‘বীৰ বাল দিৱস’ত আকবৰ আৰু বীৰবলৰ ফটো : তীব্ৰ প্ৰতিক্ৰিয়া


লখিমপুৰ,২৮ ডিচেম্বৰঃ লখিমপুৰ জিলাৰ সান্দহখোৱাত বৃহস্পতিবাৰে নাওবৈচা মণ্ডল সমিতিয়ে অনুষ্ঠিত কৰে 'বীৰ বাল দিৱস' উপলক্ষে এখন সভা। খৰাপথাৰ সন্মিলিত যুৱক সমাজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাখনৰ আঁত ধৰে বিজেপিৰ জিলা সভাপতি ফণীধৰ বৰুৱাই। এই সভাখনতে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাইয়ো অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে। লক্ষণীয় বিষয় যে সভাখনত আকবৰ-বীৰবলৰ ফটো আঁৰি বিজেপিয়ে ‘বীৰ বাল দিৱস’ দিৱস অনুষ্ঠিত কৰে। যাক লৈ এতিয়া  লখিমপুৰৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। গুৰু গোবিন্দ সিঙৰ মাতৃ আৰু দুই পুত্ৰৰ সাহিসকতাক স্মৰণ কৰি অনুষ্ঠিত কৰা ‘বীৰ বাল দিৱস’ৰ বেনাৰত মোগল সম্ৰাট আকবৰ আৰু বীৰবলৰ ফটো অঁৰা কাৰ্যক লখিমপুৰ জিলা বিজেপিক সকলোৱে তীব্ৰ সমালোচনা কৰিছে৷ ‘বীৰ বাল দিৱস’ৰ তাৎপৰ্য নজনা সাংসদ প্ৰদান বৰুৱা আৰু জিলা সভাপতি ফণীধৰ বৰুৱাৰ কাৰ্যক লৈ তীব্ৰ চৰ্চা হৈছে। মোগলৰ নাম শুনিব নিবিচৰা বিজেপিৰ নাওবৈচা মণ্ডলৰ সভাই হাস্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে ১৭০৫ চনত মোগলে দিয়া ধৰ্মান্তৰকৰণৰ প্ৰস্তাৱ প্ৰত্যাখান কৰি দেশ আৰু পৰম্পৰা ৰক্ষাৰ বাবে মৃত্যুক আকোৱালি লৈছিল জ’ৰাবৰ সিং আৰু বাবা ফাটেহ সিঙে৷ উক্ত দুয়ো শিশুৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি ২০২২ চনত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ দিনটো ‘বীৰ বাল দিৱস’ হিচাপে উদযাপন কৰাৰ কথা ঘোষণা কৰিছিল৷ কিন্তু এই দুয়ো বিজেপি নেতাৰ উপস্থিতিত নাওবৈচা মণ্ডলত এনেদৰে ‘বীৰ বাল দিৱস’ অনুষ্ঠিত কৰা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ এই কথাই সকলোকে ভবাই তুলিছে যে বিজেপিয়ে আচলতে বীৰ বাল দিৱস নে বীৰবল দিৱস পাতিলে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment