ৰকিবুল হুছেইনক আক্ৰমণৰ ঘটনা : ৰাজীৱ ভৱনত কংগ্ৰেছৰ প্ৰতিবাদ


গুৱাহাটী,২১ ফেব্ৰুৱাৰী : সাংসদ ৰকিবুল হুছেইনৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদত আজি গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মূখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বিজেপি চৰকাৰ হায় হায়, বিজেপিৰ অপশাসন নচলিব, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা গ' বেক, বিজেপি চৰকাৰ মুৰ্দাবাদ আদি বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদকাৰীসকলে ৰাজীৱ ভৱনৰ চৌহদ উত্তাল কৰি তোলে। গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ উদ্যোগত আৰু প্ৰদেশ কংগ্ৰেছৰ সহযোগত আয়োজন কৰা প্ৰতিবাদী কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰা, উপ সভানেত্ৰী ববীতা শৰ্মা, উপ সভাপতি নৃপেন ঠাকুৰীয়া, গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি গোপাল শৰ্মাৰ লগতে প্ৰদেশ কংগ্ৰেছ আৰু জিলা কংগ্ৰেছৰ ভালেসংখ্যক নেতৃবৃন্দই অংশ গ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে সাংসদ ৰকিবুল হুছেইন আৰু তেওঁৰ পুত্র তানজিল হুছেইনৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰে। প্ৰাক্তন সাংসদ ৰিপুণ বৰাই কয়, "এগৰাকী সাংসদৰ ওপৰত হোৱা আক্ৰমণৰ এই ঘটনা সাধাৰণ ঘটনা নহয়। এই ঘটনাক আমি তীব্ৰ গৰিহণা দিছো। সাংসদ ৰকিবুল হুছেইনৰ প্ৰাণৰ সংশয় থকাৰ পাছতো নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা নাই। তেওঁক নিৰাপত্তা দিয়াটো আৰক্ষীৰ দায়িত্ব আছিল। ইয়াত মুখ্যমন্ত্রীৰ হাত আছে, বিজেপিৰ হাত আছে। বিজেপিয়ে ভাবিছে এনেকুৱা সন্ত্রাস সৃষ্টি কৰি আমি ইয়াত জংঘলৰাজ কৰিম। কাৰণ ২০২৬ত তেওঁলোকে নিৰ্বাচন জিকিব নোৱাৰে। গতিকে এই গুণ্ডাৰাজৰ যোগেদি তেওঁলোকে নিৰ্বাচন জিকাৰ সপোন দেখিছে। তেওঁলোকে কংগ্ৰেছ কৰ্মীক ভিতিগ্ৰস্ত কৰিব বিচাৰিছে। আমি কংগ্ৰেছ কৰ্মীয়ে হিমন্ত বিশ্ব শৰ্মাক সকিয়াই দিছো যে এনেকুৱা ঘটনাই কংগ্ৰেছ কৰ্মীক ভিতিগ্ৰস্ত কৰিব নোৱাৰে। কংগ্ৰেছে কেতিয়াও ভয় কৰা নাই। হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছ কৰ্মীয়ে ভয় নকৰে। ২০২৬ত আমি হিমন্ত বিশ্ব শৰ্মাক উৎখাত কৰাৰ সংকল্প লৈছো।" তেওঁ লগতে কয়, "অপৰাধীক চিনাক্ত কৰাটো ডাঙৰ কথা নহয়। অপৰাধী চিনাক্ত হ'বই। ডাঙৰ কথাটো হৈছে যে ঘটনাটো কেনেকৈ সংঘটিত হ'বলৈ পালে। ঘটনাটো কিয় হ'ল। চোৰাংচোৱা ক'ত আছিল। উদ্দেশ্যপ্ৰণোদিতভাৱে বিজেপি চৰকাৰে আমাৰ সাংসদগৰাকীৰ ওপৰত আক্ৰমণ কৰি কংগ্ৰেছ কৰ্মীৰ মনোবল ভাঙিব বিচাৰিছে। কিন্তু তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে।"



Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment