গুৱাহাটী,১০ মাৰ্চ : বিত্তমন্ত্রী অজন্তা নেওগে আজি সদনত দাখিল কৰিলে অসম চৰকাৰৰ ২০২৫-২৬ বৰ্ষৰ পূৰ্ণাংগ বাজেট। আগন্তুক বৰ্ষৰ বাজেটখনত বহু কেইটা উল্লেখযোগ্য ঘোষণা কৰা হৈছে। বাজেটত চিকিৎসা মহাবিদ্যালয়ৰ ফেকাল্টি সকলক পদোন্নতিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ চৰ্ত পূৰ্ণ সাপেক্ষে গতিশীল নিশ্চিত জীৱিকা অগ্রগতি আঁচনিৰ অধীনত সামৰি লোৱা হ'ব। চৰকাৰে বছৰি দুখন ৰাষ্ট্ৰীয় সন্মিলন, এছিয়াৰ দেশসমূহৰ বাবে প্ৰতি দুবছৰত আৰু এছিয়াৰ বাহিৰৰ দেশসমূহৰ বাবে প্ৰতি চাৰি বছৰত এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ পৃষ্ঠপোষকতা কৰিব। চিকিৎসা মহাবিদ্যালয়সমূহৰ নৱনিযুক্ত ফেকাল্টিসকলক গাড়ী ক্ৰয়ৰ বাবে চৰকাৰে সূতবিহীন ঋণ প্রদািন কৰিব। অতিৰিক্তভাৱে তেওঁলোকৰ বাবে এখন সহজ গৃহ ঋণ আঁচনি শীঘ্ৰে আৰম্ভ কৰা হ'ব। কৰ্কট ৰোগী, বিশেষকৈ শিশুসকলৰ বাবে অত্যাধুনিক কর্কট চিকিৎসাৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে ৰাজ্যিক কৰ্কট প্রতিষ্ঠান, গুৱাহাটীত এটা প্ৰ'টন থেৰাপী কেন্দ্ৰ স্থাপন কৰা হ'ব। এইটো পূব ভাৰতৰ প্ৰথমটো আৰু দেশৰ ভিতৰত তৃতীয়টো প্ৰ'টন থেৰাপী কেন্দ্ৰ হ'ব। এই যন্ত্ৰটোৰ মূল্য হৈছে প্ৰায় ৫৫০ কোটি টকা। কেন্দ্ৰীয় চৰকাৰৰ উচ্চ শিক্ষা পুঁজি যোগান সংস্থাৰ আৰ্হিত অসমৰ শৈক্ষিক প্রতিষ্ঠানসমূহক সহায় কৰাৰ উদ্দেশ্যে অসম উচ্চ শিক্ষা পুঁজি যোগান আঁচনি মুকলি কৰাৰ বাবে বাজেটত প্ৰস্তাৱ লোৱা হৈছে। ইয়াৰ ফলত উচ্চ শিক্ষাৰ প্রতিষ্ঠানে নিজৰ আন্তঃগাঁথনি উন্নয়ন আৰু যন্ত্রপাতি ক্ৰয় কৰাৰ বাবে বেংকৰ পৰা ঋণ ল'ব পাৰিব। লাহোৱালত থকা ডিব্ৰুগড় পলিটেকনিকক এখন পূর্ণাংগ অভিযান্ত্রিক মহাবিদ্যালয়লৈ উন্নীত কৰা হ'ব। বছৰটোত আৰু ৯৭ খন আদৰ্শ বিদ্যালয় মুকলি কৰা হ'ব। ২৫ খন বড়ো মাধ্যমৰ বিদ্যালয়ক আদর্শ বিদ্যালয়লৈ উন্নীত কৰা হ'ব। বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা অনুষ্ঠানৰ সৈতে জড়িত শিক্ষকসকলৰ দৰমহা ২০,০০০ টকালৈ বৃদ্ধি আৰু তেওঁলোকৰ সেৱা ৬০ বছৰলৈ সম্প্ৰসাৰিত কৰা হৈছে। বাজেটত কার্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাক নিৰ্মল শক্তি আৰু পৰিৱেশ পর্যটন কেন্দ্ৰ হিচাপে গঢ়াৰ পৰিকল্পনা কৰা হৈছে। বড়োলেণ্ড ক্ষেত্রীয় পৰিষদৰ (বিটিচি ) বাবে ১,১৪৩ কোটি টকা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বাবে ৬২১ কোটি টকা আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ বাবে ৩০৬ কোটি টকা আৱণ্টন কৰা হৈছে।
বাজেটৰ আন কেতবোৰ ঘোষণা :
১. মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ এককালীন সাহায্যৰ পৰিমাণ ৪ লাখ টকাৰ পৰা ৫ লাখ টকালৈ বৃদ্ধি। বন্য জন্তুৰ উপদ্ৰৱত ফলত শস্য নষ্ট হলে ইয়াৰ ক্ষতিপূৰণ ৭,৫০০ টকাৰ পৰা ৮,০০০ টকালৈ বৃদ্ধি।
২. কাজিৰঙাত পুৰণি জিপছীৰ স্থানত নতুন বাহন, বৈদ্যুতিক বাহন অনা হ'ব। ইয়াৰ বাবে বাজেটত ২০ কোটি টকা ধাৰ্য কৰা হৈছে।
৩. শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ বাৰ্ষিক কিস্তিত ১০০কোটি টকাৰ এককালীন অনুদানৰ ঘোষণা।
৪. ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দুৰদৰ্শন প্ৰতিষ্ঠানক এবছৰৰ ভিতৰত ডিপ্লমা পৰ্যায়ৰ পৰা স্নাতক পৰ্যায়লৈ উন্নীতকৰণ সিদ্ধান্ত।
৫. অসমৰ সকলো জিলা সদৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱন নামেৰে বহুমুখী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ প্ৰস্তাৱ। ৩৫খন জিলাত ৭০০ কোটি টকাৰ ভিতৰত ১২খন জিলাৰ বাবে ২৪০ কোটি টকা বাজেটত আৱন্টন।
৬. ৰাজ্যখনৰ জিকিৰ আৰু জাৰীসমূহ থলুৱা ভাষালৈ অনুবাদ কৰাৰ সিদ্ধান্ত। আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাই এই দায়িত্ব বহন কৰিব।
৭. জ্যোতি চিত্ৰবনৰ কৰ্মচাৰীসকলৰ পদ প্ৰাদেশীকৰণৰ সিদ্ধান্ত। জ্যোতি চিত্ৰবন সমাজৰ উন্নীত কৰণৰ বাবে ৪ জনীয়া সমিতি গঠন।
৮. মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়লৈ গৱেষণামূলক কাম কাজৰ বাবে ৫০ কোটি টকাৰ আৱন্টনৰ ঘোষণা।
৯. কোচবিহাৰ মধুপুৰ সত্ৰৰ সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰৰ ৫০ কোটি টকীয়া প্ৰকল্প গ্ৰহণ। এই সত্ৰখনক ঐতিহ্যক্ষেত্ৰ হিচাপে ঘোষণা কৰাৰ বাবে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাব।
১০. ২০২৫ বৰ্ষৰ ১৪ এপ্ৰিলৰ পৰা অসম চৰকাৰৰ সকলো চৰকাৰী কাৰ্যালয়ত অসমীয়া অনুবাদ বাধ্যতামূলক।
১১. ২০০৬ চনৰ ১জানুৱাৰীৰ পূৰ্বে স্থাপিত হোৱা বিদ্যালয় প্ৰাদেশীকৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে বাজেটত।
১২. স্নাতক মহলাৰ বিশেষভাৱে সক্ষম শিক্ষাৰ্থীৰ সহায়ৰ বাবে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আচঁনিৰ বাবে ২৫ কোটি টকা ধাৰ্য।
১৩. মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ বাবে ২০২৫-২৬ বিত্তীয় বৰ্ষত ৭৭৩ কোটি টকা ধাৰ্য।
১৪. ৰাজ্যত এক লাখ নিযুক্তি প্ৰদানৰ লক্ষ্য অতিক্ৰম কৰাৰ পাছত এক লাখ ৬০ হাজাৰ ৫৯৪ গৰাকীক নিযুক্তি দিয়াৰ দিশে অসম চৰকাৰ। এই সন্দৰ্ভত সবিস্তাৰে বাজেটত উল্লেখ।
১৫. ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত হিতাধিকাৰীসকলৰ বাবে খাদ্য যোগানৰ নিশ্চিতি প্ৰদান কৰিবলৈ বাজেটত ৩৭০কোটি টকা আৱন্টন।
১৬. চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে ২০২৫-২৬বাজেটত ৩৪২ কোটি টকাৰ আৱন্টন।
১৭. শৈক্ষিক ক্ষেত্ৰত লিখা মেলা কৰা এক হাজাৰ যুৱ লেখকলৈ ২৫ হাজাৰ টকাৰ আৰ্থিক সাহায্য ঘোষণা। কৰ্মচাৰীসকলক গ্ৰন্থ ক্ৰয়ৰ বাবে এক হাজাৰ টকাকৈ এককালীন অনুদান।
১৮. অসম দৰ্শনৰ অধীনত ধৰ্মীয় অনুষ্ঠানৰ উন্নতকৰণ বাবে বাজেটত ধাৰ্য কৰা হৈছে ৪২০ কোটি টকা।
১৯. প্ৰতি মাহত ১২০ ইউনিট বিদ্যুত খৰচ কৰা জীৱনধাৰা আৰু ঘৰুৱা শ্ৰেণীৰ গ্ৰাহকসকলে প্ৰতি ইউনিটত এক টকাকৈ হ্ৰাস পাব। ইয়াৰ বাবে ৩০০ কোটি টকাৰ ৰাজসাহায্য ঘোষণা।
২০. মুখ্যমন্ত্ৰীৰ উৎকৰ্ষ যোজনাৰ অধীনত ৫০০টা কৃষক উৎপাদক সংস্থাক ১০ লাখকৈ টকা প্ৰদান কৰা হ'ব। ইয়াৰোপৰি প্ৰতি কুইন্টল ধানত ২৫০ টকা, প্ৰতি কুইন্টল সৰিয়হত ৫০০ টকা চৰকাৰী সাহায্য প্ৰদান কৰা হ'ব।
২১. এক জিলা এক পথ আঁচনিৰ জৰিয়তে প্ৰতিখন জিলাতে ২৫ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হ'ব। শিলচৰত এখন উৰণ সেতু হ'ব। ডিব্ৰুগড়ত নিৰ্মাণ কৰা হ'ব বিধায়কৰ হোষ্টেল। দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা হ'ব ডিব্ৰুগড়ক।
২২. দশম আৰক্ষী বেটলিয়নৰ চাউনী গুৱাহাটীৰ পৰা সোণাপুৰৰ কচুতলীলৈ স্থানান্তৰ কৰা হ'ব। কাৰ্বি আংলঙত সৈনিক স্কুল, কৃষি মহাবিদ্যালয়, পশু চিকিৎসা মহাবিদ্যালয় হ'ব।
২৩. ২০২৫ চনৰ এপ্ৰিলৰ পৰা সকলো বিদ্যালয়তে অষ্টম শ্ৰেণীলৈকে অসম ইতিহাস বিষয়টো বাধ্যতামূলক।

0 Comments:
Post a Comment