গুৱাহাটী,৬ ডিচেম্বৰ : "প্ৰকৃতি আইৰ আশীৰ্বাদপুষ্ট মনোমোহা উত্তৰ-পূৰ্বাঞ্চল অঞ্চলটো এন ডি এ চৰকাৰ শাসনলৈ অহাৰ পূৰ্বে কংগ্ৰেছ চৰকাৰে বহু দিন ধৰি উপেক্ষা কৰি আহিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত দশক দশক ধৰি অৱহেলা, দুৰ্নীতি আৰু হিংসাজৰ্জৰ এই অঞ্চলটোত আমূল পৰিৱৰ্তন ঘটিছে। বিগত এক দশকজোৰা পৰিৱৰ্তনত উত্তৰ-পূবত নতুন শক্তি-সম্ভাৱনাৰ সৃষ্টি হৈছে। এতিয়া আত্মবিশ্বাসী ইয়াৰ জনসাধাৰণে আগৰ দৰে উপেক্ষিত অনুভৱ নকৰে আৰু তেওঁলোকে দেশৰ মূলসুঁতিৰ সৈতে একাত্ম হৈ আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ প্ৰচেষ্টাত কাম কৰি আছে। এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুশাসন আৰু উন্নয়নমূলক ৰাজনীতিৰে উত্তৰ-পূবক ভাৰতৰ নতুন বিকাশ ইঞ্জিন হিচাপে পুনৰুজ্জীৱিত কৰাৰ এক সুনিপুণ ৰণনীতি।" - এই মন্তব্য কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ। শুকুৰবাৰে দিল্লীত সংবাদমেল সম্বোধন কৰি সোণোৱালে কয় - "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এন ডি এ চৰকাৰে সদায় উত্তৰ-পূব ভাৰতক অগ্ৰাধিকাৰ দি আহিছে। ২০১৪ চনৰ পৰা অঞ্চলটোত বাজেট ব্যয় ৩০০ শতাংশতকৈ অধিক বৃদ্ধি কৰিছে। ২০১৪ চনত ৩৬,১০৮ কোটি টকাৰ বিপৰীতে ২০২৩-২৪ বিত্তীয় বৰ্ষত অঞ্চলটোৰ বাবে বাজেটত ৯৪,৬৮০ কোটি টকা ব্যয় কৰা হৈছে। আন্তঃগাঁথনিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণত ২৮ শতাংশ উল্লেখযোগ্য বৃদ্ধি হৈছে। পূৰ্বৰ মাত্ৰ ৯৪ কোটি টকাৰ পৰা বৰ্তমানৰ ২,৪৯১ কোটি টকালৈ আন্তঃগাঁথনি উন্নয়নত সৰ্বাধিক ২৬ গুণ বৃদ্ধি কৰা হৈছে। যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ বাবে প্ৰতি বছৰে ১৯৩ কিলোমিটাৰৰো অধিক ৰে'ল লাইন সম্প্ৰসাৰিত কৰা হৈছে। অঞ্চলটোৰ বাবে ৰে'ল বাজেট ৩৭০ শতাংশ বৃদ্ধি হৈছে। অঞ্চলটোত ব্ৰডগজৰ ১০০ শতাংশ বৈদ্যুতিকৰণৰ প্ৰচেষ্টা পূৰ্ণগতিত অব্যাহত আছে। কংগ্ৰেছ শাসনৰ অধীনত বিগত ৬০ বছৰত অঞ্চলটোত মাত্ৰ ৯টা কাৰ্যকৰী বিমানবন্দৰ আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত এক দশকৰো কম সময়ৰ ভিতৰতে অঞ্চলটোত ১৭টা কাৰ্যকৰী বিমানবন্দৰ আছে। ৭,০০০ৰো অধিক গাঁৱত পাইপযোগে খোৱাপানীৰ সুবিধা প্ৰদান কৰা হৈছে। জৈৱিক কৃষিৰ প্ৰসাৰৰ লক্ষ্যৰে ১.৫৫ লাখ হেক্টৰৰ অধিক ভূমি ব্যৱহৃত হৈছে। ৪,০১৬ কিলোমিটাৰৰো অধিক পথ প্ৰকল্প চলি আছে।"
জলপথৰ পুনৰুজ্জীৱিতকৰণৰ ক্ষেত্ৰত কৰা কামৰ কথা উল্লেখ কৰি সোণোৱালে কয় - "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ আভ্যন্তৰীণ জলপথসমূহক পৰিবহণৰ এক শক্তিশালী বিকল্প মাধ্যম হিচাপে পুনৰুজ্জীৱিত কৰাৰ বাবে সদায় গুৰুত্ব প্ৰদান কৰি আহিছে। উত্তৰ-পূব ভাৰতৰ সমৃদ্ধ নদী প্ৰণালীসমূহ আভ্যন্তৰীণ জলপথৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সফলতাৰ কাহিনী হৈ উঠিছে। ৰাষ্ট্ৰীয় জলপথ-২ অৰ্থাৎ ব্ৰহ্মপুত্ৰক বংগোপসাগৰৰ জৰিয়তে