
গুৱাহাটী,২১ জানুৱাৰী : ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব'ৰ্ডৰ (বি চি চি আই) স্থায়ী সচিব পদত অধিষ্ঠিত হোৱা অসম সন্তান দেৱজিৎ লন শইকীয়াক আজি মহাৰাণা এথলেটিক ক্লাৱৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। আজি সন্ধিয়া মহাৰাণা এথলেটিক ক্লাৱৰ সভাপতি ৰাণাপ্ৰতাপ বৰদলৈ, সম্পাদক দীপজ্যোতি বৰুৱা, উপ-সভাপতি গোপাল জালান, যুটীয়া সম্পাদক দেৱজিত গোস্বামী আৰু কাৰ্যবাহী সদস্য অমিয় কলিতাই গুৱাহাটীত দেৱজিৎ লন শইকীয়াক তেওঁৰ কাৰ্যালয়ত সাক্ষাৎ কৰি সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখ্য যে পূৰ্বে দেৱজিৎ লন শইকীয়া বি চি চি আইৰ অন্তৱৰ্তীকালীন সচিব হিচাপে কৰ্মৰত আছিল। অলপতে তেওঁক বি চি চি আই স্থায়ী সচিব হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব দিয়া হয়। বি চি চি আইৰ সচিব পদত অধিষ্ঠিত হোৱা দেৱজিৎ লন শইকীয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ব্যক্তি। ১২ জানুৱাৰীত বি চি চি আইৰ বিশেষ সাধাৰণ বৈঠকত বি চি চি আইৰ সচিব হিচাপে দেৱজিৎ লন শইকীয়াৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। বিনা প্ৰতিদ্বন্দ্বিতাৰে তেওঁ নিৰ্বাচিত হয়। জয় শ্বাহে আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদৰ (আই চি চি) অধ্যক্ষৰ পদ গ্রহণ কৰাৰ পাছত বি চি চি আইৰ সচিব পদটো খালী হৈ আছিল। যাৰ বাবে বি চি চি আইৰ সভাপতি ৰ'জাৰ বিন্নীয়ে দেৱজিৎ লন শইকীয়াক বি চি চি আইৰ অন্তৱৰ্তী সচিবৰূপে নিযুক্ত কৰিছিল। বি চি চি আইৰ ভাৰপ্ৰাপ্ত সচিবৰ দায়িত্ব গ্ৰহণৰ পূৰ্বে তেওঁ বি চি চি আইৰ যুটীয়া সচিবৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল। জয় শ্বাহে আই চি চিৰ অধ্যক্ষৰ দায়িত্ব ১ ডিচেম্বৰত গ্ৰহণ কৰাৰ পাছত তেওঁ পূৰ্বতে অধিষ্ঠিত হৈ থকা বি চি চি আইৰ সচিব পদটো খালী হৈছিল। সেয়েহে বি চি চি আইৰ সভাপতি ৰ’জাৰ বিন্নীয়ে এই পদৰ ভাৰপ্ৰাপ্ত দায়িত্ব অসমৰ দেৱজিৎ লন শইকীয়াৰ হাতত অৰ্পণ কৰিছিল। প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলুৱৈ দেৱজিৎ লন শইকীয়াক ইতিমধ্যে আই চি চিৰ ব’ৰ্ড অৱ ডাৰেক্টৰ্ছৰ ভাৰতৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰা হৈছে। এনে দায়িত্ব পোৱা তেওঁ হৈছে প্ৰথম অসমীয়া। এগৰাকী প্ৰতিষ্ঠিত অধিবক্তা দেৱজিৎ লন শইকীয়াই অসম ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লৈ অসম ক্ৰিকেট উত্তৰণৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছিল। প্রাক্তন ৰঞ্জি ক্ৰিকেটাৰ দেৱজিৎ লন শইকীয়া গুৱাহাটী ক্রীড়া সন্থা আৰু গুৱাহাটী টাউন ক্লাবৰো সম্পাদকৰ দায়িত্বত আছে।
This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.
0 Comments:
Post a Comment