্ত্ৰীত্ব লাভ কৰিব বুলি আশা কৰিছিল যদিও বাৰে বাৰে তেওঁ বঞ্চিত হৈ আহিছিল। লক্ষণীয় বিষয় যে এইবাৰো প্ৰশান্ত ফুকনৰ নামটো চৰ্চাত নাছিল যদিও মুখ্যমন্ত্ৰীয়ে তেওঁৰ নাম মন্ত্ৰী হিচাপে ঘোষণা কৰিছে।
সামজিক মাধ্যম যোগে মুখ্যমন্ত্রীয়ে কয় - "অহা ৭ ডিচেম্বৰৰ দিনৰ ১২ বজাত আমাৰ অসম মন্ত্ৰীসভাত তলত উল্লেখ কৰা সহকৰ্মীসকলে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব বুলি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ৷
১) প্ৰশান্ত ফুকন, বিধায়ক
২) কৌশিক ৰায়, বিধায়ক
৩) কৃষ্ণেন্দু পাল, বিধায়ক
৪) ৰূপেশ গোৱালা, বিধায়ক
আটাইকেইগৰাকীলৈ মোৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ৷"

0 Comments:
Post a Comment