অসমত বিৰোধীৰ ঐক্য ফুটা কলহৰ দৰে : মন্ত্রী ‍অতুল বৰা


গুৱাহাটী,৬ মাৰ্চ : মহাভাৰতৰ দুৰ্যোধনৰে কংগ্ৰেছক তুলনা কৰিলে মন্ত্রী অতুল বৰাই। কেৱল কংগ্ৰেছকেই নহয় বিৰোধী দলৰ নেতাসকলকো দুৰ্যোধনৰ লগত তুলনা কৰিলে। বৃহস্পতিবাৰে বিধানসভা চৌহদত সাংবাদিকৰ আগত বিৰোধী ঐক্যৰ প্ৰসংগত মন্ত্রী অতুল বৰাই বিৰোধী ঐক্যক ফুটা কলহ আখ্য দিয়ে। তেওঁ কয়, "অসমত বিৰোধীৰ ঐক্য ফুটা কলহৰ দৰে। ফু্টা কলহত যিদৰে পানী নৰই ঠিক তেনেকুৱাই। কংগ্ৰেছ আৰু দুৰ্যোধনৰ মাজত কোনো পাৰ্থক্য নাই। ভগৱান শ্ৰীকৃষ্ণই দুৰ্যোধনক কৈছিল যে পাণ্ডৱে মাত্র পাঁচখন গাঁও বিচাৰিছে দিয়া। কিন্তু অহংকাৰী দুৰ্যোধনে নুশুনিলে। কংগ্ৰেছ আৰু দুৰ্যোধনৰ চৰিত্রৰ মাজত পাৰ্থক্য নাই।" তেওঁ লগতে কয়, "২০২১ৰ নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত মই কৈছিলো যে এই নতুন দলবোৰা কংগ্ৰেছৰে নাতি-পুতি তথা পুলি-পুখা। মই সেইবিলাকৰ চৰিত্র দেখিছো দুৰ্যোধনৰ দৰেই। গতিকে স্বাভাৱিকতে অসমত বিৰোধীৰ ঐক্য ফুটা কলহৰ দৰেই বুলি মই ভাবো। কোনো লাভ নাই। কংগ্ৰেছৰ লগত লগ লাগি থকাসকলৰ চৰিত্র দুৰ্যোধনৰ দৰে। দুৰ্যোধনে শ্ৰীকৃষ্ণৰ কথাই শুনা নাই, গতিকে হীৰেন গোহাইৰ কথা কোনে শুনিব। এই গোটেইসকল ৰাজনৈতিক ব্যক্তি। গতিকে তেওঁলোক অৰাজনৈতিক ব্যক্তি এজনৰ দ্বাৰা পৰিচালিত হ'ব বুলি আমাৰ সন্দেহ আছে। তেওঁলোকৰ সকলোৰে গাত দুৰ্যাধনৰ চৰিত্র আছে। অখিল গগৈ আমাৰ মিত্রদলৰ বাবে কোনো অশান্তি নহয়, শান্তিৰ কাৰকহে অখিল গগৈ। অখিল গগৈ বাহিৰত থকা হ'লৈ থু-থু, থা-থা কৰি থাকিলে হয়। মই আৰু বেছি নকও।"


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment