হৃদয়হীন হিমন্ত বিশ্বই হাতীৰ বেদনা কেনেকৈ অনুভৱ কৰিব : ভূপেন বৰা


গুৱাহাটী,২০ জানুৱাৰীঃ "দেশৰ সংবিধান সুৰক্ষাৰ বাবে নিৰৱিচ্ছিন্নভাৱে সংগ্ৰাম কৰি অহা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে ১৫২ বি এন এছৰ অধীনত অসমত গোচৰ ৰুজু হোৱাতো অত্যন্ত হাস্যকৰ বিষয়। অসম আৰক্ষীয়ে গণতন্ত্ৰৰ প্ৰতি সন্মান প্ৰদৰ্শন নকৰি এই গোচৰ ৰুজু কৰা কাৰ্যক আমি ধিক্কাৰ দিছো।" প্ৰদেশৰ সভাপতি ভূপেন বৰাই আজি গুৱাহাটীৰ নিজা বাসভৱনত এখন সংবাদমেল সম্বোধন কৰি এইদৰে কয়। বৰাই কয় যে অসম মুখ্যমন্ত্ৰীৰ বিভিন্ন উচটনিমূলক মন্তব্য, বেআইনী বক্তব্য সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ আৰু প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো নেতাই ৰাজ্যৰ কেইবাখনো আৰক্ষী থানাত গোচৰ দিবলৈ গৈছিল। মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িক মন্তব্য তথা উচটনিমূলক মন্তব্য দিয়াত দিছপুৰ থানাত বিৰোধী ঐক্যমঞ্চ তথা অসম সন্মিলিত মৰ্চাই আমি গোচৰ দিছিল। মধ্যপ্ৰদেশৰ এখন জনসভাত মুখ্যমন্ত্ৰীয়ে ছোনিয়া গান্ধীৰ ঘৰ জ্বলাই দিব লাগে বুলি আৰু অন্য এখন ৰাজ্যত গৈ আমাৰ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে অসাংবিধানিক মন্তব্য দিয়াত আৰক্ষীৰ কাষ চাপিছিলো। সেই কথাবিলাক অসমৰ সংবাদ মাধ্যম আৰু অসমৰ ৰাইজে জানে। কিন্তু নিখিল ভাৰত কংগ্ৰেছৰ দিল্লীৰ নৱ-নিৰ্মিত কাৰ্যালয় উদ্বোধনী কাৰ্যালয়ত ৰাহুল গান্ধীয়ে কৰা মন্তব্যক লৈ এগৰাকী অধিবক্তাই দিয়া এজাহাৰ অসম আৰক্ষীয়ে লগে লগে পঞ্জীয়ন কৰিছে। আৰক্ষীৰ অগণতান্ত্ৰিক, অসাংবিধানিক চৰিত্ৰ ওলাই পৰিছে৷ অসম আৰক্ষীয়ে শাসকীয় দলটোৰ আজ্ঞাবাহী ভৃত্য হিচাপে কাম কৰাতো স্পষ্টভাৱে প্ৰতিয়মান হৈছে৷ ৰাহুল গান্ধীৰ ১৭ মিনিটৰ ভিডিঅ’ সকলো সামাজিক মাধ্যমৰ প্লেটফৰ্মত আছে৷ ১৭ মিনিটৰ বক্তব্যত ৯বাৰ সংবিধানৰ কথা কৈছে৷ ভগৱান শিৱ, কৃষ্ণ, বুদ্ধ, গুৰুনানকৰ, কবীৰ, মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু, চৰ্দাৰ বল্লৱভাই পেটেল, জৱাহৰলাল নেহৰুৰ কথা কৈছে৷ দেশৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ দেশৰ সংবিধানৰ প্ৰতি শ্ৰদ্ধা, দেশৰ সংবিধানৰ সুৰক্ষা, দেশৰ সাৰ্বভৌমত্বৰ কাৰণে যি প্ৰচেষ্টা সেইটো সৰ্বজন স্বীকৃত৷ জম্মু-কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ, মণিপুৰৰ পৰা মহাৰাষ্ট্ৰলৈ যাত্ৰাৰ মাজেৰে দেশৰ নতুন প্ৰজন্মক আইনী ব্যৱস্থাৰ প্ৰতি আনুগত্যশীল, দুৰ্নীতিৰ বিৰুদ্ধে জাতিক জাগ্ৰত কৰিবলৈ যি প্ৰচেষ্টা সেয়া সকলোৱে দেখিছে৷ ১৫২ বিএনএছ আইনখন অনা হৈছে সশস্ত্ৰ সংগ্ৰামক প্ৰতিহত কৰিবলৈ৷ যিখন আইন সশস্ত্ৰ সংগ্ৰাম প্ৰতিহত কৰিবলৈ অনা হৈছে সেই আইনখন ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰুজু কৰা গোচৰত লগোৱা হৈছে৷ যিখন আইনত যাৱজ্জীৱন বা ৭ বছৰ পৰ্যন্ত কাৰাদণ্ড দিবলৈ বিজেপি, আৰএছএছ আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে চক্ৰান্ত কৰিছে৷ আমাৰ দলৰ নেতা তথা প্ৰথম প্ৰধানমন্ত্ৰী জৱৰহলাল নেহেৰু যিমান দিন প্ৰধানমন্ত্ৰী হিচাপে আছিল তাতকৈ বেছি দিন জেলত আছিল৷ যদি এইবিলাক কৰি বিজেপি, আৰএছএছ আৰু মুখ্যমন্ত্ৰীয়ে ভাবিছে যে ৰাহুল গান্ধী, কংগ্ৰেছে ভয় খাব তেন্তে তেওঁলোকে মুৰ্খৰ স্বাৰ্গত বাস কৰি আছে৷ যিজন লোকে গোচৰ ৰুজু কৰিছে সেইজনক লোকক আক্ৰমণ কৰি ভূপেন বৰাই কয় যে দেশৰ সংবিধানৰ সুৰক্ষা, দেশৰ সৰ্বাভৌমত্ব, দেশৰ অখণ্ডতাৰ কথা যদি ভাবিলেহেঁতেন তেন্তে ৰাহুল গান্ধীৰ গোচৰ ৰুজু কৰাতকৈ আৰএছএছ প্ৰধান মোহন ভাগৱতৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলেহঁতেন৷ মোহন ভাগৱতে ভাৰতবৰ্ষই সিদিনাহে স্বাধীনতা লাভ কৰিছে যিদিনা ৰাম মন্দিৰৰ নিৰ্মাণ কৰা হৈছিল বুলি কৈছিল৷ গান্ধী, সুভাষ বসু, আবুল কামাল আজাদ, চৰ্দাৰ বল্লৱভাই পেটেল, অসমৰ গোপীনাথ বৰদলৈ, নবীন চন্দ্ৰ বৰদলৈ, কনকলতা, মুকুন্দ কাকতী, ভোগশ্বৰী ফুকননী, কুশল কোঁৱৰ, মণিৰাম দেৱানৰ যি ত্যাগ সেই ত্যাগক উপেক্ষা কৰিছে৷ ইফালে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এজন হৃদয়হীন মানুহ বুলি অভিযোগ কৰে ভূপেন বৰাই। তেওঁ কয়, অসমৰ পৰা গুজৰাটলৈ লৈ যোৱা হাতীকেইটাৰ চকুপানীৰ অৰ্থ হিমন্ত বিশ্ব শৰ্মাই বুজিব নোৱাৰে। হাতী আৰু মানুহৰ মাজত থকা আৱেগৰ সম্পৰ্ক অনুধাৱন কৰিব নোৱৰা বাবে আজি এনেদৰে অসমৰ মাজেৰে বহিঃৰাজ্যলৈ হাতী চালান হৈছে। বৰাই কয় যে হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা অসমত লাহে লাহে কমি আছে। সেইবাবে তেওঁ আম্বানিক হাতী উপহাৰ দি নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক সন্তুষ্ট কৰিব বিচাৰিছে। বিজেপিৰ শীৰ্ষ নেতৃত্বই অনুধাৱন কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ ছলাহী কথাত মানুহ আৰু ভোল নাযায়। সেইবাবে পুৰণি নিষ্ঠাৱান কৰ্মীক দলৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব দিছে। বিজেপিৰ ভিতৰচ’ৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্থিতি তেনেই দুৰ্বল হৈ পৰা বুলি উল্লেখ কৰি বৰাই কয় যে হতাশগ্ৰস্ত হৈ এতিয়া মুখ্যমন্ত্ৰীয়ে যিকোনো ধৰণৰ সিদ্ধান্তকে ল’বলগীয়া হৈছে। ইফালে, নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ পৰিবাৰৰ নামত থকা গাড়ীৰ খুন্দাত এজন লোকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বৰাই কয় যে আইন সকলোৰে বাবে সমান হ’ব লাগে। ডাঙৰে কৰিলে লীলা আৰু সৰুৱে কৰিলে ধৰি-বান্ধি কিলা জাতীয় ব্যৱস্থা এটা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰৰ দিনত চলি আছে। এয়া বন্ধ হ’ব লাগে বুলিও তেওঁ উল্লেখ কৰে। সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা আৰু সামাজিক মাধ্যম বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাও উপস্থিত থাকে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment