গণৰাজ্য দিৱসত কোন মন্ত্রীয়ে ক'ত পতাকা উত্তোলন কৰিব


গুৱাহাটী,২৪ জানুৱাৰী : সমগ্ৰ দেশৰ লগতে অসমটো দেওবাৰে উলহ-মালহেৰে উদযাপন কৰা হ'ব গণৰাজ্য দিৱস। গণৰাজ্য দিৱস উদযাপনৰ বাবে সাজু কৰি তোলা হৈছে চৰকাৰী কাৰ্যসূচী। কোন মন্ত্ৰীয়ে ক'ত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন তাৰ কাৰ্যসূচীও প্ৰস্তুত কৰা হৈছে। গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা গণৰাজ্য দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰিব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। আনহাতে গণৰাজ্য দিৱসৰ দিনা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ত পতাকা উত্তোলন কৰিব। দৰঙত থাকি পতাকা উত্তোলন কৰিব মন্ত্ৰী ৰণজিত কুমাৰ দাসে। শিৱসাগৰত পতাকা উত্তোলন কৰিব মন্ত্ৰী অতুল বৰাই। বঙাইগাঁৱত পতাকা উত্তোলন কৰিব মন্ত্ৰী কেশৱ মহন্ত। মন্ত্রী জয়ন্ত মল্ল বৰুৱাই পতাকা উত্তোলন কৰিব নলবাৰীত। বৰপেটাত পতাকা উত্তোলন কৰিব মন্ত্রী নন্দিতা গার্লোচাই। চিৰাঙত পতাকা উত্তোলন কৰিব মন্ত্রী ইউ জি ব্ৰক্ষ্মই। কামৰূপত পতাকা উত্তোলন কৰিব মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে। মন্ত্রী ডাঃ ৰণোজ পেণ্ডৱে ধেমাজিত পতাকা উত্তোলন কৰিব। নগাঁৱত পতাকা উত্তোলন কৰিব মন্ত্রী অশোক সিংঘলে। মাহমৰাত পতাকা উত্তোলন কৰিব মন্ত্রী যোগেন মহনে। মন্ত্রী অজন্তা নেওগে পতাকা উত্তোলন কৰিব গোলাঘাটত। শোণিতপুৰত পতাকা উত্তোলন কৰিব মন্ত্রী পীযূষ হাজৰিকাই। যোৰহাটত মন্ত্রী বিমল বড়াই উত্তোলন কৰিব পতাকা। শিৱসাগৰত পতাকা উত্তোলন কৰিব মন্ত্রী অতুল বৰাই। তিনিচুকীয়াত পতাকা উত্তোলন কৰিব মন্ত্রী প্রশান্ত ফুকনে। কাছাৰত পতাকা উত্তোলন কৰিব মন্ত্রী কৌশিক ৰায়ে। শ্রীভূমিত মন্ত্রী কৃষ্ণেন্দু পালে পতাকা উত্তোলন কৰিব। মন্ত্রী ৰূপেশ গোৱালাই পতাকা উত্তোলন কৰিব লখিমপুৰত। ডিফুত পতাকা উত্তোলন কৰিব মুখ্য কৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। সেইদৰে কোকৰাঝাৰত পতাকা উত্তোলন কৰিব বি টি আৰৰ মুৰব্বী প্ৰমোদ বড়োয়ে। আনহাতে হাফলঙত দেৱলাল গার্লোচাই, গোৱালপাৰাত ডাঃ নোমল মমিনে আৰু ওদালগুৰিত গোবিন্দ বসুমতাৰীয়ে পতাকা উত্তোলন কৰিব।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment