জামিন মঞ্জুৰ কংগ্ৰেছ মুখপাত্ৰ ৰিতম সিঙৰ, পুনৰ গ্ৰেপ্তাৰৰ সম্ভাৱনা
লখিমপুৰ,২৯ মাৰ্চ : লখিমপুৰ জিলা কাৰাগাৰত ১৪ দিন ধৰি কাৰাবাসত থকা প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ সিঙক গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাত কংগ্ৰেছ মুখপাত্ৰগাৰাকীয়ে মুক্তি লাভ কৰাটো নিশ্চিত হৈ পৰিল যদিও পুনৰ এক গোচৰত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে ৰাজ্যিক কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙে টুইটাৰত লখিমপুৰৰ বিধায়ক মানৱ ডেকা সন্দৰ্ভত কৰা মন্তব্যৰ বিৰুদ্ধে বিধায়কগৰাকীৰ পত্নীয়ে উত্তৰ লক্ষীমপুৰ সদৰ থানাত এক গোচৰ কৰাত লক্ষীমপুৰৰ আৰক্ষীয়ে যোৱা ১৫ মাৰ্চত ৯১/২০২৫ নং গোচৰৰ ভিত্তিত কংগ্ৰেছ মুখপাত্ৰগৰাকীক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰি লখিমপুৰলৈ আনে। কংগ্ৰেছ মুখপাত্ৰগৰাকীক গ্ৰেপ্তাৰৰ প্ৰতিবাদত আৰু মুক্তিৰ দাবীত ১৫ মাৰ্চৰ সন্ধিয়া উত্তৰ লক্ষীমপুৰ সদৰ থানাৰ সন্মুখত কংগ্ৰেছ কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ আৰক্ষীয়ে ১৬ মাৰ্চত ৰিতম সিঙক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷ লক্ষীমপুৰৰ বিশেষ আদালতত মুখপাত্ৰ গৰাকীৰ জামিন আবেদন দাখিল কৰা হয় যদিও আদালতে জামিন আবেদন নাকচ কৰাত ১৬ মাৰ্চৰ পৰা মুখপাত্ৰগৰাকীয়ে আজি অৰ্থাৎ ২৯ মাৰ্চ পৰ্যন্ত লক্ষীমপুৰ জিলা কাৰাগাৰত কটাবলগীয়া হয়৷ ইফালে মুখপাত্ৰগৰাকীৰ জামিনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা জামিন আবেদন ন্যায়ালয়ে শুনানিৰ অন্তত যোৱা ২৭ মাৰ্চত জামিন মঞ্জুৰ কৰে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাত কংগ্ৰেছৰ মুখপাত্ৰগৰাকীৰ মুক্তি নিশ্চিত হৈ পৰে যদিও বাতৰি লিখাৰ পৰলৈকে মুখপাত্ৰগৰাকীয়ে লক্ষীমপুৰ জিলা কাৰাগাৰৰ পৰা ৰিলিজ লোৱা নাই৷ ইফালে কংগ্ৰেছ মুখপাত্ৰগৰাকী মুক্তি নিশ্চিত হৈ পৰাৰ সময়তে মৰিগাঁও আৰক্ষীয়ে লক্ষীমপুৰত বাহৰ পাতি মুখপাত্ৰগৰাকীক আন এক গোচৰত গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে।


0 Comments:
Post a Comment