গুৱাহাটীত আজিৰে পৰা চাৰিদিনীয়াকৈ 'এৰিডা'ৰ ৰিয়েল ইষ্টেট এক্সপ', উদ্বোধন কৰিলে মন্ত্রী জয়ন্তমল্ল বৰুৱাই


গুৱাহাটী,৭ মাৰ্চ : ফ্লেটৰ লগতে ইয়াৰ আনুসংগিক সকলো দিশ সামৰি গুৱাহাটীত আজিৰে পৰা বিশাল পৰিসৰত আৰম্ভ হৈছে 'এৰিডা ৰিয়েল ইষ্টেট এক্সপ'। নিজৰ পচন্দ অনুসৰি সকলো দিশ চালিজাৰি চাই ফ্লেট ক্ৰয় কৰাৰ এই সুবিধা কৰি দিছে আসাম ৰিয়েল ইষ্টেট এণ্ড ইনফ্ৰাষ্টাকচাৰ ডেভল'পাৰ্ছ এছ'চিয়েছন চমুকৈ 'এৰিডা'ই। গুৱাহাটীত 'এৰিডা'ই ৰিয়েল ইষ্টেট নিয়ামক কৰ্তৃপক্ষৰ (ৰিয়েল ইষ্টেট ৰেগুলেটৰী অথৰিটি, ৰেৰা) সহযোগত আজিৰ পৰা ১০ মাৰ্চলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে 'এৰিডা ৰিয়েল ইষ্টেট এক্সপ'ৰ (AREIDA Real Estate Expo) আয়োজন কৰিছে। গুৱাহাটী মহানগৰীৰ বেতকুছিস্থিত মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত আয়োজন কৰা এই এক্সপ' আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মন্ত্রী নগৰ উন্নয়ন বিভাগৰ জয়ন্তমল্ল বৰুৱাই। উদ্বোধনী ভাষণত মন্ত্রী জয়ন্তমল্ল বৰুৱাই কয়, "এই এক্সপ'ই সকলোকে বহু নতুন অভিজ্ঞতা দিব, সম্পৰ্ক হ'ব। ৰিয়েল ইষ্টেট খণ্ডৰ অৰ্থনীতিত বিশেষ ভূমিকা আছে। নিয়োগ সৃষ্টিৰ ক্ষেত্রত এই খণ্ডটোৱে বিশেষ অৰিহণা যোগাই আহিছে। ৰিয়েল ইষ্টেট খণ্ডক সহায়-সহযোগীতা কৰাৰ বাবে চৰকাৰৰ সদায় প্ৰচেষ্টা আছে। ইয়াৰ বাবে বহুতো পলিচী কৰা হৈছে। ১০ বছৰত এই খণ্ডটোৰ ব্যাপক উন্নয়ন দেখা গৈছে।" মন্ত্রীগৰাকীয়ে বহনক্ষম উন্নয়নত গুৰুত্ব আৰোপ কৰি কয়, "নৱপ্ৰজন্মৰ বাবে আমি এখন ধুনীয়া পৃথিৱী দিব লাগিব। প্ৰকৃতিক গুৰুত্ব দিব লাগিব। আনহাতে অসমৰ অৰ্থনীতিৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় সামগ্ৰী ব্যৱহাৰত গুৰুত্ব দিব লাগে। 

চৰকাৰে নতুন চিন্তা-চৰ্চা কৰিছে। চৰকাৰ সদায় সহায়ৰ বাবে আছে।" অনুষ্ঠানত 'ৰেৰা'ৰ অধ্যক্ষ পবন কুমাৰ বৰঠাকুৰ, 'এৰিডা'ৰ সভাপতি পি কে শৰ্মাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল। 'এৰিডা'ৰ সভাপতি পি কে শৰ্মাই জনোৱা মতে এই এক্সপ'ৰ যোগেদি এটা স্থানতে ফ্লেট, এপাৰ্টমেণ্ট আৰু বাণিজ্যিক স্থানৰ লগতে ইয়াৰ আন আনুসংগিক বিভিন্ন সামগ্ৰী বিস্তৃত ৰূপে প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। লগতে নিৰ্মাণ খণ্ডৰ বিভিন্ন সেৱাৰ বিষয়ে ৰাইজে জ্ঞাত হ'ব পাৰিব। এই এক্সপ'ৰ যোগেদি গৃহ ক্ৰেতা আৰু বিনিয়োগকাৰীসকলে সকলো বিষয় চালি-জাৰি চাই নিজৰ সুবিধা অনুসৰি সেৱা গ্ৰহণ কৰিব পাৰিব। তদুপৰি বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানবোৰৰ পৰা গৃহ ঋণৰ সুৰক্ষিত দিশ সম্পৰ্কে অৱগত হ'ব পাৰিব। আনকি এই এক্সপ'তেই উপভোক্তাই বেংকৰ গৃহ ঋণৰ সুবিধা আৰু বিশেষ ৰেহাইৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। আনহাতে এক্সপ'ত বিল্ডাৰসকলে আগবঢ়োৱা বিশেষ 'এক্সপ' ৰেহাই'ৰ সুবিধা লাভ কৰিব পাৰিব। এক্সপ'ৰ যোগেদি ক্ৰেতা-বিক্ৰেতাই ব্যৱসায়ৰ এখন মঞ্চ লাভ কৰিব। বিশেষকৈ এই ক্ষেত্রৰ ডিলাৰ আৰু খুচুৰা ক্ৰেতাসকলৰ মাজত ব্যৱসায়ৰ এক মঞ্চ হ'ব। তদুপৰি এই মেলাৰ বিপনীসমূহৰ যোগেদি সম্পত্তি ক্ৰয় কৰিব বিচৰা সকলে ৰিয়েল ইষ্টেট খণ্ডৰ আইনী দিশ তথা অধিকাৰ সম্পৰ্কে জানিব পাৰিব। এই মেলা ক্ৰেতা-বিক্ৰেতাৰ মাজৰ এক সুন্দৰ মঞ্চ। ইফালে এই এক্সপ'ত বিশেষ ৰেহাইৰে সম্পত্তিৰ অগ্ৰিম বুকিঙৰ ব্যৱস্থা আছে। এই মেলা সম্পত্তি বুক কৰাৰ বাবে সৰ্বশ্ৰেষ্ঠ সুযোগ। কিয়নো এই মেলাত "এক্সপো ৰেহাই" আগবঢ়োৱা হৈছে বুলি শৰ্মাই লগতে জানিবলৈ দিয়ে।



 

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment