গুৱাহাটী,৭ ডিচেম্বৰ : বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ ৯৩সংখ্যক জন্ম দিৱস আৰু ২০২৪ বৰ্ষৰ সাহিত্যিক পেঞ্চন আৰু বঁটা প্ৰদান উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি বৰগোহাঞিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। অনুষ্ঠানত মুখ্যমন্ত্রীয়ে ২০২৪ বৰ্ষৰ বাবে ৩গৰাকী বিশিষ্ট সাহিত্যিকক সাহিত্যিক পেঞ্চন আৰু ৰাজ্যৰ ২৮গৰাকী বিশিষ্ট সাহিত্যিকক ২০২৪ বৰ্ষৰ সাহিত্যিক বঁটা আগবঢ়ায়। মুখ্যমন্ত্ৰীয়ে পেঞ্চন আৰু বঁটা লাভ কৰা প্ৰতিগৰাকীকে অভিনন্দন জনায়। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে অসমীয়া ভাষা, সাহিত্যিকৰ ভূমিকা তথা হোমেন বৰগোহাঞিৰ অসমৰ সমাজ জীৱনলৈ অৱদানৰ বিষয়ে এক বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানত ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল।
সাহিত্যিক পেঞ্চন আৰু বঁটা প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্রী

0 Comments:
Post a Comment