বিজেপিৰ সদৰত নৱ-নির্বাচিত জিলা আৰু মণ্ডল সভাপতিসকলৰ সাংগঠনিক কর্মশালা

 


গুৱাহাটী,১ মাৰ্চ : ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভবনত আজি নৱ-নির্বাচিত জিলা আৰু মণ্ডল সভাপতিসকলৰ সাংগঠনিক কর্মশালা আৰু অভিনন্দন সভা অনুষ্ঠিত হয়। সাংগঠনিক কর্মশালাৰ সমাপন ভাষণত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে কংগ্ৰেছৰ দিনত অৱহেলিত আৰু পিছপৰি থকা সকলো লোককে সমাহিত কৰি সকলো আঁচনিৰ দ্বাৰা উপকৃত কৰাৰ বাবে নৱ-নির্বাচিত জিলা আৰু মণ্ডল সভাপতি সকলে নিৰন্তৰ আৰু সচেতন প্ৰহৰীৰূপে কাম কৰিব লাগিব। ভাষণ প্রসংগত মুখ্যমন্ত্রী শর্মাই সমৃদ্ধিশালী অসম আৰু অসমীয়াৰ ভবিষ্যত সুৰক্ষাৰ বাবেই অনাগত দিনত বিজেপি চৰকাৰৰ প্রয়োজন বুলি দোহাৰে। লগতে মুখ্যমন্ত্রীয়ে কয় যে বিজেপি চৰকাৰ থকা বাবেই আজি অসমীয়া ভাষা ধ্রুপদী ভাষা হিচাপে জগত সভালৈ যাব পাৰিছে, চৰাইডেউ মৈদাম বিশ্বমানচিত্রত জিলিকি উঠিছে। অসমৰ ইতিহাসত প্রাপ্তি আৰু স্বর্ণিল ভবিষ্যতৰ দুৱাৰ মুকলিৰ বাটকটীয়া হৈ ৰব এডভান্টেজ আছাম ২.০ যাৰ ফলশ্রুতিত প্রায় ৪.৯১ কোটি টকাৰ বিনিয়োগ অসমলৈ অহাৰ পথ প্রশস্ত হ'ল। অসম প্রদেশ বিজেপিৰ প্ৰয়াত ছয় গৰাকী সভাপতিৰ কষ্ট, ত্যাগ আৰু সাধনাৰ স্মৃতিক সুঁৱৰি সভাপতি শইকীয়াই নব-নির্বাচিত জিলা আৰু মণ্ডল সভাপতি সকলক সমাগত পঞ্চায়ত, স্বায়ত্ব শাসিত উন্নয়ন পৰিষদ, বিটিআৰ আৰু বিধানসভা নির্বাচনত দলৰ সেনাপতি ৰূপে অবতীর্ণ হৱৰ বাবে আহ্বান জনায়। চাহ জনগোষ্ঠীৰ বিনন্দীয়া কৃষ্টি ঝুমইৰক বিকশিত ভাৰতৰ খনিকৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা "ঝুমইৰ বিনন্দিনী" শীর্ষক বর্ণিল নৃত্যানুষ্ঠাৰ শুভাৰম্ভণিৰ জৰিয়তে চাহ জনগোষ্ঠীৰ সংস্কৃতিক এক নতুন পরিচয়ৰে মহীয়ান কৰাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক ৬৫ লাখ দলৰ সদস্যৰ হৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে সভাপতি দিলীপ শইকীয়াই। দূৰদৰ্শী আৰু আধুনিক অসমৰ স্বপ্নদ্রষ্টা বুলি ড০ হিমন্ত বিশ্ব শর্মাক অভিহিত কৰি দিলীপ শইকীয়াই কয় যে দেশ-বিদেশৰ প্ৰতিষ্ঠানৰ বিপুল অংশগ্রহণ আৰু বিপুল বিনিয়োগৰ প্রতিশ্রুতিৰে ঐতিহাসিক কৰি তোলা এডভান্টেজ আছাম ২.০ সমৃদ্ধিশালী আৰু বিকশিত অসমৰ ৰূপান্তৰৰ আধাৰ।

সাংগঠনিক সভা সম্বোধন কৰি অসমৰ প্রাক্তন মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে এডভান্টেজ। ২০১৬ চনত প্রধানমন্ত্রীৰ দায়িত্ব লৈয়ে প্রত্যেক ১৫ দিনৰ মূৰত এগৰাকী কেন্দ্রীয় মন্ত্ৰীক উত্তৰ-পূৰ্বাঞ্চলত প্রবাসী কার্যসূচী লোৱাটো নিশ্চিত কৰে যাৰ ফলশ্রুতিত আজি উত্তৰ-পূর্বাঞ্চল দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হবলৈ গৈ আছে। আজিৰ এই সভাতেই ভাৰতীয় জনতা পার্টিৰ জ্যেষ্ঠ কার্যকর্তা হৰেকৃষ্ণ ভৰালীৰ পৱিত্ৰ স্মৃতিত উচর্গিত অসম প্রদেশ বিজেপিৰ মুখপত্র "বিজেপি বার্তা" উন্মোচন কৰে ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষে। সভাপতি দিলীপ শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত উক্ত সাংগঠনিক সভাত উপস্থিত থাকে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, ৰাষ্ট্রীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ, বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্রসাদ তাচা, প্রদেশ বিজেপিৰ ৰাষ্ট্ৰীয় প্রভাৰী হৰিশ দ্বিবেদী, প্রদেশ বিজেপিৰ সদ্যবিদায়ী সভাপতি ভবেশ কলিতা, প্রদেশ বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজু, অসম প্রদেশ বিজেপিৰ ৩৯ খন সাংগঠনিক জিলাৰ নৱ-নির্বাচিত জিলা সভাপতি আৰু অসম প্রদেশ বিজেপিৰ ৪৩৩ টা মণ্ডলৰ নৱ-নির্বাচিত মণ্ডল সভাপতি সকল। আজিৰ সভাত আপেক্ষিত ৫০৭ জন কার্যকৰ্তাৰ ভিতৰত ৫০০জন কার্যকর্তা উপস্থিত থাকি সংগঠনৰ শক্তি বৃদ্ধিৰ লগতে সমাগত প্রতিটো নির্বাচনতে প্রচণ্ড বিজয়ৰ সংকল্প গ্রহণ কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment