গুৱাহাটী,২০ মাৰ্চ : গুৱাহাটীত এতিয়াৰে পৰা নিশা ২ বজালৈ খোলা ৰাখিব পাৰিব সুৰাৰ বিপণী। আজি ডিব্রুগড়ত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ পাছতে কেবিনেটৰ সিদ্ধান্ত সমূহ সংবাদমেল যোগে সদৰি কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। কেবিনেটৰ সিদ্ধান্ত অনুসৰি গুৱাহাটীত নিশা ২ বজালৈ খোলা ৰাখিব পাৰিব সুৰাৰ বিপণী। আন স্থানত নিশা ১২ বজালৈ খোলা ৰাখিব পাৰিব সুৰাৰ বিপণী। আনহাতে গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰত ২৪ ঘণ্টাই খোলা ৰাখিব পাৰিব দোকান। গ্ৰামাঞ্চলত নিশা ১১ বজালৈ দোকান খোলা ৰাখিব পাৰিব। তদুপৰি কেবিনেটে নামৰূপত ইউৰিয়া, এম’নীয়া প্রকল্পৰ বাবে মোডীক ধন্যবাদ জ্ঞাপন কৰে। এই প্রকল্পত ভাৰত চৰকাৰৰ ৬০ শতাংশ অংশীদাৰিত্ব আৰু ৪০ শতাংশ অংশীদাৰিত্ব থাকিব অসম চৰকাৰৰ থাকিব। মৰাণ জনগোষ্ঠীৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অৰুণাচল প্রদেশৰ বিভিন্ন স্থানত মৰাণ জনগোষ্ঠীৰ লোক বাস কৰে। অৰুণাচল চৰকাৰে তেওঁলোকক স্থায়ী নাগৰিকত্ব প্রদান নকৰে। এই সমস্যা সমাধান নোহোৱা পৰ্যন্ত অসমৰ PRC দিয়াৰ সিদ্ধান্ত। আনহাতে মেডিকেল, অভিযান্ত্রিক মহাবিদ্যালয়তো বিভিন্ন সুবিধা লাভ কৰিব। ৰাজ্যত থকা সংৰক্ষণ ব্যৱস্থাৰ সুবিধাও লাভ কৰিব অৰুণাচলৰ মৰাণসকলে। সেইদৰে এন এইচ এমৰ কৰ্মী, নাৰ্ছৰ বাবে বিশেষ সিদ্ধান্ত কেবিনেটত। ৰাজ্য চৰকাৰৰ নিয়োগৰ সুবিধা লোৱাৰ ক্ষেত্রত বয়সৰ কোনো সীমা নাথাকিব। স্বাস্থ্য বিভাগৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব NHMৰ কৰ্মচাৰীসকল। গোৱালপাৰা অসামৰিক হাস্পতাল নতুন নামেৰে নামকৰণ। শ্বহীদ নিধানুৰ ৰাম ৰাজবংশীৰ নামেৰে নামকৰণৰ সিদ্ধান্ত। ৩১মাৰ্চৰ পৰা প্রতিটো ৱেলনেচ চেণ্টাৰত একোটাকৈ স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কেবিনেটৰ।
গুৱাহাটীত নিশা ২ বজালৈ খোলা ৰাখিব পাৰিব সুৰাৰ বিপণী : কেবিনেট সিদ্ধান্ত

%20(9).jpeg)
0 Comments:
Post a Comment