ৰাজ্যৰ অপাদেশিকৃত বিদ্যালয়সমূহে নতুন বছৰতে পাব ভাল খবৰ : মন্ত্ৰী ডাঃ ৰণোজ পেগু


লখিমপুৰ,২৮ ডিচেম্বৰ : "ৰাজ্যৰ অপাদেশিকৃত বিদ্যালয় সমূহে নতুন বছৰতে ভাল খবৰ পাব। ৰাজ্যৰ   মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে টুইটাৰত এই কথা উল্লেখ কৰিছে। কিছু আইনী মেৰপেছ থকাৰ এই ক্ষেত্ৰত কিছু পলম হৈছে। বি টি আৰৰ অপাদেশিকৃত বিদ্যালয়েও পাব ভাল খবৰ।" - এই মন্তব্য শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ। লখিমপুৰত অনুষ্ঠিত হৈ থকা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক অধিবেশনত ভাগ লৈ শনিবাৰে এই মন্তব্য কৰে  শিক্ষামন্ত্ৰী গৰাকীয়ে। উলেখ্য যে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ ৰাজ্যিক অধিবেশন লখিমপুৰ চহৰৰ মনিকাঞ্চন সমন্বয় ক্ষেত্ৰত ২৭ৰ পৰা ২৯ ডিচেম্বৰলৈ তিনিদিনীয়া ব্যাপক কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। আজি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে অনুষ্ঠানত ইয়াত ভাগ লৈ ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০, ভাৰত কেন্দ্ৰীক শিক্ষা আদিৰ ওপৰত বিষদ ভাৱে আলোকপাত কৰি ছাত্ৰ ছাত্ৰী সকলক কেৱল মাত্ৰ পৰীক্ষা কেন্দ্ৰীয় শিক্ষাব্যৱস্থাৰ পৰিবৰ্তে এক বৃহৎ অৰ্থত অধ্যয়ন কৰিবলৈ আহ্বান জনায়। আনহাতে দুপৰীয়া ভাগৰ ৰোল মডেল সত্ৰত অসমৰ ভিন ভিন তিনিটা ক্ষেত্ৰত উজনি উঠা তিনি গৰাকী বিশেষ ব্যক্তি উপস্থিত থাকে। সাংবাদিক ক্ষেত্ৰৰ পৰা অবয়ৱ ভূঞা, বাহুবলী কণীৰ মেনেজিং ডাইৰেক্টৰ আকাশ জ্যোতি গগৈ, অসম অসামৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৰুবু বৰা এই সত্ৰত বিশেষ ভাৱে উপস্থিত থাকে। বিয়লি  লখিমপুৰ চহৰৰ মাজ মজিয়াৰে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। য'ত বিদ্যাৰ্থী পৰিষদৰ প্ৰায় সহস্ৰাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। শোভাযাত্ৰাত অসমৰ প্ৰতিখন জিলাৰ পৰা অহা প্ৰতিনিধি সমূহে অংশগ্ৰহণ কৰি শোভাযাত্ৰাটি সফল কৰি তোলে। শোভাযাত্ৰাৰ অন্তত লখিমপুৰ চহৰত পথত এক মুকলি সভাৰ আয়োজন কৰা হয় য'ত বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সম্পাদক কমলেশ সিং, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সভাপতি ৰীতামণি বৈশ্য, ৰাজ্যিক সম্পাদক হেৰল্ড মহন, গুৱাহাটী আৰু অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতিদ্বয় প্ৰমূখে অসম বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ নেতা সকলে অংশগ্ৰহণ কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment