জাতীয়তাবাদী যুৱ পৰিষদৰ অষ্টম অষ্টম দ্বি বাৰ্ষিক অধিবেশন আৰু অসম দিৱস উদযাপন



লখিমপুৰ,২ ডিচেম্বৰ : অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ "অষ্টম দ্বি-বার্ষিক অধিৱেশন আৰু অসম দিৱস' তিনিদিনীয়া কাৰ্যসূচীৰে  লখিমপুৰ ত্যাগ ক্ষেত্ৰত উদযাপন কৰে। ৩০ নৱেম্বৰ আৰু ১, ২ ডিচেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অধিবেশনৰ আজি তৃতীয় দিনা অসম দিৱসটি উদযাপন কৰা হয়। এইবাৰো অধিৱেশনৰ লগতে বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা, সাহিত্য আৰু সাংস্কৃতিক প্রতিযোগিতা, বিশিষ্ট শিক্ষাবিদ, সমাজকর্মী সাহিত্যিকৰ লগতে বিভিন্ন জাতীয়, জনগোষ্ঠীয় দল সংগঠনৰ নেতৃত্বৰ উপস্থিতিত মুকলি সভা আয়োজন কৰা হয়। পুৱা দিনৰ ১০ বজাত ত্যাগ ক্ষেত্ৰত চাওলুং চুকাফা, কমলা মিৰি, বীৰ চিলাৰায়ৰ স্থায়ী  প্ৰতিমূৰ্তিত মাল্য অৰ্পণ কৰাৰ পাছতে দিনৰ ১২ বজাত লখিমপুৰ নগৰৰ মাজেৰে অসম দিৱস উপলক্ষে সমন্বয় শোভাযাত্ৰা উলিওৱা হয় । এই শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে জিলা আৰক্ষী অধীক্ষক মিহিৰজিত গায়নে। গায়ন বায়ন আৰু দুটা হাতীৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীয়ে অংশ গ্ৰহণ কৰা শোভাযাত্ৰাত সংস্কৃতিক কৰ্মী ৰহান দলে অংশ গ্ৰহণ কৰে। বিয়লি মুকলি সভাৰ লগতে বঁটা বিতৰণি সভাখনি অনুষ্ঠিত হয়। পৰিষদৰ জিলা সমিতিৰ সভাপতি হৰেন বৰুৱাই উক্ত সভাত সভাপতিত্ব কৰে। উক্ত সভাত বৰ অসম সমন্বয় বঁটা ২০২৪ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাক আনুষ্ঠানিক ভাৱে প্ৰদান কৰে জাতীয়তাবাদী যুৱ পৰিষদ আৰু জিলা সাহিত্য সভাই। এই বঁটাত আছে নগদ ২৫ হেজাৰ টকা, এখন হেংদাং , অংগ বস্ত্ৰ, স্মাৰক, শৰাই আৰু গামোচা। অনুষ্ঠানত স্মৃতিগ্ৰন্থ বৰ অসম উন্মোচন কৰা হয়। স্মৃতিগ্ৰন্থ উন্মোচন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ ক্রীড়া সম্পাদক সীমান্ত নেওগে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment