মহাফেজখানা ভাঙি দিয়াৰ বিৰুদ্ধে গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ


গুৱাহাটী,১ এপ্ৰিল : মহাফেজখানা ভাঙি দিয়াৰ বিৰুদ্ধে কংগ্ৰেছে আজি গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰে। মহানগৰ জিলা কংগ্ৰেছৰ নেতৃত্বৰ প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি গুৱাহাটীৰ প্ৰাক্তন মেয়ৰ কুশল শৰ্মাই চৰকাৰখনক কাণ্ডজ্ঞানহীন আখ্যা দিয়ে৷ প্ৰাক্তন মেয়ৰজনে কয় যে বিজেপিৰ শাসনত অসমত ঐতিহ্যপূৰ্ণ সম্পদসমূহ অসুৰক্ষিত হৈ পৰিছে৷ গুৱাহাটী মহাফেজখানা ধ্বংসৰ পিছত চৰকাৰে এতিয়া আৰু কি কি ঐকতিহাসিক সম্পদত হাত দিয়ে তাক লৈ চিন্তিত বুলি উল্লেখ কৰে৷ শৰ্মাই লগতে কয় যে গুৱাহাটীত বিজেপিৰ সাংসদ আছে, বিধায়ক আছে, মেয়ৰ আছে, মুখ্যমন্ত্ৰী নিজেই গুৱাহাটীৰ৷ তাৰ পিছতো কেনেকৈ বহিঃৰাজ্যৰ এজন মন্ত্ৰী অশোক সিংহলৰ নিৰ্দেশত ঐতিহাসিক মহাফেজখানা ধ্বংস কৰি পেলোৱা হ’ল৷ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থকা মহানগৰ কংগ্ৰেছৰ সভাপতি গোপাল শৰ্মাই ১৭০ বছৰীয়া ব্ৰিটিছৰ দিনত নিৰ্মিত তথ্য সংৰক্ষণ গৃহ মহাফেজখানা ভাঙি পেলোৱাৰ অধিকাৰ এইখন চৰকাৰক কোনে দিলে বুলি উভতি ধৰে? ঐতিহ্য পূৰ্ণ সম্পদ ৰক্ষা কৰিব নোৱৰা চৰকাৰখন শাসনৰ থকাৰ নৈতিক অধিকাৰ হেৰুৱাই পেলাইছে বুলি তেওঁ উল্লেখ কৰে৷ এই প্ৰতিবাদী কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰামান্না বৰুৱা, জ্যেষ্ঠ মুখপাত্ৰ ৰূপা কলিতা, বিপুল চক্ৰৱৰ্তী, অংকুৰ গগৈ, মহানগৰ কংগ্ৰেছৰ প্ৰাঞ্চল ফুকনকে ধৰি বহু সংখ্যক লোক উপস্থিত থাকে৷ প্ৰদেশ কংগ্ৰেছৰ মডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্ৰিটিছৰ গোলামীৰ প্ৰতীক মহাফেজখানা ভাঙি দিয়া বুলি কৰা মন্তব্য হাস্যকৰে নহয় নিন্দনীয়৷ তেওঁ কয় যে মহাফেজখানাৰ লগতে লাগি থকা শুক্লশ্বেৰৰ ব্ৰিটিছে নিৰ্মাণ কৰা নথব্ৰুক গেটখনো ভাঙি দিব নেকি? কলকাতাৰ ভিক্টোৰীয়া মে’মৰিয়েল ভাঙি দিব নেকি? ব্ৰিটিছে নিৰ্মাণ কৰা ৰে’লপথ সমূহ উঠাই পেলাব নেকি? কটন বিশ্ববিদ্যালয়ৰ কি হ’ব? আধুনিকতাৰ নামত এই চৰকাৰখনে হিতাহিত জ্ঞান হেৰুৱাই কেৱল কমিছনৰ অংকত ভঙা-গঢ়াৰ কাম কৰিছে বুলি বৰাই অভিযোগ কৰে৷ ভৱিষ্যতে অসমৰ ঐতিহাসিক সম্পদত হাত নিদিবলৈ সকীয়াই দি বৰাই কয় যে চৰকাৰে যদি জাতীয় সম্পদসমূহ সুৰক্ষিত কৰিব নোৱাৰে তেতিয়াহ’লে ৰাইজে তাৰ দায়িত্ব গ্ৰহণ কৰিব।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment