নিপকোৰ ৰঙানদী বান্ধৰ বিভীষিকা : সংকটত নামনিৰ সাধাৰণ জনতা


লখিমপুৰ,২৫ জানুৱাৰীঃ বাৰিষা নহয়, এইবাৰ খৰালিতে নীপকোৰ পানীয়ে লখিমপুৰৰ নামনিত বিভীষিকাৰ সৃষ্টি কৰিছে৷ এতিয়া নীপকোৱে এৰি দিয়া দুষিত তথা গেদযুক্ত ঘোলা পানীয়ে ৰঙানদীপৰীয়া লোকসকললৈ অশনি সংকেত কঢ়িয়াই আনিছে৷ ইফালে ৰঙানদীৰ বক্ষত নীপকোৱে এৰি দিয়া গেদযুক্ত ঘোলা পানীয়ে কাষৰীয়া জীৱ-জন্তু, চৰাই চিৰিকটি আদিলৈয়ো ভাবুকি নমাই আনিছে৷ ৰঙানদীৰ বক্ষত এতিয়া বালিৰ পৰিৱৰ্তে তৰপে তৰপে গেদযুক্ত পলস বোকা পৰাৰ লগতে কদমীলায়ত শান্তিপুৰ পোতাবিল ঘাটত থকা একমাত্ৰ বাঁহৰ দলংখন পাঁচ জানুৱাৰীতে নীপকোৰ পানীয়ে উটুৱাই নিয়াৰ পিছত এই পৰ্যন্ত দলংখন নিৰ্মাণ নোহোৱাত দহ খনৰো অধিক গাঁৱৰ ৰাইজ বিপদত পৰিছে৷ একপ্ৰকাৰে এতিয়া পোতাবিল ঘাটত যাতায়াত ব্যাহত হৈ পৰিছে৷ মিচিং স্বায়ত্ব পৰিষদৰ অধীনত থকা এই ঘাটতোৰ বাঁহৰ দলংখন কুৰিটা দিনেও পুনৰ নিৰ্মাণ নোহোৱাত এতিয়া অঞ্চলটোৰ পাঁচখনৰো অধিক শিক্ষানুষ্ঠানলৈ অহা যোৱা কৰা শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকল অসুবিধাত পৰিছে৷ যাৰবাবে তেওঁলোকে পূৰ্বৰ এক-দুই কিলোমিটাৰ দৈঘ্যৰ্ৰ পথত এতিয়া দহ-পোন্ধৰ কিলোমিটাৰ দৈৰ্ঘ্যৰে (পহুমৰা, খাৰকাটি) ঘূৰি আহিব লগাত সমস্যাৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে কদমীয়ালত থকা প্ৰায় এশ মিটাৰ দৈঘ্যৰ্ৰ বাহৰ দলংখন পাঁচ জানুৱাৰীতে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ গেদযুক্ত পানীয়ে উটুৱাই নিয়াৰ পিছত শান্তিপুৰত থকা শান্তিপুৰ প্ৰাথমিক বিদ্যালয়, পোতাবিল এম ই স্কুল, মধ্য ৰঙানদী হাইস্কুল, কাপুনপুলি এম ই স্কুল আদিলৈ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকল যাতায়াত কৰাত অসুবিধাৰ সৃষ্টি হৈছে৷ যাৰবাবে তেওঁলোকে এতিয়া ৰঙানদীৰ বক্ষত একাংশ নাৱেৰে পাৰ হোৱাৰ পিছত বহু দুৰ বোকা পলসৰ মাজেৰে খোজকাঢ়ি অথবা কান্ধত চাইকেল লৈ যাতায়াত অব্যাহত ৰাখিব লগা হৈছে৷ লক্ষণীয় কথা যে উক্ত ঘাটতে দুবছৰ পূৰ্বে নাও দুৰ্ঘটনা হৈ সাতজনকৈ লোক কথমপিহে প্ৰাণ ৰক্ষা পৰিছিল৷ পাঁচ জানুৱাৰীত নীপকোৱে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ গেট খুলি দি ভিতৰৰ বান্ধ পৰিষ্কাৰ কৰাৰ ফলত আজি পৰ্যন্ত ৰঙানদীৰ বক্ষত এফুট ডেৰফুট উচ্ছতাৰে গেদযুক্ত ঘোলা পানী বৈ থকাৰ ফলত ৰঙানদী পৰীয়া লোকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ ফলত নদীত থকা মৎস্য কুলৰ লগতে চৰাই চিৰিকটি, পোহনীয়া জীৱ-জন্তু আদি অকালতে মৃত্যু মুখত পৰিবলগা হৈছে৷ আজি কদমীয়ালত কেবাজনো শিক্ষক-শিক্ষয়িত্ৰীয়ে তেওঁলোকৰ দুৰ্বিসহ  যাতায়াত ব্যৱস্থাৰ কথা অৱগত কৰি এইক্ষেত্ৰত সংশ্লিষ্ট কতৃৰ্পক্ষক পাৰঘাটটোত যোগাযোগ ব্যৱস্থা সুচল কৰি তুলিবলৈ আহ্বান জনায়৷ ৰঙানদীৰ বক্ষৰ এই বাঁহৰ দলংখন নীপকোৰ পানীয়ে উটুৱাই নিয়াৰ ফলত কদমীয়ালৰ কিষাণ হাইস্কুলৰ লগতে আন আন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীয়ো অসুবিধাত পৰিছে৷

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment