ইউ এছ টি এমৰৰ স্বত্বাধিকাৰী তথা আচাৰ্য মহবুবুল হকক গ্ৰেপ্তাৰ
গুৱাহাটী,২২ ফেব্ৰুৱাৰী : ইউ এছ টি এমৰৰ স্বত্বাধিকাৰী তথা আচাৰ্য মহবুবুল হকক গ্ৰেপ্তাৰ। যোৱানিশা মহবুবুল হকক আৰক্ষী আৰু এছ টি এফৰ এটা দলে আটক কৰে। মহানগৰীৰ ঘোৰামৰাস্থিত বাসগৃহৰ পৰা তেওঁক আটক কৰা হয়। নিশাই পাণবজাৰ থানাত উপস্থিত হয় মহবুবুল হকৰ পত্নী। জানিব পৰা মতে চি বি এছ চি দ্বাদশ বৰ্ষৰ পৰীক্ষাৰ্থীক সহায় কৰাৰ প্ৰলোভনেৰে ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে। শ্ৰীভূমিত ৰুজু হোৱা গোচৰৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। পানবজাৰ থানাৰ পৰা তেওঁক শ্ৰীভূমি থানালৈ নিয়া হৈছে। শ্ৰীভূমিৰ কেন্দ্ৰীয় বিদ্যালয়ত পদাৰ্থ বিজ্ঞান বিভাগৰ পৰীক্ষাত অৱৰ্ত্তীণ হোৱা ২৭৪ গৰাকী পৰীক্ষাৰ্থীক সহায় কৰাৰ প্ৰলোভন দিছিল মহবুবুল হকৰ প্ৰতিষ্ঠানে।পৰীক্ষা কেন্দ্ৰত সহায় নাপাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল পৰীক্ষাৰ্থীয়ে। ধন লৈ পৰীক্ষাত সহায় কৰাৰ অভিযোগ দিছিল প্ৰতিষ্ঠানৰ বিৰুদ্ধে। সেই গোচৰতেই ঘোঁৰামাৰাস্থিত বাসগৃহৰ পৰা মাজ নিশা গ্ৰেপ্তাৰ কৰা হয় মহবুবুল হকক।

0 Comments:
Post a Comment