সাত কোটি টকাৰ কিতাপ বিক্ৰীৰে সফল সামৰণি অসম গ্ৰন্থমেলাৰ


গুৱাহাটী,৭ জানুৱাৰী : সাহিত্য-সংস্কৃতি, ভাষাতত্ব-ইতিহাসৰ এলানি বৰ্ণিল কাৰ্যসূচীৰে আয়োজন কৰা ১২ দিনীয়া অসম গ্ৰন্থমেলা, গুৱাহাটীত প্ৰায় ৭ কোটি টকাৰ কিতাপ বিক্ৰীৰে  সফল সামৰণি ঘটাই আজি নিজম পৰিল খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজিত কৰা এই গ্ৰন্থমেলাৰ আজি সামৰণী সভা অনুষ্ঠিত হয় ৷ ইয়াত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলাকেন্দ্ৰৰ সচিব আৰু কাৰ্যবাহী তথা শৈক্ষিক মুৰব্বী ড° সচ্চিদানন্দ যোশীয়ে ৷ তেওঁ ভাষণত কয় যে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই সফলতাৰে আয়োজন কৰা অসম গ্ৰন্থমেলাত মানুহৰ সোঁত দেখিবলৈ পাই অভিভূত হৈ পৰিছোঁ ৷ গ্ৰন্থমেলাত জনসমাগম হোৱা, কিতাপ বিক্ৰী হোৱাটো সমাজৰ বাবে আনন্দৰ বতৰা ৷ গ্ৰন্থমেলা মানেই জ্ঞানৰ পেৰা মুকলি কৰি দিয়া স্থান ৷ গ্ৰন্থমেলাত বিভিন্ন ভাষাৰ কিতাপ পোৱা যায় ৷ ইয়াৰ জৰিয়তে ভাষিক সমাজৰ মাজত সম্প্ৰীতিৰ সেঁতু নিৰ্মাণ হয় ৷ অসম গ্ৰন্থমেলাত ৭ কোটি টকাৰ গ্ৰন্থ বিক্ৰী হোৱাটো যথাৰ্থতে চমকপ্ৰদ ৷ তেওঁ লগতে কয় যে অসমীয়া ভাষাই ২০২৪ বৰ্ষত ধ্ৰুপদী মৰ্যাদা লাভ কৰাটো গৌৰৱৰ বিষয় ৷ মাতৃভাষাৰ উত্তৰণ মানেই জাতিৰ উত্তৰণ ৷ নিজৰ ঠাইৰ বাহিৰত কাৰোবাৰ মুখত মাতৃভাষা শুনিলে মন আনন্দৰে ভৰি উঠে ৷ মাতৃভাষাই সকলোকে একত্ৰিত কৰি ৰাখে ৷এয়া মাতৃভাষাৰ মহত্ত্ব ৷ দেশ মাতৃৰ মাটিও একেই ৷ দেশৰ মাটিয়েই আমাৰ মাতৃ ৷ ভাৰতবৰ্ষত পৃথিৱীৰ সবাটোকৈ অধিক প্ৰাচীন পাণ্ডুলিপি আছে ৷ ইয়াৰ দ্বাৰা আমাৰ হাজাৰ বছৰীয়া সভ্যতাৰ বিষয়ে জানিব পৰা যায় ৷ গ্ৰন্থই এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ জ্ঞান কঢ়িয়াই নিয়ে ৷ ড° যোশীয়ে ভাষণৰ মাজতে এটি চিন্তা উদ্দীপক কবিতা পাঠ কৰি সকলোকে মোহাৱিষ্ট কৰে ৷ আন এগৰাকী বিশিষ্ট অতিথি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, বিশিষ্ট গ্ৰন্থকাৰ-গৱেষক ড° ননীগোপাল মহন্তই কয় যে গ্ৰন্থ মানুহৰ সৰ্বোত্তম বিশ্বাসী বন্ধু ৷ কিতাপে মানুহৰ মনৰ দুৱাৰ মুকলি কৰে  ৷ সুস্থ সমাজ এখন গঢ়াত গ্ৰন্থৰ ভূমিকা অপৰিসীম। অসম গ্ৰন্থমেলায়ো বৌদ্ধিক আন্দোলনৰ জৰিয়তে সুন্দৰ সমাজ নিৰ্মাণৰ প্ৰতিশ্ৰুতি বহন কৰা বুলি অনুভৱ হৈছে ৷ অসম গ্ৰন্থমেলা এতিয়া অন্য এক জাতীয় অনুষ্ঠান হৈ পৰিছে। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই গ্ৰন্থমেলাক মনোৰম ৰূপ দিছে আৰু আস্থাশীল কৰি তুলিছে ৷ তেওঁ কয়—“ভাৰতৰ পৰম্পৰা হৈছে জ্ঞানৰ পৰম্পৰা ৷ সমগ্ৰ পৃথিৱীতে ভাৰতে জ্ঞানৰ পোহৰ বিলাইছিল অতীজৰে পৰা ৷ দক্ষিণ-পূৱ এছিয়াৰ ইতিহাসলৈ দৃষ্টি দিলেই এয়া পৰিস্ফুট পৰে ৷ ব্ৰিটিছে এসময়ত মেকলেই চাহাবক আনি আমাৰ দেশৰ জ্ঞান পৰম্পৰাৰ ভেটিটো ভাঙি দিছিল ৷ কিন্তু নতুন শিক্ষানীতিয়ে আমাৰ জ্ঞান পৰম্পৰাক পুনৰ প্ৰতিষ্ঠা কৰি বিজ্ঞান সন্মতভাৱে আগবঢ়াৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷ ” ড° মহন্তই আকৌ কয়—“মোবাইল ফোন এতিয়া প্ৰাত্যহিক দুৰ্বৃত্ত হৈ পৰিছে ৷ আমি ইয়াৰ দাসত্ব স্বীকাৰ কৰাৰ পৰা নিজকে ৰক্ষা কৰিব লাগিব ৷ কিতাপেই আমাক সেই শক্তি প্ৰদান কৰিব৷ গ্ৰন্থই মানুহক মানুহৰ হিতৰ হকে মাত মাতিবলৈ শিকায় ৷” তেওঁ ভাষণৰ মাজতে জ্যোতিপ্ৰসাদ আৰৱালা, হেম বৰুৱাৰ কবিতা আবৃত্তি কৰি অনুষ্ঠানটি সমৃদ্ধ কৰে ৷ সভাত  সভাপতিৰ আসন শুৱনি কৰে বিশিষ্ট অভিধান প্ৰণেতা, অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই ৷ তেওঁ কয় যে গ্ৰন্থৰ প্ৰতি মানুহৰ আগ্ৰহ দেখি আনন্দ লাগিছে ৷ ইয়ালৈ আহি সকলোৱে কিতাপৰ সান্নিধ্য লাভ কৰিছে ৷ ইয়াৰ ফলত অধ্যয়নৰ পৰিৱেশ গঢ়ি উঠিব বুলি বিশ্বাস হৈছে ৷ ইয়াত বহু লেখক-সাহিত্যিক, গুণী-জ্ঞানী ব্যক্তিৰ সমাৱেশ ঘটিছে ৷ গ্ৰন্থমেলাৰ এয়াই শুভ পৰম্পৰা, আশাৰ বতৰা ৷ ৰাইজৰ সহযোগিতাৰে অসম গ্ৰন্থমেলা, গুৱাহাটী সাফল্যমণ্ডিত হৈছে ৷ ইয়াৰ বাবে সকলো পক্ষকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ৷” সভাত আদৰণী ভাষণ প্ৰদান কৰি  অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয় যে চৰকাৰী আৰু বেচৰকাৰী সংস্থাৰ যৌথ উদ্যোগত অসম গ্ৰন্থমেলা আয়োজন কৰাৰ উদ্দেশ্য হৈছে গ্ৰন্থ আন্দোলনক সমৃদ্ধ কৰা ৷ লেখক-প্ৰকাশক আৰু পঢ়ুৱৈ ৰাইজৰ সহযোগত এই কাৰ্যসূচী সফল হোৱা বুলি ক’ব পাৰি ৷ গ্ৰন্থমেলা মানে কেৱল সাহিত্যৰ কিতাপৰ মেলা নহয় ৷ ইয়াত ভিন ভিন বিষয় আৰু লক্ষ্য থাকে ৷ সেয়েহে অসম গ্ৰন্থমেলাত সাহিত্য-সংস্কৃতি, ইতিহাস-ঐতিহ্য, জ্ঞান-বিজ্ঞানৰ বিভিন্ন বিষয় সামৰি গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ অনুষ্ঠিত কৰা হৈছে ৷ ছাত্ৰ-ছাত্ৰীসকলক গ্ৰন্থমেলাত জৰিত কৰোৱা হৈছে ৷ যোৱা ১২ দিনত প্ৰায় ৫ লক্ষাধিক গ্ৰন্থপ্ৰেমীয়ে ইয়াত ভিৰ কৰিছে ৷ বিভিন্ন প্ৰকাশনৰ মুঠ ১১৮ টা গ্ৰন্থ বিপণী ইয়াত আছে ৷ যোৱা ১২ দিনত গ্ৰন্থৰ বিক্ৰীয়ে প্ৰায় ৭ কোটিৰ ঘৰ স্পৰ্শ কৰিছে ৷ অসম গ্ৰন্থমেলা, গুৱাহাটী  সফল্যমণ্ডিত কৰাৰ বাবে সকলো পক্ষকে ধন্যবাদ জ্বাপন কৰি সচিব কলিতাই লগতে কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২০২৫ বৰ্ষটোক কিতাপৰ বৰ্ষ হিচাপে ঘোষণা কৰিছে আৰু জিলাই জিলাই গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিছে ৷ অসমবাসীৰ বাবে এয়া অতি আনন্দৰ বতৰা ৷ মুখ্যমন্ত্ৰীৰ এনে পৰিকল্পনাৰ বাস্তৱায়নে ৰাজ্যখনত অধ্যয়ন সংস্কৃতিক অধিক গতিশীল কৰাৰ লগতে বৌদ্ধিক পৰিৱেশকো অধিক শক্তিশালী কৰিব ৷ সামৰণী সভাত উপস্থিত থাকে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সাধাৰণ সম্পাদক হৰেন কলিতা প্ৰমুখ্যে আন আন বিষয়ববীয়া সকল ৷ শিল্পী তন্ময়ী বৰাই শাস্ত্ৰীয় নৃত্যৰ আধাৰত পৰিৱেশন কৰা এটি শিৱ বন্দনা পৰিৱেশনেৰে অসম গ্ৰন্থমেলা, গুৱাহাটীৰ সামৰণী অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয় ৷

বঁটা-বিতৰণি অনুষ্ঠান :

শিশুৰ দিন উপলক্ষে যোৱা ৫ জানুৱাৰীত অসম গ্ৰন্থমেলা, গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা চিত্ৰাংকণ আৰু কবিতা আবৃত্তি প্ৰতিযোগিতাৰ বঁটাসমূহ আজি সামৰণী অনুষ্ঠানত বিতৰণ কৰা হয় ৷ চিত্ৰাংকণ প্ৰতিযোগিতাৰ “ক” শাখাত বিকিৰাজ কাশ্যপে প্ৰথম, অদ্‌ভিক বিজিতে দ্বিতীয়, নিবিড় ৰাজবংশীয়ে তৃতীয় পুৰস্কাৰ লাভ কৰিছে ৷ উদগনি বঁটা লাভ কৰিছে ভাৰ্গৱী ৰাজবংশী, হৃয়ান কলিতা, নিনাদ ছেত্ৰীয়ে ৷ “খ” শাখাত মানস প্ৰতীম ডেকাই প্ৰথম, নিৰ্জুমন বৰাই দ্বিতীয়, আৰুচি আফ্ৰিনে তৃতীয় পুৰস্কাৰ লাভ কৰিছে ৷ উদগনি বঁটা লাভ কৰিছে অভিজ্ঞান শৰ্মা, তৃষ্ণা নাথ, নিভৃতি পাঠকে ৷ “গ” শাখাত এনি কাশ্যপে প্ৰথম, নিষ্ঠা প্ৰিয়ম শৰ্মাই দ্বিতীয়, মুক্তিস্নাতা বৰ্মনে তৃতীয় পুৰস্কাৰ লাভ কৰিছে ৷ উদগনি বঁটা লাভ কৰিছে শিল্পা বৰা, চিন্ময় দাস, ধৃতিমা ডেকাই৷কবিতা আবৃত্তি প্ৰতিযোগিতাৰ “ক” শাখাত  পূৱাঞ্চী দাসে প্ৰথম, প্ৰীতিষা কাশ্যপ, শ্ৰুতি মাধুৰ্যই যুটীয়াভাৱে দ্বিতীয়, ৰাগিনী কাশ্যপ, মঞ্জিতা হাজৰিকাই যুটীয়াভাৱে তৃতীয় পুৰস্কাৰ লাভ কৰিছে ৷ উদগনি বঁটা লাভ কৰিছে অক্ষিতা কাশ্যপ, শ্ৰেয়াংশ্ৰী ডি. এম. শইকীয়া, আত্মিষা প্ৰজ্ঞা হাজৰিকাই ৷ “খ” শাখাত বকুল প্ৰাণ ভূঞাই প্ৰথম, ৰিয়া ভট্টাচাৰ্যই দ্বিতীয়, গাৰ্গী কাশ্যপে তৃতীয় পুৰস্কাৰ লাভ কৰিছে ৷ উদগনি বঁটা লাভ কৰিছে হিমজ্যোতি কুমাৰ, অংশ্ৰুতা লক্ষ্মী গোস্বামী, মূৰ্চনা শৰ্মাই ৷ আনহাতে সাংস্কৃতিক প্ৰতিযোগিতাত বিদ্যালয় শাখাত কাহিলীপাৰাৰ নৰ্থ ইষ্ট পাব্লিক স্কুলে প্ৰথম, বৰ্ষাপাৰাৰ চাউথ পইন্ট স্কুল আৰু লখৰাৰ এন পি এচ ইন্টাৰনেচনেল স্কুলে যুটীয়াভাৱে দ্বিতীয়, বিষ্ণুপথৰ শংকৰদেৱ বিদ্যা নিকেতনে তৃতীয় আৰু মালিগাঁৱৰ নিলাচল জাতীয় বিদ্যালয়ে চতুৰ্থ স্থান লাভ কৰিছে ৷ মহাবিদ্যালয় শাখাত সন্দিকৈ ছোৱালী মহাবিদ্যালয়ে প্ৰথম, কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ে দ্বিতীয়, কটন বিশ্ববিদ্যালয়ে তৃতীয় আৰু মিৰ্জাৰ নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানে চতুৰ্থ স্থান লাভ কৰিছে ৷ বঁটা বিতৰণী সভাত অংশগ্ৰহণ কৰে নগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য, বিশিষ্ট সাংবাদিক ড° সমুদ্ৰগুপ্ত কাশ্যপ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ প্ৰাক্তন সভাপতি অজিত বৰ্মনে ৷ উল্লেখ্য যে আজি দ্বাদশ অৰ্থাৎ অন্তিম দিনালৈ প্ৰায় ৭কোটি টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি জনাইছে প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ৷ অন্তিমদিনা  মূল মঞ্চত অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াৰ মনপৰশা কাৰ্যসূচীয়ে মুখৰিত কৰি তোলে গ্ৰন্থমেলা প্ৰাংগণ ৷ অনুষ্ঠান পৰিচালনা কৰে প্ৰবোধ দাসে ৷

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment