চৰকাৰী সেৱাৰ পৰা অৱসৰৰ অৰ্থ এনে নহয় যে আপুনি নাগৰিক হিচাপে অৱসৰ গ্ৰহণ কৰিছে : ডাঃ জিতেন্দ্ৰ সিং


গুৱাহাটী,১০ এপ্ৰিল : “চৰকাৰী সেৱাৰ পৰা অৱসৰৰ অৰ্থ এনে নহয় যে আপুনি নাগৰিক হিচাপে অৱসৰ গ্ৰহণ কৰিছে।” - এই বক্তব্য কেন্দ্ৰীয় মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙৰ। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি; ধৰিত্ৰী বিজ্ঞান (স্বতন্ত্ৰ দায়িত্ব) আৰু পি এম অ’, পাৰমাণৱিক শক্তি বিভাগ, মহাকাশ, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীগৰাকীৰ এই বক্তব্য অৱসৰৰ সময় ওচৰ চাপি অহা শতাধিক বিষয়াৰ মাজত গভীৰভাৱে অনুৰণিত হয়। মন্ত্ৰীজনে কয় যে চৰকাৰী সেৱাৰ পৰা অৱসৰ গ্ৰহণক শেষ হিচাপে ভাবিব নালাগে, বৰঞ্চ ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত বৰঙণি যোগাওঁতা আৰু অংশীদাৰ হিচাপে এক নতুন ভূমিকা পালনৰ অৰ্থে নিজকে ৰূপান্তৰিত কৰিব লাগে। ৫৬ সংখ্যক প্ৰি-ৰিটায়াৰমেন্ট কাউন্সেলিং (PRC) কৰ্মশালা আৰু নৱম বেংকাৰ সজাগতা কাৰ্য্যসূচীত ভাষণ প্ৰদানেৰে ডাঃ জিতেন্দ্ৰ সিঙে ভাৰতীয় সমাজে অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীক গ্ৰহণৰ ধৰণ সলনিৰ আহ্বান জনায়। ডাঃ জিতেন্দ্ৰ সিঙে কয় যে ৬০ বছৰ বয়সত বিষয়াসকল শক্তি আৰু বিশেষজ্ঞতাৰে পুষ্ট হৈ উঠে। তেওঁ কয়, “সেয়েহে আমি তেওঁলোকক ৰাষ্ট্ৰ নিৰ্মাণৰ কামত জড়িতকৰণেৰে তেওঁলোকৰ দক্ষতাক ব্যৱহাৰ কৰিব বিচাৰোঁ। প্ৰধানমন্ত্ৰীগৰাকীয়ে কোৱাৰ দৰে প্ৰতিগৰাকী নাগৰিকে বিকশিত ভাৰত নিৰ্মাণত অৰিহণা যোগাব লাগিব।“ পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগে অসম চৰকাৰৰ সহযোগত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজন কৰা এই দিনজোৰা কাৰ্য্যসূচীত পেঞ্চন সংস্কাৰ, ডিজিটেল লাইফ চাৰ্টিফিকেচন, চিজিএইচএছ-ৰ সুবিধা, বিত্তীয় পৰিকল্পনা, ভৱিষ্য পৰ্টেল আৰু সংহত পেঞ্চনাৰ পৰ্টেলৰ দৰে উদ্ভাৱন বিষয়ত কাৰিকৰী অধিবেশন অনুষ্ঠিত হয়। অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক পদ্ধতিগত জ্ঞান আৰু ব্যক্তিগত সবলীকৰণ উভয় দিশতে এক মসৃণ পৰিৱৰ্তনৰ বাবে সাজু কৰি তুলিবলৈ এই অধিবেশনসমূহৰ পৰিকল্পনা কৰা হয়। উক্ত কৰ্মশালাৰ লক্ষ্য হৈছে কেৱল পেপাৰৱৰ্কৰ ক্ষেত্ৰতে নহয়, বৰঞ্চ উদ্দেশ্যৰ ক্ষেত্ৰতো চিভিল সেৱকসকলক অৱসৰৰ-পিছৰ মসৃণ পৰিৱৰ্তনৰ বাবে সাজু কৰি তোলা। ডাঃ জিতেন্দ্ৰ সিঙে অৱসৰপ্ৰাপ্ত সকলক তেওঁলোকৰ দক্ষতা আৰু ইচ্ছাৰ ওপৰত ভিত্তি কৰি উন্নয়নমূলক ভূমিকালৈ সংহতকৰণৰ প্ৰতিষ্ঠানিক ব্যৱস্থাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। পেঞ্চন পদ্ধতিক সৰলীকৰণৰ বাবে বিগত দশকত চৰকাৰে সাধন কৰা একাধিক সংস্কাৰৰ ৰূপৰেখা দাঙি ধৰি ডাঃ জিতেন্দ্ৰ সিঙে কয় যে পূৰ্বে চুপাৰ এনুৱেটিং বিষয়াসকলে এটা কাৰ্য্যালয়ৰ পৰা আন এটা কাৰ্য্যালয়লৈ যাবলগীয়া হৈছিল, প্ৰায়ে প্ৰথম পেঞ্চন লাভৰ বাবে কেইবামাহো অপেক্ষা কৰিবলগীয়া হৈছিল। “এতিয়া সেই যুগৰ অৱসান ঘটিল,” তেওঁ কয়। “আজি ডিজিটেল পিপিঅ’, ভৱিষ্যৰ দৰে সংহত পেঞ্চন পৰ্টেল আৰু ফেচ প্ৰমাণীকৰণ আহিলাৰ সহায়ত আমি প্ৰক্ৰিয়াগত পলম আৰু হাৰাশাস্তি দূৰ কৰিছোঁ।” তেওঁ সচিব ভি শ্ৰীনিবাসৰ অধীনত পেঞ্চন বিভাগৰ ভূমিকাক প্ৰশংসাৰে ভাৰতীয় ডিজিটেল পেঞ্চন পদ্ধতিক এতিয়া মালদ্বীপ, মংগোলিয়া আৰু বাংলাদেশৰ দৰে দেশসমূহে অনুকৰণ কৰিছে বুলি উল্লেখ কৰে। ডিজিটেল লাইফ চাৰ্টিফিকেট, চি পি জি আৰ এ এম এছ আৰু ফেচ প্ৰমাণীকৰণৰ দৰে পদক্ষেপৰাজিৰ সফলতাই প্ৰযুক্তিয়ে শাসন ব্যৱস্থালৈ কেনেদৰে মৰ্য্যাদা আৰু সক্ষমতাৰ সঞ্চাৰ কৰিব পাৰে, সেয়া প্ৰতিফলিত কৰে বুলিও তেওঁ কয়। প্ৰক্ৰিয়াগত সুচলতাৰ ওপৰিও ডাঃ জিতেন্দ্ৰ সিঙে অৱসৰপ্ৰাপ্ত বিষয়াসকলৰ বিশেষজ্ঞতা আৰু আগ্ৰহৰ ওপৰত ভিত্তি কৰি, তেওঁলোকৰ এখনি ৰাষ্ট্ৰীয় ডাইৰেক্টৰী যুগুতৰ প্ৰস্তাৱ আগবঢ়ায়। “আমি অৰ্হতা, অভিজ্ঞতা আৰু কামৰ পছন্দৰ ক্ষেত্ৰৰ দৰে সবিশেষৰ বাবে এখন নথি প্ৰস্তুত কৰিম, যাতে মন্ত্ৰালয়সমূহে তেওঁলোকৰপৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰে আৰু অৱসৰপ্ৰাপ্তসকলক নীতি কমিটি বা পৰামৰ্শদাতাৰ ভূমিকাত নিয়োজিত কৰিব পাৰে,” তেওঁ কয়। মন্ত্ৰীগৰাকীয়ে পেঞ্চন নিয়মত বিকশিত সামাজিক প্ৰয়োজনীয়তা আৰু সংস্কাৰৰ প্ৰতিও দৃষ্টি আকৰ্ষণ কৰে—যেনেঃ বিবাহ বিচ্ছেদ হোৱা কন্যাক অন্তৰ্ভুক্ত কৰা, বিধৱাৰ বাবে দ্ৰুত প্ৰক্ৰিয়াকৰণ আৰু নিৰুদ্দেশ হোৱা কৰ্মচাৰীৰ পৰিয়ালৰ প্ৰতি অনুকম্পামূলক বিবেচনা—যিয়ে প্ৰগতিশীল আৰু মানৱীয় দৃষ্টিভংগীক প্ৰতিফলিত কৰে। ডাঃ জিতেন্দ্ৰ সিঙে অৱসৰপ্ৰাপ্ত বিষয়াসকলৰ দক্ষতা, অভিজ্ঞতা আৰু আগ্ৰহৰ আধাৰত এখনি ৰাষ্ট্ৰীয় তথ্যকোষ প্ৰস্তুতৰ প্ৰস্তাৱ আগবঢ়ায়, যাৰ ফলত চৰকাৰী বিভাগসমূহে অৱসৰৰ পিছত তেওঁলোকৰ বিশেষজ্ঞতাৰ সহায় গ্ৰহণ কৰিব পাৰিব। তেওঁ কয়, “বহু নাগৰিকে অৱসৰৰ পিছত ষ্টাৰ্ট-আপ আৰম্ভ কৰিছে বা সৃষ্টিশীল কাম আৰম্ভ কৰিছে। প্ৰথম সফল বাজৰা-ভিত্তিক ষ্টাৰ্ট-আপটো আৰম্ভ কৰিছে চৰকাৰী প্ৰতিষ্ঠানৰ পৰা অৱসৰ গ্ৰহণ কৰা এগৰাকী বিজ্ঞানীয়ে। আপুনি যিকোনো বয়সতে নতুনকৈ আৰম্ভ কৰিব পাৰে।“ ডাঃ জিতেন্দ্ৰ সিঙে হাঁহিমুখে কয় যে অৱসৰৰ সময়খিনিয়ে আনকি লুকাই থকা প্ৰতিভাসমূহ উন্মোচনত সহায় কৰিছে। "যিসকলে সেৱাৰ সময়খিনিত কেতিয়াও সংগীত বা লিখা-মেলা বা আন কোনো কামত আগবাঢ়িব পৰা নাছিল, তেওঁলোকে অৱসৰৰ জৰিয়তে সেই সুবিধা লাভ কৰে। আনকি আপোনালোকে গান গাব বিচাৰিলে আমি আকাশবাণীৰ অডিচনতো সহায় কৰিব পাৰোঁ।“ মন্ত্ৰীগৰাকীয়ে অৱসৰপ্ৰাপ্ত বিষয়াসকলক নিজকে পেছিভ পেঞ্চন গ্ৰহণকাৰী বুলি নাভাবি সক্ৰিয় ৰাষ্ট্ৰ-নিৰ্মাতা হিচাপে ভাবিবলৈ আহ্বান জনায়। “আপুনি নাগৰিক হিচাপে নহয়, চৰকাৰী বিষয়া হিচাপেহে অৱসৰ গ্ৰহণ কৰিছে। আপোনাৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্নৰ সময় এতিয়াহে আহিছে।“ দিনজোৰা এই অনুষ্ঠানত বিভাগৰ সচিব শ্ৰী ভি শ্ৰীনিবাস, যুটীয়া সচিব ধ্ৰুবজ্যোতি সেনগুপ্তই ভাষণ প্ৰদান কৰে আৰু এছবিআই-ৰ উপ এমডি ছমচেৰ সিং, স্বাস্থ্য মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব ৰুলী সিং, বিএছএফৰ আইজি সঞ্জয় গৌৰ আৰু উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহা প্ৰবন্ধক চেতন শ্ৰীবাস্তৱকে প্ৰমুখ্য কৰি গুৰুত্বপূৰ্ণ অংশীদাৰসকলে অংশগ্ৰহণ কৰে। 

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment