কামৰূপ মহানগৰ জিলাত সুৰক্ষিত অসমৰ বাবে বাটৰ নাট


গুৱাহাটী,১৮ জানুৱাৰী : বানপানী, ভূমিকম্প, ভূমিস্খলন আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত সততে সংঘটিত হোৱা দূৰ্ঘটনা সমূহ ৰোধ কৰাৰ উদ্দেশ্য জিলা প্ৰশাসনে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপৰ অংশস্বৰূপে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত আজি দিছপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদত সুৰক্ষিত অসমৰ বাবে বাটৰ নাট-২ প্ৰদৰ্শন কৰা হয়। কামৰূপ মহানগৰ জিলাৰ জ্যোতিস্মান নাট্যগোষ্ঠীয়ে "আমাৰ পৃথিৱী আমাৰ দায়িত্ব" শীৰ্ষক বাটৰ নাটখন প্ৰদৰ্শন কৰে। পৃথিৱীৰ প্ৰতি আমাৰ দায়িত্ব আৰু কৰণীয় কি, এই ক্ষেত্ৰত বাটৰ নাটৰ জৰিয়তে ৰাইজৰ আগত উপস্থাপন কৰা হয়। সুৰক্ষিত অসমৰ বাবে বাটৰ নাট শীৰ্ষক অনুষ্ঠানৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে মহানগৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অতিৰিক্ত জিলা আয়ুক্ত অজিত কুমাৰ শৰ্মা আৰু দিছপুৰ সম জিলা আয়ুক্ত মনজিৎ বৰকাকতি, চক্ৰবিষয়াদ্বয় বুবুল বৈশ্য আৰু  পল্লৱ নাথে। আজিৰ এই শুভাৰম্ভ অনুষ্ঠানত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প বিষয়া মৃদুস্মিতা বৰা, জিলা প্ৰকল্প বিষয়া কৌস্তভ তালুকদাৰ, সম জিলা আয়ুক্ত কাৰ্যালয় তথা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment