গুৱাহাটী,২১ মাৰ্চ : অসম বিধানসভাত নজিৰবিহীন ঘটনা। এগৰাকী বিধায়কে আন এগৰাকী বিধায়কক চোঁচা মাৰি যোৱাৰ ঘটনা সংঘটিত হ'ল অসম বিধানসভাত। বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বাদশ দিনা বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৰুদ্ৰমূর্তি ধৰি বিৰোধী দুই বিধায়কক আঙুলি টোৱাই খেদি যোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অৱশ্যে উপাধ্যক্ষৰ হস্তক্ষেপত সদনত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নিজৰ আচৰণৰ বাবে ক্ষমা খোজে যদিও সমগ্ৰ ঘটনাটোক সহজভাৱে লোৱা নাই বিৰোধীয়ে। উল্লেখ্য যে আজি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বাদশ দিনা সদনত নিজৰ বক্তব্য উপস্থাপন কৰাৰ সময়ত হঠাতে অগ্নিশৰ্মা হৈ পৰে ৰূপজ্যোতি কুৰ্মী। তেওঁ বক্তব্য দি থকাৰ মাজতে বিৰোধী বিধায়কে মাত মতাৰ বাবেই তেওঁ অগ্নিশৰ্মা হৈ পৰে। আনকি তেওঁ আঙুলি টোৱাই খেদি গ'ল বিৰোধী বিধায়কক। নিজ আসনৰ পৰা উচ্চস্বৰত হুংকাৰ দি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিধায়ক অখিল গগৈক লক্ষ্য কৰি কয়, "আপোনাৰ ওচৰত গৈ মই আপোনাৰ মাইক ভাঙি দিম। মই কথা কৈ থকাৰ সময়ত কথা নক'ব।" ৰূপজ্যোতি কুৰ্মীৰ এই আচৰণৰ প্ৰতিবাদ জনাই বিধায়ক শ্বেৰমান আলীয়ে মন্তব্য কৰাত আৰু অধিক অগ্নিশৰ্মা হৈ পৰে ৰূপজ্যোতি কুৰ্মী। ৰূপজ্যোতি কুৰ্মীয়ে কেতবোৰ অসংবিধানিক মন্তব্য কৰি বিধায়ক শ্বেৰমান আলীক লক্ষ্য কৰি খেদা মাৰি যায়। লগে লগে সদন উত্তপ্ত হৈ পৰে। ৰূপজ্যোতি কুৰ্মীৰ আচৰণত বিৰোধী বিধায়ক সকল সৰৱ হৈ পৰে। এই তীব্ৰ বাকবিতণ্ডা চলি থকা সময়ত অধ্যক্ষৰ আসনত অধ্যক্ষ নাইবা উপাধ্যক্ষ নাছিল। এগৰাকী বিধায়কে দায়িত্ব পালন কৰি আছিল। অৱশ্যে সদনৰ পৰিস্থিতি উত্তপ্ত হৈ থকাৰ সময়তে উপাধ্যক্ষ ডাঃ নোমল মমিন উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রিত কৰাৰ চেষ্টা কৰে। উপাধ্যক্ষৰ আহ্বানত পৰিস্থিতি নিয়ন্ত্রনলৈ অহাৰ পাছত ৰূপজ্যোতি কুৰ্মী নিজৰ আসনলৈ উভতি আহে। উপাধ্যক্ষই ৰূপজ্যোতি কুৰ্মীক ভৱিষ্যতে এনে কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ সৰ্তক কৰি দিয়ে। ইফালে বিৰোধী বিধায়কসকলে সদনত বহু সময় ধৰি ৰূপজ্যোতি কুৰ্মীৰ নিলম্বনৰ দাবী তোলে যদিও উপাধ্যক্ষৰ হস্তক্ষেপত শান্ত হয়। হুলস্থূলীয়া পৰিবেশৰ পিছতে উপাধ্যক্ষৰ হস্তক্ষেপত সদনত ক্ষমা খুজে বহুবল্কী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। ইফালে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক অখিল গগৈসহ আন কেইবাজনো বিধায়কে ৰূপজ্যোতি কুৰ্মীক তেওঁৰ আচৰণৰ বাবে নিলম্বন কৰাৰ তীব্ৰ দাবী উত্থাপন কৰে। উল্লেখ্য যে সদনত ৰুদ্ৰুমূৰ্তি ধৰি ৰূপজ্যোতি কুৰ্মীয়ে কেতবোৰ অশালিন মন্তব্যও কৰে। যাক লৈ বিৰোধী বিশেষভাৱে সৰৱ হৈ পৰে।
লক্ষণীয় বিষয় যে সদনৰ বাহিৰতো ৰূপজ্যোতি কুৰ্মী আৰু এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামৰ মাজত তীব্ৰ বাক-বিতণ্ডা হয়। বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য দি থাকোতে কাষলৈ আহিল আমিনুল ইছলাম। তাৰ পিছতে দুয়োৰে মাজত ব্যাপক তৰ্কাতৰ্কি হয়। আনকি ৰূপজ্যোতি কুৰ্মীয়ে বিধায়ক আমিনুল ইছলামক 'জেললৈ যোৱা ব্যক্তি'কৈ একপ্ৰকাৰ অশালিন আচৰণ কৰে।
ইফালে বিধায়ক অখিল গগৈয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, "বিৰোধী দলপতিৰ লগতে বিৰোধীক মাৰিবলৈ খেদি অহা ঘটনা হয়তো অসমৰ ইতিহাসত এইটোৱেই প্ৰথম। কেৱল মাৰিবলৈ খেদি অহাতেই ক্ষান্ত নাথাকি অসাংবিধানিক শব্দৰে আমাৰ বিৰোধীক অপমান কৰাৰ পিছতো ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে উপাধ্যক্ষই। এয়া বিজেপি দল আৰু চৰকাৰৰ ফেচিবাদী মানসিকতাৰ প্ৰতিফলন। এয়া বিধানসভাৰ আটাইতকৈ লজ্জাজনক ঘটনা। এয়া সংসদীয় গণতন্ত্ৰৰ ক’লা দিন। আমি সকলো বিৰোধীয়ে সভা ত্যাগ কৰি ইয়াৰ প্ৰতিবাদ কৰিলো আৰু গণতন্ত্ৰক ৰক্ষা কৰিবলৈ আহ্বান জনালোঁ।"
আনহাতে বিধায়ক শ্বেৰমান আলীয়ে নিজৰ প্ৰতিক্ৰিয়াত কয়, "ৰূপজ্যোতি কুৰ্মীক গোটেই বছৰৰ বাবে নিলম্বন কৰিব লাগে। আজি বিধানসভাৰ ভিতৰত কেতিয়াও নোহোৱা ঘটনা ঘটি গ'ল। এনে ঘটনাৰ বাবে অধ্যক্ষই দৃষ্টান্তমূলক শাস্তি দিব লাগে। এজন বিধায়কে অন্য এজনক মাইক ভাঙি দিয়াৰ কথা কৈছে। সেই বিষয়ে মই প্ৰতিবাদ কৰোতে মোক মাৰিবলৈ চোঁচা মাৰি আহিছে। এই ঘটনা অত্যন্ত গৰিহণাৰ যোগ্য।"

0 Comments:
Post a Comment