পঞ্চায়ত নিৰ্বাচন : মুখ্যমন্ত্ৰীয়ে অংশ গ্ৰহণ কৰিব ২৭খন প্ৰচাৰ সভাত


গুৱাহাটী,১১ এপ্ৰিল : অহা ২ আৰু ৭ মে'ত দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ইতিমধ্যেই বিজেপি মিত্রজোঁট সাজু হৈ উঠিছে। মিত্ৰ দলসমূহৰ সৈতে মণ্ডল, জিলা পৰ্যায়ত ৰাজ্যিক প্ৰতিনিধি প্ৰেৰণ কৰি আলোচনা অনুষ্ঠিত কৰাই সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰি ৰাইজৰ সমৰ্থিত আৰু উভয় দলৰ সমৰ্থিত প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান কৰি প্ৰতিজন প্ৰাৰ্থীয়ে জয় সুনিশ্চিত কৰিবলৈ প্ৰতিগৰাকী কাৰ্যকৰ্তালৈ অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আহ্বান জনাইছে। এই সংক্ৰান্তত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয়, "মিত্ৰদল সমূহৰ সৈতে মিত্ৰতা ধৰ্ম তেখেত সকলে বিচৰা ধৰণেৰে পালন কৰিলে মিত্ৰতা অতি দৃঢ় হয়। যিটো গণতান্ত্ৰিক ব্যৱস্থাত অতি প্ৰয়োজনীয়। কেৱল মিত্ৰতা কৰিলেই নহ'ব মিত্ৰতাৰ ধৰ্ম সততা আৰু মৰ্যাদাৰে পৰিপূৰ্ণও কৰিব লাগিব। বিৰোধী মিত্ৰতাৰ নামত চিয়ালফাট দিছে। আমি বিচাৰোঁ পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে শক্তিশালী ভাৱে যুঁজ দিয়ক।" উল্লেখনীয় যে প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিলৰ পিছতে প্ৰচাৰৰ ক্ষেত্ৰত দলটোৰ সৰ্বস্তৰত কাৰ্যকৰ্তা সকল নামি পৰিবলৈ প্ৰস্তুত হৈ আছে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই ২৭ খন জন সভা সম্বোধন কৰাৰ বিপৰীতে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই অৰ্ধ শতাধিক প্ৰচাৰ সভা সম্বোধন কৰাৰ লগতে আন-আন সকলো জড়িত হৈ পৰিব। মুঠৰ ওপৰত মুল বিৰোধী কংগ্ৰেছ দলৰ আভ্যন্তৰীণ বিবাদ আৰু দুৰ্বলতাৰ পৰিৱৰ্তে শাসকীয় দল বিজেপি আৰু মিত্ৰজোঁটে অধিক আগ্ৰাসী ৰূপত পঞ্চায়ত নিৰ্বাচনত নিজকে আত্মনিয়োগ কৰা পৰিলক্ষিত হৈছে।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment