চচলত অৱস্থানৰত পলিটেকনিক শিক্ষকৰ কাষত অসম জাতীয় পৰিষদ


গুৱাহাটী,১৩ মাৰ্চ : ৰাজ্যৰ পলিটেকনিক সমূহত কৰ্মৰত অংশকালীন শিক্ষক সকলক কামৰ পৰা অব্যাহিত দিয়াৰ ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইফালে চাকৰি হেৰুৱাবলগীয়া হোৱা পলিটেকনিকৰ শিক্ষকসকলৰ ওচৰত থিয় হৈ সহমৰ্মিতা প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদ দলে। গুৱাহাটীৰ চচলত তিনি সপ্তাহ ধৰি অৱস্থান গ্ৰহণ কৰি থকা শিক্ষকসকলৰ মাজত আজি দলটোৰ এটা সজাতি গোটসহ উপস্থিত হয় দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা ৷ তেওঁ প্ৰতিবাদৰত শিক্ষকসকলৰ সৈতে বাৰ্তালাপ কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয়। উল্লেখ্য যে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত ২০১৭ চনত নতুনকৈ প্ৰতিষ্ঠা কৰা ৰাজ্যৰ ১১ খন অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠানত তেতিয়াই নিযুক্তি পোৱা ৬৪ গৰাকী শিক্ষকক বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অপ্ৰত্যাশিতভাৱে চাকৰিৰ পৰা অব্যাহতি দিয়াৰ পাছত উক্ত শিক্ষকসকলৰ সংস্থা ‘সদৌ অসম পলিটেকনিক প্ৰতিষ্ঠাপক প্ৰৱক্তা সংস্থা’ই ১৭ ফেব্ৰুৱাৰীৰ পৰা চচলত অনিৰ্দিষ্ট কালৰ বাবে অৱস্থান গ্ৰহণ কৰি আছে। ৰাজ্য চৰকাৰে উক্ত শিক্ষকসকলৰ দাবী পূৰণ কৰাৰ সলনি তেওঁলোকৰ প্ৰতি চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত ন্যায্য বুলি কৈ তেওঁলোকে উক্ত চাকৰি পাবলৈ হ’লে নতুনকৈ পৰীক্ষা দিব লাগিব বুলি ঘোষণা কৰাৰ ফলত শিক্ষকসকলৰ বিষয়টো জটিলতাৰ দিশলৈ গতি কৰিছে। আজি অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই প্ৰতিবাদী শিক্ষকসকলৰ সৈতে কথা পাতি সাংবাদিকৰ আগত কয়, "অস্থায়ীভাৱে নিযুক্তি দিয়া শিক্ষকৰ চাকৰি অগ্ৰাধিকাৰ ভিত্তিত নিয়মীয়া কৰাৰ বহু উদাহৰণ আছে। এইসকল শিক্ষকক যি সময়ত চাকৰি প্ৰদান কৰা হৈছিল, তেতিয়া ৰাজ্যৰ শিক্ষামন্ত্ৰী আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা৷ গতিকে তেতিয়া তেওঁলোকক স্থায়ীভাৱে নিযুক্তি নিদি অস্থায়ী কৰি ৰখাৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মায়েই ল'ব লাগিব। তেতিয়াই এওঁলোকৰ চাকৰি নিয়মীয়া কৰা হ’লে এতিয়া এই সমস্যাটোৰ সৃষ্টি নহ’লহেতেন ৷ তেতিয়াই যিহেতু এওঁলোকে পৰীক্ষা দিয়েই চাকৰি পাইছিল গতিকে তেওঁলোকৰ চাকৰি অগ্ৰাধিকাৰ ভিত্তিত নিয়মীয়া কৰাটো চৰকাৰৰ দায়িত্ব। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কি ভাবি এই শিক্ষকসকলৰ ক্ষেত্ৰত অমানৱীয় আচৰণ কৰিছে সেয়া ৰহস্যজনক। এনে আচৰণ বন্ধ কৰি উক্ত শিক্ষকসকলৰ প্ৰতি ন্যায় কৰিবলৈ আমি চৰকাৰক আহ্বান জনাইছো।"


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment