লখিমপুৰবাসীৰ বাবে দুখৰ খবৰ : লীলাবাৰী বিমান বন্দৰৰ পৰা কৰ্তন হ'ল উৰান আঁচনিৰ বিমান সেৱা


লখিমপুৰ,১০ মাৰ্চ : লখিমপুৰ জিলাৰ লীলাবাৰী বিমান বন্দৰৰ পৰা কৰ্তন হল উৰান আঁচনিৰ বিমান সেৱা। ২০২৪ বৰ্ষৰ ২৫ ডিচেম্বৰতে এই বিমান সেৱা বাতিলৰ খৱৰটো আহিছিল যদিও অসম চৰকাৰ আৰু লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ গুৰুত্বহীনতৰ বাবেই অৱশেষত বাতিল হ'ল বিমান সেৱা। উল্লেখ যে ২০২২ বৰ্ষৰ ৩১ অক্টোবৰৰ পৰা এলায়েন্স এয়াৰৰ এখন বিমান গুৱাহাটীৰ পৰা শ্বিলং, শ্বিলঙৰ পৰা তেজপুৰ, তেজপুৰৰ পৰা লখিমপুৰ আৰু লখিমপুৰৰ পৰা জিৰ'লৈ বিমানখন চলাচল কৰি আছিল। ২০২২ চনত লীলাবাৰীত মুকলি কৰা হৈছিল এই উৰান আঁচনিৰ সেৱা। ৰাইজে কম খৰছত লখিমপুৰৰ পৰা গুৱাহাটী, লখিমপুৰৰ শ্বিলং, তেজপুৰ, তেজুলৈ যোৱাৰ সুযোগ লাভ কৰিছিল। লীলাবাৰী বিমান বন্দৰত সকলো উন্নতমানৰ সুবিধা থকাৰ লগতে উৰান বিমানৰ যাত্ৰীও আছিল যথেষ্ট। কিন্তু তৎসত্তেও কিয় এই বিমান বাতিল কৰা হ'ল তাক লৈ এতিয়া ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে আৰু চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৰাইজ গৰজি উঠিছে । ৰাইজ, সন্থা, সংগঠনে অসম চৰকাৰ আৰু সাংসদ প্ৰদান বৰুৱাৰ নিৰ্লিপ্ত ভূমিকাৰ বাবেই এই বিমান সেৱা বাতিল হোৱাৰ অভিযোগ তুলিছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment