ইডিক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিছে বিজেপিয়ে : সাংসদ নীৰজ ডাংগি


গুৱাহাটী,২১ এপ্ৰিলঃ কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষা ছোনিয়া গান্ধী আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে নেশ্যনেল হেৰাল্ড গোচৰত তদন্তকাৰী সংস্থা ইডিয়ে চাৰ্জশ্বিট দাখিল কৰাক লৈ শেহতীয়াকৈ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ ৰাজনৈতিক প্ৰতিক্ৰিয়াৰ। বিজেপিয়ে পৰিকল্পিতভাৱে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে এই ভুৱা গোচৰ জাপি দিয়াৰ অভিযোগ তুলি ইতিমধ্যে দেশৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছে। দলৰ এই প্ৰতিবাদ অব্যাহত থকাৰ সময়তে আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰিল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ নীৰজ ডাংগি। সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি জ্যেষ্ঠ নেতাগৰাকীয়ে কয়, "নেশ্যনেল হেৰাল্ড গোচৰ আচলতে বিজেপিৰ এক ষড়যন্ত্ৰ- যাৰ মূল লক্ষ্য হৈছে প্ৰয়োজনীয় বিষয়বোৰৰ পৰা দেশবাসীৰ মনোযোগ আঁতৰোৱা, চৰকাৰৰ ব্যৰ্থতাৰ পৰা দৃষ্টি দূৰ কৰা আৰু স্বাধীনতা আন্দোলনৰ ঐতিহ্যক বিকৃত কৰা।" তেওঁ দাবী কৰে যে এই গোচৰটো ৰাজনৈতিক প্ৰতিশোধ আৰু কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে ইচ্ছাকৃত আক্ৰমণৰ বাহিৰে আন একো নহয়। নীৰজ ডাংগিয়ে কয় যে শেহতীয়াকৈ গুজৰাটত অনুষ্ঠিত ঐতিহাসিক কংগ্ৰেছ অধিৱেশনত ৰাহুল গান্ধীয়ে বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপ লোৱাৰ পিছতে মোদী-শ্বাহ যুটিয়ে পুনৰবাৰ ইডিক সন্মুখলৈ আনি কংগ্ৰেছৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিবলৈ আৰম্ভ কৰিছে। তেওঁ কয়, "ইডি এতিয়া বিজেপিৰ নিৰ্বাচনী দপ্তৰলৈ পৰিণত হৈ পৰিছে। এই সংস্থাক এতিয়া ভাৰতীয় জনতা পাৰ্টিয়ে 'দমনকাৰী যন্ত্ৰ’ হিচাপে প্ৰয়োগ কৰি বিৰোধীৰ বিৰুদ্ধে প্ৰতিশোধৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছে।" কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে লগতে কয় যে ইডিয়ে ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত আৰু মিছা। আনকি এটকাও লেনদেন নোহোৱা গোচৰত ধন সৰবৰাহৰ অভিযোগ উত্থাপন কৰা হৈছে। ঋণক ইকুইটিলৈ ৰূপান্তৰিত কৰি কোম্পানীটোক পুনৰুজ্জীৱিত কৰাৰ চেষ্টা কৰা হৈছে। তেওঁ কয়, "নিৰ্বাচিত আৰু একপক্ষীয় তদন্তৰ জৰিয়তে ৰাজনৈতিক বিৰোধীক আক্ৰমণ কৰা হৈছে। এয়া এক প্ৰকাৰৰ ৰাজনৈতিক গুণ্ডাগিৰি। ইডিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ হাৰ মাত্ৰ ১ শতাংশ। ৯৮ শতাংশ ৰাজনৈতিক গোচৰ বিৰোধী দলৰ নেতাৰ বিৰুদ্ধে কৰা হয়। বিজেপিয়ে কংগ্ৰেছ নেতৃত্বক লক্ষ্য কৰি সমগ্ৰ বিৰোধী ৰাজনৈতিক শক্তিক ধ্বংস কৰাৰ চেষ্টা কৰিছে।" ডাংগীয়ে লগতে কয়, "যিসকলে ভয় খুৱাব বিচাৰে তেওঁলোকে আচলতে নিজেই ভয় খাইছে। কিন্তু কংগ্ৰেছৰ কণ্ঠ ৰোধ কৰিব নোৱাৰিব। আমি সত্যৰ বাবে যুঁজি যাম। সত্যই জয়ী হ'ব।" একে সময়তে তেওঁ নেশ্যনেল হেৰাল্ডৰ ইতিহাসৰ বিষয়ে আলোকপাত কৰি কয় যে ১৯৩৭ চনত পণ্ডিত জৱাহৰলাল নেহৰুৰ নেতৃত্বত নেশ্যনেল হেৰাল্ড স্বাধীনতা সংগ্ৰামৰ মুখপাত্ৰ হিচাপে প্ৰকাশ পাইছিল। এই কাকতখন ইমানেই শক্তিশালী আছিল যে ১৯৪২ চনৰ ‘ভাৰত ত্যাগ আন্দোলন’ৰ সময়ত ব্ৰিটিছ চৰকাৰে ইয়াক নিষিদ্ধ কৰিছিল। এই কাকতখন চলোৱাৰ সময়ত এছ’চিয়েটেড জাৰ্নেলছ লিমিটেডে (এজেএল) বৃহৎ ঋণৰ সন্মুখীন হৈছিল, যাৰ ফলত সংস্থাটো কাৰ্যকৰীভাৱে বন্ধ হৈ পৰিছিল। তেওঁ কয় যে ২০০২ চনৰ পৰা ২০১১ চনৰ ভিতৰত কংগ্ৰেছ দলে কৰ্মচাৰীৰ দৰমহা, পি এফ, ভি আৰ এছ আৰু বিদ্যুতৰ বিল পৰিশোধ কৰিবলৈ একাধিক কিস্তিত ৯০ কোটি টকাৰ বেংক চেক যোগে এজেএলক সহায় কৰিছিল। তাৰ পিছত ২০১০ চনত আইনী পৰামৰ্শৰ ভিত্তিত ‘ইয়ং ইণ্ডিয়ান’ নামৰ এটা অলাভজনক সংস্থা গঠন কৰা হয়, যাৰ জৰিয়তে এই ঋণ ইকুইটিলৈ ৰূপান্তৰিত কৰা হয়। এই কোম্পানীটোৰ কোনো শ্বেয়াৰহোল্ডাৰ বা পৰিচালকে ব্যক্তিগতভাৱে কোনো ধৰণৰ আৰ্থিক লাভ কৰা নাই, বা কৰিব নোৱাৰে। নীৰজ ডাংগীয়ে ৰুচি ছোয়া আৰু ভোডাফোনৰ দৰে কৰ্পৰেট চুক্তিৰ উদাহৰণ দাঙি ধৰে, য’ত চৰকাৰে ঋণ বাতিল কৰি মালিকীস্বত্ব লাভ কৰিছিল। তাৰ তুলনাত ইয়ং ইণ্ডিয়ানে এজেএলৰ ঋণ গ্ৰহণ আৰু ৰূপান্তকৰণ আছিল এক ন্যায়সংগত আৰু সাংবিধানিক পদক্ষেপ। তেওঁ কয় যে বিজেপিয়ে বাৰে বাৰে এজেএলৰ সম্পত্তিৰ মূল্য ৫ হাজাৰ কোটি টকা বুলি দাবী কৰাৰ বিপৰীতে আয়কৰ বিভাগে এই সম্পত্তিৰ মূল্য ৪১৩ কোটি টকা বুলিহে উল্লেখ কৰিছে। বাস্তৱত এই সম্পত্তিসমূহৰ অধিকাংশই লিজহল্ড আৰু কেৱল সংবাদ মাধ্যমৰ সৈতে জড়িত কামতহে ব্যৱহাৰ কৰিব পাৰি। কোনো ধৰণৰ বিক্ৰীৰ অনুমতি নাই। তেওঁ এই প্ৰশ্নও উত্থাপন কৰে, "যদি ইমান ডাঙৰ অপৰাধ হৈছিল, তেন্তে ইমান বছৰ অপেক্ষা কৰাৰ পিছতো শেষৰ দিনটোতে কিয় চাৰ্জ শ্বীট দাখিল কৰা হ'ল?" তেওঁ দাবী কৰে যে এইটো এটা দুৰ্বল গোচৰ আৰু ৰাজনৈতিক হেঁচাত দাখিল কৰা গোচৰ। ডাংগীয়ে কয় যে বৰ্তমান এজেএলে পুনৰ নেশ্যনেল হেৰাল্ড, নৱজীৱন আৰু অনলাইন সংস্কৰণ কোৱামী আৱাজ প্ৰকাশ কৰি আছে। কংগ্ৰেছ পৰিচালিত বাতৰি কাকতত চৰকাৰী বিজ্ঞাপন দিয়া বুলি বিজেপিৰ অভিযোগ সম্পূৰ্ণ ভূৱা বুলি দাবী কৰি কংগ্ৰেছ নেতাগৰাকীয়ে ওলোটাই কয় যে চৰকাৰেহে নিজেই আৰএছএছৰ সৈতে জড়িত পাঞ্চজন্য, অৰ্গেনাইজাৰ, তৰুণ ভাৰতৰ দৰে কাকতত বিজ্ঞাপন দিয়ে। নীৰজ ডাংগীয়ে কয়, "এজেএল কেৱল এটা কোম্পানী নহয়, ই ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক জীৱন্ত দলিল। সংবিধানৰ ৪৯ নং অনুচ্ছেদ অনুসৰি এই জাতীয় উত্তৰাধিকাৰ ৰক্ষা কৰাটো প্ৰতিজন নাগৰিকৰ দায়িত্ব। যাৰ মতাদৰ্শগত পূৰ্বপুৰুষ ব্ৰিটিছৰ লগত আছিল, সেই বিজেপিয়ে আজি সেই দলিল মচি পেলাবলৈ চেষ্টা কৰিছে।"

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment