ড০ দিব্যজ্যোতি শইকীয়ালৈ শৌৰ্য সন্মান আৰু আন্তঃৰাষ্ট্ৰীয় মানৱতা বঁটা


 

নিউজ ডেক্স,৩ মাৰ্চ: নতুন দিল্লীৰ কনষ্টিটিউচন ক্লাব অব ইণ্ডিয়াত পহিলা মাৰ্চৰ বিয়লি অসমৰ আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱাধিকাৰ তথা সমাজকৰ্মী ড০ দিব্যজ্যোতি শইকীয়াক দেশ আৰু সমাজৰ বাবে আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে  ডিজিহ'লী ইণ্ডিয়া সংস্থাৰ তৰফৰ পৰা 'শৌৰ্য সন্মান বঁটা' প্ৰদান কৰা হয়। আনহাতে সিদিনাই নিশাৰ ভাগত ইণ্টাৰনেচনেল ইণ্ডিয়া চেণ্টাৰত মহাত্মা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় আৰু ইউ কেস্থিত আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ ৰাজদূত সংগঠনৰ (ভাৰত উইং) দ্বাৰা ড০ শইকীয়াক 'আন্তৰাষ্ট্ৰীয় উৎকৃষ্ট মানৱতা বঁটা' প্ৰদান কৰা হয়। শৌৰ্য বঁটা প্ৰদান কৰে মুখ্য অতিথি দেশৰ জ্যেষ্ঠ আদৰ্শবান ৰাজনীতিজ্ঞ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পদ্মভূষণ হুকুমদেৱ নাৰায়ন যাদৱে। অসুস্থ দেহাৰেই হুকুমদেৱ নাৰায় যাদৱে বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি বঁটা প্ৰাপকক সকলক উদ্দেশ্যি কয় যে আপোনালোক আলোকৰ একো একোজন গৰাকী। গতিকে সঠিক ঠাইত পোহৰ বিলাই দেশক সঠিক পথত আগবঢ়াই নিয়াৰ দায়িত্ব আপোনালোকৰ। বিগত ২৪ বছৰ ধৰি ড০ দিব্যজ্যোতি শইকীয়াই অসমৰ লগতে দেশৰ বিভিন্ন ৰাজ্যত অন্ধবিশ্বাসৰ বিৰুদ্ধে কাম কৰি শতাধিক ডাইনীৰ নামত নিৰ্যতিত লোকক উদ্ধাৰ কৰা, চিকিৎসা প্ৰদান কৰাৰ লগতে সন্মান সহকাৰে তেনেলোকক পুনৰ সংস্থাপন কৰি আহিছে। ড০ দিব্যজ্যোতি শইকীয়াৰ দৰে ব্যক্তিৰ সংগ্ৰামৰ বাবেই অসম চৰকাৰে অন্ধবিশ্বাস ৰোধ কৰিবৰ বাবে The Assam witch hunting (PPP) act 2015 নামেৰে অন্ধবিশ্বাস আৰু ডাইনীৰ নামত হিংসা প্ৰতিৰোধ আইন প্ৰনয়ন কৰিলে। এসময়ৰ টিম আন্নাৰ ৰাষ্ট্ৰীয় ক'ৰ কমিটীৰ ৰাষ্ট্ৰীয় সদস্য  ড০ দিব্যজ্যোতি শইকীয়াই ড্ৰাগছৰ বিৰুদ্ধে যুঁজ প্ৰদান কৰি অসমৰ বিভিন্ন জিলাৰ লগতে তিনিচুকীয়া জিলাৰ শতাধিক যুৱকক নিচামুক্ত কৰিবলৈ সক্ষম হৈছে। ড০ দিব্যজ্যোতি শইকীয়াই শান্তি আৰু মানৱতাৰ বাবে কৰি অহা কামৰ বাবে ডেৰ শতাধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰিছে। ইয়াৰ ভিতৰত বাবু জগজীৱনৰাম স্মৃতি সন্মান, ৱৰ্ল্ড পিচ নবেল আন্তৰাষ্ট্ৰীয় বঁটা, বংগ গৌৰব সম্মান, ৱৰ্ল্ড পাৰ্লিয়ামেণ্ট্ৰি ইন্টাৰনেছনেল বঁটা, ভাৰতীয় সূৰ্য সম্মান, তিলকা মাঝি ৰাষ্ট্ৰীয় সন্মান আদি অন্যতম।  ড০ দিব্যজ্যোতি শইকীয়াৰ এনেধৰণৰ উৎকৃষ্ট সেৱাৰ বাবে আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যম টাইম মেগাজিন, আলজাজীৰা, ইউ এছ এ ট'দে, আদি বিশ্বৰ প্ৰখ্যাত সংবাদ মাধ্যমে ভূয়সী প্ৰশংসা কৰি আহিছে। ড০ দিব্যজ্যোতি শইকীয়াৰ লগতে নতুন দিল্লীৰ কনষ্টিটিউচন ক্লাবত অনুষ্ঠিত অনুষ্ঠানত ৰাষ্ট্ৰীয় সংবাদ মাধ্যম সাংসদ টিভি আজটক আদিৰ সাংবাদিকৰ উপৰিও এইমছৰ কেইবাগৰাকী চিকিৎসকক শৌৰ্য সন্মান প্ৰদান কৰা হয়।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment