প্ৰাক্তন সতীৰ্থ সন্মিলনৰ নামত মাত্তবৰতাৰ অভিযোগ, ৰাষ্ট্ৰীয়, আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন প্ৰাক্তন ছাত্ৰক অবহেলাত সচেতন লোকৰ ক্ষোভ



লখিমপুৰ,১৮ জানুৱাৰী :  ১৭ জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে লখিমপুৰৰ ফুলবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন সতীৰ্থ সন্মিলন। আজি দ্বিতীয় দিনা সেৰেঙা উপস্থিতিৰে কাৰ্যসূচী অব্যাহত আছে। ১৯৬১ চনত লখিমপুৰ জিলাৰ অতীতৰ নাওবৈচা সমষ্টিৰ অন্তৰ্গত ফুলবাৰীত প্ৰতিষ্ঠিত উক্ত বিদ্যালয়ত  তিনিদিনীয়া  কাৰ্যসূচীৰে প্ৰাক্তন সতীৰ্থ সন্মিলনৰ কাৰ্যসূচী সমূহ অব্যাহত আছে। কিন্তু এই আয়োজনৰ ক্ষেত্রত বহু প্ৰাক্তন ছাত্ৰ আৰু সচেতন ব্যক্তিয়ে উত্থাপন কৰা বিভিন্ন অনিয়ম তথা অভিযোগৰ লগতে বাদ-বিবাদক অভ্যৰ্থনা সমিতিয়ে কোনো গুৰুত্ব প্ৰদান নকৰি নিজৰ খেয়ালখুচি মতে আৰম্ভ কৰিলে উক্ত অনুষ্ঠান। উক্ত অনুষ্ঠানৰ অভ্যৰ্থনা সমিতিৰ একাংশ বিষ়ববীয়া আৰু সাংগো-পাংগো মিলি মাত্তবৰতা কৰাত সচেতন মহলৰ চকু কপালত উঠিছে। প্ৰাক্তন সতীৰ্থ সন্মিলনৰ ৱাটচ আপ গ্ৰুপত বহুজনে প্ৰশ্ন উত্থাপন কৰাৰ পাছতো কোনো গুৰুত্ব প্ৰদান কৰা নাই। অধিবক্তা অচ্যুত কৃষ্ণ হাজৰিকা নামৰ প্ৰাক্তন সচেতন ছাত্ৰজনৰ প্ৰশ্ন আছিল গৰিষ্ঠ সংখ্যক চৰকাৰী চাকৰিয়ালক উক্ত অনুষ্ঠানত অন্তৰ্ভুক্ত কৰা হৈছে। তাৰ পৰিৱৰ্তে সমাজকৰ্মী, কৃষি, খেলকে আদি কৰি আন বিভিন্ন দিশত সফলতা অৰ্জন কৰি  কেৱল ফুলবাৰী বা লক্ষীমপুৰ জিলালৈকে নহয় সমগ্ৰ ৰাজ্য খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা লোকক কি কাৰণত সেই স্থান দিয়া নহ'ল। প্ৰাক্তন ছাত্রজনে এই প্ৰশ্ন উত্থাপন কৰাৰ লগে লগে ভূঞা উপাধিৰ এজন অধিবক্তা আৰু মানস জ্যোতি বৰা নামৰ নৱ প্ৰজন্মৰ এজন প্ৰাক্তন ছাত্ৰই অচ্যুত কৃষ্ণ হাজৰিকাক সমৰ্থন কৰি অনুৰূপ প্ৰশ্ন উত্থাপন কৰাৰ পিছ মূহুৰ্ততে অভ্যৰ্থনা সমিতিৰ এজন বিষয়ববীয়াই ৱাটছআপ গ্ৰুপৰ ছেটিংছ সলনি কৰি  বাকী প্ৰাক্তন ছাত্ৰ ছাত্ৰীক মতামতৰ পৰা বঞ্চিত কৰে। লক্ষণীয় বিষয় যে উক্ত বিদ্যালয়তে অধ্যয়ন কৰা এগৰাকী প্ৰাক্তন ছাত্ৰীয়ে ৰাজ্যৰ  সফল খেলুৱৈ হিচাপে জিলাখনলৈ সুনাম অনাৰ লগতে উক্ত বিদ্যালয়ৰ আন এগৰাকী প্ৰাক্তন ছাত্ৰই সমাজ সেৱা আৰু মানৱ অধিকাৰৰ দিশত দুটা দশকতকৈ অধিক কালজুৰি অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত সেৱা আগবঢ়াই আন্তৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভ কৰি  ৰাজ্যখনৰ লগতে ভাৰতবৰ্ষলৈ গৌৰৱ কহিয়াই আনিছে।  উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ৰাষ্ট্ৰীয় টিম আন্নাৰ ৰাষ্ট্ৰীয় সমিতিৰ ৰাষ্ট্ৰীয় সদস্য হিচাপে গৌৰৱ অৰ্জন কৰা প্ৰাক্তন ছাত্রগৰাকীয়ে অসম তথা দেশত অন্ধবিশ্বাস তথা ডাইনীৰ নামত হোৱা হত্যাকাণ্ড ৰোধ কৰাৰ বাবে দেশৰ ভিতৰতে কঠোৰ আইন The assam witch hunting (ppp)ACT 2015ৰ প্ৰণয়ণৰ ক্ষেত্রত অন্যতম ভূমিকা গ্ৰহণ কৰিছিল। তদুপৰি তেওঁ শতাধিক যুৱকক ড্ৰাগছ আদিৰ পৰা মুক্ত কৰি দেশ আৰু সমাজৰ হকে কাম কৰি অহাৰ লগতে অসম আৰক্ষীৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অতিথি অধ্যাপক (  দি এছ পি কেট'গৰিৰ বাবে) হিচাপে সেৱা আগবঢ়াইছে। আনহাতে সমাজ সচেতক হিচাপে তেওঁ ৰচনা কৰা গীতত তৰালী শৰ্মা, জুবিন গাৰ্গ, মহেন্দ্ৰ হাজৰিকা, দীক্ষু আদিৰ দৰে শিল্পীয়ে কেইবাটি গীতত কণ্ঠদান কৰিছে। যি গৰাকী ব্যক্তিৰ প্ৰচেষ্টাত অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত ডাইনী হত্যাৰ দৰে সামাজিক ব্যাধি বন্ধ হোৱাৰ লগতে বৰ্ত্তমান সময়ত অসমৰ বিভিন্ন চৰকাৰী হস্পিটেলত সৰ্প দংশনৰ সু-চিকিৎসা খৰতকীয়া কৰা হৈছে। আন্তৰাষ্ট্ৰীয় শান্তি বঁটাকে প্ৰমুক্ষ কৰি প্ৰায় দুই শতাধিক ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বঁটা লাভ কৰা এইগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱাধিকাৰ তথা সামাজকৰ্মীক  পৰিকল্পিতভাৱে উক্ত অভ্যৰ্থনা সমিতিৰ একাংশই সান্দহ খোৱা বালি তল যোৱাৰ ভয়ত উপযুক্ত স্থান প্ৰদান নকৰাকলৈ সচেতন মহলে ধিক্কাৰ জনাইছে। সচেতন মহলৰ একাংশই এনে ব্যক্তিক বিশেষ স্থান প্ৰদানেৰে আমন্ত্ৰণ নকৰি সেই সকলে ঈৰ্ষা জনিত কাৰণত অসমীয়াৰ কেঁকোৰা চৰিত্ৰ উদঙাই দিছে বুলি সদৰি কৰিছে। বৰ্ত্তমান সময়ত একাংশই অসমৰ অলিয়ে-গলিয়ে প্ৰাক্তন সতীৰ্থ সন্মিলন অনুষ্ঠিত কৰি ধন সংগ্ৰহ আৰু ভোজ-ভাতকে প্ৰধান কাৰ্য হিচাপে লোৱা বুলি সচেতন মহলে মত ব্যক্ত কৰিছে। এই সন্দৰ্ভত অঞ্চলটোৰ এগৰাকী সচেতন ব্যক্তিয়ে প্ৰশ্ন উত্থাপন কৰে যে গৰিষ্ঠ সংখ্যক চৰকাৰী (একাংশ অৱসৰ প্ৰাপ্ত) চাকৰিয়ালকে সফলতাৰ মাপকাঠিৰে জোখা লোকসকল কেনেধৰণৰ ব্যক্তি এবাৰ ৰাইজে চিন্তা কৰি চাওক। যদি পৃথিৱী নামৰ গ্ৰহটোৰ সৰ্বশ্ৰেষ্ঠ নিউজ মেগাজিন টাইম মেগাজিনে যি গৰাকী ব্যক্তিক অসম তথা ভাৰতৰ এগৰাকী প্ৰতিষ্ঠিত মানব অধিকাৰ তথা সমাজ কৰ্মী হিচাপে স্বীকৃতি প্ৰদান কৰিছে। বাকী আলজাজিৰা, ইউ এছ এ টুদে, জী নিউজ, টাইমছ অৱ ইণ্ডিয়া, ইণ্ডিয়ান এক্সপ্ৰেছ, হিন্দুস্থান টাইমছ, দৈনিক জাগৰণ, পাঞ্জাৱ কেশৰী আদিয়ে ব্যক্তি জনৰ প্ৰতিটো কামকে প্ৰশংসা কৰি আহিছে। এনেবোৰ ৰাষ্ট্ৰীয় আৰু আন্তৰষ্ট্ৰীয় সংবাদ মাধ্যমে কোনো দেশৰ প্ৰধান মন্ত্ৰী বা কোনো ৰাজ্যৰ মুখ্য মন্ত্ৰীক প্ৰশংসা কৰে তেতিয়া দেশ আৰু ৰাজ্যৰ লোক সকলে গৌৰৱবোধ কৰে তেনে এজন প্ৰখ্যাত ব্যক্তিৰ মূল্য নুবুজা বা পৰিকল্পিত ভাৱে গৰিহণা মূলক কাম কৰাটোত সেই ব্যক্তি জনৰ কোনো ক্ষতি নহয় বৰঞ্চ ক্ষতি হ'ব আমাৰ নিজ জিলা বা অঞ্চলৰহে বুলি লোকজনে ক্ষোভ প্ৰকাশ কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment