গুৱাহাটী,৭ জানুৱাৰীঃ ডিমা হাছাওৰ উমৰাংছ'ত অঘটন। কয়লা খনিত পানী প্ৰৱেশ কৰাত এতিয়াও আৱদ্ধ হৈ আছে কেইবাজনো শ্ৰমিক। দেওবাৰেৰ পৰা অৱ্যাহত আছে উদ্ধাৰ অভিযান। অবৈধ কয়লা খনিৰ এই অঘটনক লৈ দেশজুৰি চাঞ্চল্য। এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ পাছত উমৰাংছ'ৰ ঘটনাস্থলীত নৌসেনাৰ ডুবাৰুৰ অভিযান। ৩৫০ ফুট গভীৰ কয়লা খনিত আবদ্ধ কেইবাজনো শ্ৰমিক। ঘটনাস্থলীত উপস্থিত এ ডি জি পি হৰমীত সিং। ডিমা হাছাওৰ উমৰাংছ’ৰ কয়লা খনিত উদ্ধাৰ অভিযানত সহায়ৰ বাবে কেন্দ্রীয় কয়লা ও খনি মন্ত্রী জি কিষাণ ৰেড্ডীৰ সৈতে বাৰ্তালাপ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সামাজিক মাধ্যমযোগে এই কথা জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে।



0 Comments:
Post a Comment