কণ কণ শিক্ষাৰ্থীৰ বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰ মুখৰিত নৰ্থ ইষ্ট পাব্লিক স্কুল
গুৱাহাটী,৩০ ডিচেম্বৰ : কণ কণ শিক্ষাৰ্থীৰ আটকধুনীয়া সাংস্কৃতিক অনুষ্ঠানেৰে আজি মুখৰিত হ'ল গুৱাহাটীৰ কাহিলিপাৰাস্থিত নৰ্থ ইষ্ট পাব্লিক স্কুল। সোমবাৰে নৰ্থ ইষ্ট পাব্লিক স্কুলৰ বাৰ্ষিক অনুষ্ঠানৰ আয়োজন কৰা হয়। বিদ্যালয় চৌহদত আয়োজন কৰা বাৰ্ষিক অনুষ্ঠানত বিদ্যালয়খনৰ নাৰ্চাৰীৰ পৰা ইউ কে জিৰ শিক্ষাৰ্থীসকলে অনুষ্ঠান পৰিৱেশন কৰে। আজি নাৰ্চাৰীৰ পৰা ইউ কে জিৰ শিক্ষাৰ্থীৰ মাজত বাৰ্ষিক অনুষ্ঠানটিৰ আয়োজন কৰা হয়। আৰম্ভনীতে বন্তি প্ৰজ্বলন কৰি বাৰ্ষিক অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে বিশিষ্ঠ সমাজকৰ্মী চিত্তৰঞ্জন ডেকাই। ভাষণ প্ৰসংগত তেওঁ নিজৰ শিশুকালৰ কথা ৰোমন্থন কৰাৰ লগতে শিশুসকলক উদ্দেশ্যি বক্তব্য আগবঢ়ায়। শিক্ষয়ত্রী প্ৰিয়ংকা গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত নৰ্থ ইষ্ট পাব্লিক স্কুলৰ অধ্যক্ষ লক্ষ্মীকান্ত দাসে শিক্ষাৰ্থীসকলৰ লগতে অভিভাৱকক উদ্দেশ্যি কেতবোৰ গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰে। তেওঁ শিক্ষাৰ্থীসকলক মোবাইলৰ বেয়া অভ্যাসৰ পৰা বিৰত ৰাখি শিক্ষাৰ্থীসকলৰ শাৰীৰিক আৰু বৌদ্ধিক বিকাশৰ উৎকৰ্ষ সাধনত গুৰুত্ব প্ৰদান কৰি তত্বগধূৰ বক্তব্য আগবঢ়ায়। অনুষ্ঠানত আন এগৰাকী সমাজকৰ্মী তথা কামৰূপ সাহিত্য সভাৰ কাৰ্যকৰী সভাপতি বিষ্ণু ডেকাই অংশ গ্ৰহণ কৰি নিজৰ মনৰ ভাৱ ব্যক্ত কৰে। বাৰ্ষিক অনুষ্ঠানত বিদ্যালয়খনৰ কণ কণ শিক্ষাৰ্থীসকলে নৃত্য-গীতৰ আকৰ্ষনীয় অনুষ্ঠান পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে। অনুষ্ঠানত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্রীৰ লগতে অভিভাৱক আৰু শিক্ষাৰ্থীসকল উপস্থিত আছিল।



0 Comments:
Post a Comment