বিশ্বৰ সৈতে বাণিজ্য কৰিবলৈ ব্যৱহাৰ কৰাৰ প্ৰয়াস কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত আমি ভাৰত-বাংলাদেশ প্ৰট'কল ৰুট (আইবিপিআৰ)ৰ জৰিয়তে এই পথটো পুনৰুজ্জীৱিত কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ সহায়ত বাংলাদেশ, ভূটান আৰু নেপালৰ দৰে চুবুৰীয়া দেশসমূহৰ লগত বাণিজ্যৰ সুবিধা বৃদ্ধি কৰা হৈছে। উত্তৰ-পূবৰ জলপথৰ বিকাশৰ বাবে আন্তঃগাঁথনিৰ বিকাশ, নদী পৰ্যটন বৃদ্ধি আৰু জলপথৰ জৰিয়তে বাণিজ্য ত্বৰান্বিত আৰু যাত্ৰীসকলৰ বাবে লজিষ্টিক বৃদ্ধি কৰাত উদগনি দিয়া হৈছে। আমাৰ চৰকাৰে বাংলাদেশ সীমান্তৰ পৰা নিমাতীলৈ ২.৫০ মিটাৰ, নিমাতীৰ পৰা ডিব্ৰুগড়লৈ ২ মিটাৰ আৰু ডিব্ৰুগড়ৰ পৰা শদিয়ালৈ ১.৫ মিটাৰ নিম্নতম নিশ্চিত গভীৰতা গভীৰতাৰ সৈতে ব্ৰহ্মপুত্ৰত ৮৯১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ফেয়াৰৱে বিকাশৰ কাম কৰি আছে। ড্ৰেজিঙৰ কাম ভাৰতীয় ড্ৰেজিং কৰ্প'ৰেচনৰ দ্বাৰা নিৰন্তৰ কৰা হৈছে। আন্তঃগাঁথনিৰ বাবে পাণ্ডু বন্দৰত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো জাহাজ মেৰামতি কেন্দ্ৰ নিৰ্মাণ কৰি থকা হৈছে। আনহাতে পাণ্ডু বন্দৰৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ ২৭ সংযোগী এটা উন্নত পথো নিৰ্মাণ কৰি থকা হৈছে। পাণ্ডু, ধুবুৰী, বগীবিল আৰু যোগীঘোপাত স্থায়ী আৰচিচি টাৰ্মিনেল নিৰ্মাণ কৰাৰ লগতে মাল্টি-ম'ডেল যোগীঘোপা টাৰ্মিনেলৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। ৰাষ্ট্ৰীয় জলপথ-২ৰ কাষৰ ১১টা স্থানত ফ্ল'টিং জেটি নিৰ্মাণৰ ব্যৱস্থা লোৱা হৈছে। আমাৰ চৰকাৰে গংগা বিলাসৰ অভূতপূৰ্ব সফলতাৰ জৰিয়তে উদ্বুদ্ধ হৈ নদী পৰ্যটন পুনৰুজ্জীৱিত কৰাৰ দিশতো কাম কৰি আছে। বিশ্বনাথ, নিমাতী, গুঁইজান আৰু শিলঘাটৰ দৰে ৰাষ্ট্ৰীয় জলপথ-২ৰ কাষৰ একাধিক স্থানত পৰ্যটক জেটি নিৰ্মাণ কৰি থকা হৈছে, যিয়ে সমগ্ৰ অঞ্চলটোত নদী পৰ্যটনৰ সম্ভাৱনা অধিক শক্তিশালী কৰিব।"
কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰি সোণোৱালে কয় - "কংগ্ৰেছে উত্তৰ-পূবৰ জনসাধাৰণৰ ওচৰত ক্ষমা খুজিব লাগে। প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিং উত্তৰ-পূবৰ পৰাই এজন সাংসদ আছিল, কিন্তু তেওঁ কেতিয়াও অঞ্চলটোৰ উন্নতিৰ বাবে একো উল্লেখযোগ্য কামেই কৰা নাছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি চৰকাৰে সমগ্ৰ অঞ্চলটোত শান্তি নিশ্চিত কৰাৰ ফলত যথেষ্ট বিনিয়োগ আৰু উন্নয়নৰ পৰিৱেশৰ সৃষ্টি হৈছে, যাৰ ফলত আজি কংগ্ৰেছ চৰকাৰৰ সময়ত সৃষ্টি হোৱা বিদ্ৰোহ আৰু হিংসাৰ অন্ধকাৰাচ্ছন্ন দিনবোৰ এতিয়া অতীত হৈ পৰিছে। আজি অঞ্চলটোৰ খেলুৱৈসকলে অলিম্পিককে ধৰি বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সক্ৰিয় অংশগ্ৰহণ কৰি দেশৰ বাবে পদক অৰ্জন কৰিছে। এই সকলো কেৱল মোদী চৰকাৰৰ সুশাসন আৰু উন্নয়নৰ পৰিৱৰ্তনশীল দশকতহে সম্ভৱ হৈছে।"

0 Comments:
Post a Comment