অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ সংযুক্ত লিখিত পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত বৈঠক
গুৱাহাটী,৩১ ডিচেম্বৰ: অহা ৫ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ সংযুক্ত লিখিত পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত আজি কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত কেচিঅ' কৰণ পেগুৰ সভাপতিত্বত এখন বৈঠক অনুষ্ঠিত হয় । বৈঠকত আৰক্ষীৰ উপ আয়ুক্ত ইমদাদ আলী, কামৰূপ মহানগৰ জিলাৰ স্কুল পৰিদৰ্শক দীপিকা চৌধুৰী, সংশ্লিষ্ট পৰীক্ষা কেন্দ্ৰসমূহৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু নিৰীক্ষণ বিষয়াসকলৰ উপস্থিতিত পৰীক্ষাৰ নীতি-নিৰ্দেশনাসমূহৰ সন্দৰ্ভত আলোচনা কৰা হয়। পৰীক্ষা কেন্দ্ৰত মহিলা আৰু পুৰুষ পৰীক্ষাৰ্থী উভয়ৰে যথাৰীতি অনুসৰি নিৰীক্ষণ কৰা হ'ব। বিশেষকৈ মহিলা পৰীক্ষাৰ্থীসকলৰ তালাচী কৰাৰ বাবে মহিলা আৰক্ষী নিয়োগৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। তদুপৰি তালাচীৰ সময়ত মহিলা আৰক্ষীৰ লগতে অংগনবাড়ী কৰ্মী উপস্থিত থাকিব। উল্লেখযোগ্য যে অহা ৫ জানুৱাৰীত কামৰূপ মহানগৰ জিলাৰ ৩১ টা কেন্দ্ৰত অসম আৰক্ষীৰ সংযুক্ত লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব । সুশৃংখলাবদ্ধভাৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে সকলোৰে পৰা সহায় সহযোগিতা বিচাৰিছে।

0 Comments:
Post a Comment