কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ ২৯ সংখ্যক মৃত্যু বাৰ্ষিকী পালন
গুৱাহাটী,২২ এপ্ৰিল : প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ ২৯ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত দলৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত এখন সৰ্বধৰ্ম সভাৰ লগতে স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। উক্ত সভাত প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ সৈতে ৰাজনৈতিক ক্ষেত্ৰখনত সহযোগী হিচাপে লগ পোৱা প্ৰাক্তন সাংসদ বলিন কুলিয়ে প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ ৰাজনৈতিক বিচক্ষণতাৰ ওপৰত বক্তৃতা প্ৰদান কৰি কয় যে তেখেতৰ সময় সাপেক্ষ কূটনৈতিক পদক্ষেপৰ বাবেই অসমত আলফা সমস্যাটোৱে সমাধানৰ গতি লাভ কৰে। একেদৰে প্ৰাক্তন বিধায়ক মোহন বসুমতাৰীয়েও প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ ৰাজনৈতিক কৰ্মৰাজী সম্পৰ্কে পৰ্য্যালোচনা কৰে। উক্ত সভাত প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ সুযোগ্য পুত্ৰ অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াও উপস্থিত থাকে। সভাত কংগ্ৰেছ দলৰ প্ৰাক্তন সাংসদ আব্দুল হামিদ, চিৰাজুল হুছেইন শইকীয়া, মেহদি আলম বৰা, নৱজ্যোতি তলুকদাৰ, প্ৰদ্যুত ভূঞা, দীপ মজিন্দাৰ বৰুৱা, পাৰ্থ প্ৰতীম দাস, উমেশ ডেকা, আৰফান আলী হাজৰিকা, পৱন শৰ্মা, ৰাজা দাস, ডা: হৰিশ পাটোৱাৰী, বিপুল চক্ৰৱতী, ধৰ্মানন্দ শৰ্মা, ৰঞ্জিত ঠাকুৰীয়া, সুদীপ ঘোষ, তাজউদ্দিন আহমেদ, খনিন মেধি মুনীন শইকীয়া উপস্থিত আছিল।

0 Comments:
Post a Comment