প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্র ঋতম সিঙৰ গ্ৰেপ্তাৰক লৈ নিশা লখিমপুৰত উত্তপ্ত পৰিস্থিতি : সদৰ থানাৰ সন্মুখত উত্তাল প্রতিবাদ


লখিমপুৰ,১৫ মার্চ : প্রদেশ কংগ্ৰেছৰ মুখপাত্র ঋতম সিঙে টুইটাৰত লখিমপুৰৰ বিধায়ক মানৱ ডেকা সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰসঙ্গত আৰক্ষীয়ে সিঙক গুৱাহাটীত গ্ৰেপ্তাৰ কৰাক লৈ আজি সন্ধিয়া লখিমপুৰ উত্তপ্ত হৈ পৰে আৰু নিশা উত্তৰ লখিমপুৰ সদৰ থানাৰ সন্মুখত একাংশ কংগ্ৰেছৰ নেতা-কর্মীয়ে উত্তাল প্রতিবাদ সাব্যস্ত কৰে। উল্লেখ যে লখিমপুৰ আৰক্ষীয়ে ঋতম সিঙক গুৱাহাটীত গ্ৰেপ্তাৰ কৰাৰ লগে লগে লখিমপুৰ আৰক্ষী সষ্টম হৈ পৰে আৰু থানাৰ মুখ্য প্রবেশদ্বাৰ বন্ধ কৰি বহু সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰে। ইফালে আজি লখিমপুৰৰ জিলা কংগ্রেছে ঋতম সিঙক গ্ৰেপ্তাৰ কৰি লখিমপুৰলৈ অনাৰ খবৰ পোৱাৰ লগে লগে লখিমপুৰৰ কংগ্ৰেছৰ কৰ্মীসকলে সদৰ থানাৰ সন্মুখত সন্ধিয়া মুখ্যমন্ত্ৰীৰ জুমুঠি দাহ কৰাৰ বাবে সাজু হয় যদিও লখিমপুৰ আৰক্ষীয়ে কংগ্ৰেছ কৰ্মীৰ প্রতিবাদক বাধা প্রদান কৰে। কংগ্ৰেছ কর্মীসকলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা মুর্দাবাদ, মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক, বিজেপি হায় হায়, বিজেপি গ' বেক, বিজেপিৰ হিটলাৰী শাসন নচলিব, ঋতম সিঙক বিনাচর্তে মুক্তি দিয়ক আদি শ্লগান দি সদৰ থানাৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। আৰক্ষীৰ কংগ্ৰেছ নেতা কর্মীসকলৰ লগত তীব্র হতাহতিৰ সৃষ্টি হয়। পৰবৰ্তী সময়ত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ সক্ষম হয়।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment