মেৰাপানী সীমান্তত পুনৰ প্ৰতিবাদ অসমীয়া কৃষকৰ


নিউজ ডেক্স,২০ এপ্ৰিল : অসমৰ ভূমি সুৰক্ষাৰ দাবীত মেৰাপানী সীমান্তত পুনৰ প্ৰতিবাদ অসমীয়া কৃষকৰ।  দীৰ্ঘদিন ধৰি কৃষক প্ৰতিবাদৰ পাছতো হাড় শিকতি নাই অসম চৰকাৰৰ। ফলস্বৰূপে যোৱা ১০ এপ্ৰিলত ৰাজপথত গৈ প্ৰতিবাদত নামিছিল ছীডৰ্ফামত জড়িত শ শ অসমীয়া কৃষক। এই প্ৰতিবাদৰ মাজতে ৰাইজৰ দাবী মানি ছীডৰ্ফামত নাগালেণ্ডৰ কাৰ্যকলাপক অবৈধ আখ্যা দিছিল খোদ মেৰাপানীৰ সীমান্ত দণ্ডাধীশে।  তাৰ ফলস্বৰূপে অসমৰ মাটিত নগাই অবৈধভাৱে দিয়া জেওৰা জপনা আৰু পকী দলং উচ্ছেদ কৰাৰ বাবে সাতদিনৰ  সময় সীমা বান্ধি দিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ভুক্তভোগী কৃষক ৰাইজে। কিন্তু সাত দিনৰ সময় সীমা উকলি গ'ল। সম্প্ৰতি সাৰ নাপালে অসম প্ৰশাসনে। ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হ'ল  গোলাঘাট জিলা প্ৰশাসন। ইয়াৰ বিপৰীতে অসমীয়া কৃষকে বাপতি সাহোন ৰঙালী বিহুত ব্যস্ত থকাৰ সময়তে যোৱা ১৬ এপ্ৰিল তাৰিখে  নাগালেণ্ডৰ ভাণ্ডাৰীৰ বিধায়ক আছাম্বেম' কিকন, সপ্তম নগা আৰক্ষীৰ বিষয়া, লুথা ল'ৱাৰ ৰেঞ্জ প্লাৱিক অৰ্গানেশ্যন, লুথা ল'ৱাৰ ৰেঞ্জ ষ্টুডেন্ট ইউনিয়ন আৰু নাগালেণ্ডৰ সীমান্ত দণ্ডাধীশে অসমৰ ছীডৰ্ফামৰ ভূমিত উপস্থিত হৈ ছীডৰ্ফামৰ ১৩০০ একৰ ভূমি সম্পুৰ্ণ ৰূপে নাগালেণ্ডৰ বুলি দাবী কৰি কোনো কাৰণতে ছীডৰ্ফামৰ এক ইঞ্চি ভূমিও অসমক এৰি দিয়া নহ'ব বুলি অসমৰ মাটিত আহি হুংকাৰ দিছে। সমান্তৰালভাৱে নাগালেণ্ডৰ প্ৰতিনিধি দলটোৱে ছীডৰ্ফামত চাৰিওফালে ফেঞ্চিঙৰ ব্যৱস্থা কৰি অসমৰ কৃষকক আৱন্টন দিয়া ভূমি অথবা সকলো নথিপত্ৰ বাতিল কৰাৰ  বাবে নাগালেণ্ডৰ কৃষি বিভাগক নিৰ্দেশনা জাৰি কৰিছে। সম্প্ৰতি এই ঘটনাৰ পাছতেই  কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক বিদ্যুৎ শইকীয়াৰ লগতে স্থানীয় কৃষক সকলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গোলাঘাট জিলা প্ৰশাসনক পুনৰ ২২ এপ্ৰিললৈকে অন্তিম সময় সীমা বান্ধি দিছে। অন্যথা নিজৰ ভূমি ঘুৰাই অনাৰ বাবে জীৱন দি হ'লেও জংগী আন্দোলন গঢ়ি তোলা হ'ব হুংকাৰ দিয়ে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment