আছু-উন্নতি সভা-অসম সেনাৰ আহ্বানত ১৮ মাৰ্চত ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী সজাগতা সমদল


গুৱাহাটী,১৬ মাৰ্চ : অসমৰ ভৱিষ্যৎ ৰক্ষাৰ্থে, অসমক ড্রাগছমুক্ত কৰাৰ লক্ষ্যৰে সদৌ অসম ছাত্ৰ সন্থা, অসম উন্নতি সভা আৰু অসম সেনাৰ আহ্বানত ১৮ মার্চত ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী সজাগতা সমদল কৰা হ'ব। ১৮ মার্চ তাৰিখে সমগ্র অসমৰ প্ৰতিখন জিলাৰ সদৰত এই ড্ৰাগছ বিৰোধী সমদল কৰা হ'ব। সদৌ অসম ছাত্ৰ সন্থাই চলাই থকা ড্ৰাগছ বিৰোধী সজাগতা অভিযানৰ অংশ হিচাপে ১৮ মার্চ তাৰিখে ছাত্ৰ সন্থা, উন্নতি সভা আৰু অসম সেনাই এই ড্ৰাগছ বিৰোধী সজাগতা সমদল কাৰ্যসূচী গ্ৰহণ কৰিছে। ছাত্ৰ সন্থাৰ অতি স্পষ্ট আৰু দৃঢ় মত যে অসমৰ ভবিষ্যৎ প্রজন্মৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে অসম ড্ৰাগছ মুক্ত হ'বই লাগিব। এই সন্দৰ্ভত আছুৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকন, অসম উন্নতি সভাৰ সভাপতি ড° সমুজ্জ্বল ভট্টাচার্য আৰু সাধাৰণ সম্পাদক শৰৎ হাজৰিকা আৰু অসম সেনাৰ মুখ্য সম্পাদক বিজয় শঙ্কৰ বৰদলৈয়ে কয়, "অসমত ড্ৰাগছৰ ব্যাপক প্রচলন চিন্তনীয় বিষয় হৈ পৰিছে। ড্ৰাগছৰ কৱলত পৰি নতুন প্ৰজন্মৰ একাংশই ধ্বংসৰ মুখলৈ গতি কৰিছে। ই অসমৰ অন্ধকাৰ ভবিষ্যতৰ ইংগিত কঢ়িয়াই আনিছে। এনে পৰিস্থিতিৰ সন্মুখীন হোৱা পৰিয়ালত সাংসাৰিক অশান্তি তথা অনিশ্চয়তাৰ সৃষ্টি হৈছে। পিতৃ-মাতৃ আৰু পৰিয়াল মানসিক দুঃচিন্তাত পৰিছে। অপৰাধ জনিত ঘটনা সংঘটিত হ'বলৈ ধৰিছে। ড্রাগছে অসমৰ সামাজিক, অর্থনৈতিক কাঠামো ভাঙি চূৰমাৰ কৰি পেলাব। অসম চৰকাৰে ৰাজ্যখনত অবিৰত ফলপ্ৰসু ড্ৰাগছ বিৰোধী অভিযান চলাব লাগিব। ড্ৰাগছ যোগানকাৰী সকলক কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব। অসমলৈ ড্ৰাগছ অহাৰ উৎস আৰু ড্ৰাগছ অহাৰ বাট নিঃশেষ কৰি পেলাব লাগিব। অসমৰ নতুন প্ৰজন্মৰ সুৰক্ষিত ভবিষ্যতৰ বাবে অসমৰ সমাজ জীৱনেও ড্ৰাগছৰ বিৰুদ্ধে জাগ্ৰত ভূমিকা ল'ব লাগিব। সামাজিক অনুষ্ঠানসমূহে ড্ৰাগছৰ বিৰুদ্ধে সক্রিয় কাৰ্যসূচী গ্ৰহণ কৰাৰ প্ৰয়োজন আহি পৰিছে। ড্ৰাগছ বিৰোধী সজাগতা অভিযানত ছাত্ৰ সন্থাই অসমৰ মাতৃ সমাজ, মহিলা সংগঠন আৰু শিক্ষক সমাজ, শিক্ষক সংগঠনৰ অভিভাৱকত্ব বিচাৰিছে। অসমৰ চুবুৰীয়ে-চুবুৰীয়ে, গাঁৱে-গাঁৱে, চহৰে নগৰে ড্ৰাগছ বিৰোধী সজাগতা অভিযানৰ সুনির্দিষ্ট পদক্ষেপ গ্ৰহণৰ প্ৰয়োজন আহি পৰিছে। ছাত্ৰ সন্থা, উন্নতি সভা আৰু অসম সেনাই ৰাইজৰ অভিভাৱকত্বত এই ড্ৰাগছ বিৰোধী সজাগতা অভিযান আগুৱাই নিবলৈ পৰিকল্পনা কৰিছে। অসম ড্ৰাগছমুক্ত হ'বই লাগিব।"


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment