কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ


গুৱাহাটী,২২ এপ্ৰিল : জম্মু কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদীৰ গুলী চালনাৰ ঘটনাত অতি কমেও ২৪ জন পৰ্যটকৰ মৃত্যু হোৱাৰ খবৰ। মঙবাৰে সংঘটিত হোৱা এই গুলীচালনাৰ ঘটনাত প্ৰাৰম্ভিকতে ৫ জন পৰ্যটক আহত হোৱাৰ খবৰ আহিছিল যদিও শেহতীয়াকৈ এই ঘটনাত ২৪ জন লোকৰ মৃত্যু হোৱা বুলি এক স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। তাৰোপৰি আহত হৈছে ১৩ জনকৈ পৰ্যটক। অৱশ্যে এয়া নিশ্চিত তথ্য নহয়। দক্ষিণ কাশ্মীৰৰ অন্তনাগ জিলাৰ পেহেলগামত সংঘটিত হোৱা এই গুলী চালনাৰ ঘটনাত তামিলনাডু, কৰ্ণাটক, গুজৰাট, মহাৰাষ্ট্ৰকে ধৰি বহু কেইখন ৰাজ্যৰ পৰ্যটকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে। ভুক্তিভোগীসকলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা বিৱৰণ অনুসৰি আক্ৰমণকাৰীয়ে আক্ৰমণ সংঘটিত কৰাৰ পূৰ্বে তেওঁলোকৰ নথি-পত্ৰ, কাপোৰ-কানি, পৰীক্ষা কৰি তেওঁলোকৰ ধৰ্মীয় পৰিচয়ো পৰীক্ষা কৰিছিল। ঘটনাৰ পাছতে এই আক্ৰমণক ভাৰতীয় শাসনৰ বিৰোধিতা কৰা সন্ত্ৰাসবাদীয়ে এই আক্ৰমণ সংঘটিত কৰিছে বুলি দাবী কৰিছে। ঘটনাৰ পাছতে ছৌদি আৰৱ ভ্ৰমণৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই আক্ৰমণক গৰিহণা দি ভুক্তভোগীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। তেওঁ এই ঘটনাৰে জড়িতসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো হুংকাৰ দিছে। তেওঁ জোৰ দি কয়, ঘটনাৰে জড়িতসকলৰ অসত এজেণ্ডা কেতিয়াও সফল নহ’ব। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতৰ সংকল্প অটুট আছে। আনহাতে গৃহমন্ত্ৰী অমিত শ্বাহে জম্মু কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতিৰ মূল্যায়নৰ বাবে উচ্চ পৰ্যায়ৰ বৈঠক আহ্বান কৰিছে। নিৰাপত্তা বাহিনীয়ে সমগ্ৰ অঞ্চলটোত অভিযান তীব্ৰতৰ কৰি সমগ্ৰ অঞ্চলটোক ছীল কৰিছে। এই ঘটনা সন্দৰ্ভত এগৰাকী ভুক্তভোগীয়ে বৰ্ণনা দাঙি ধৰিছে। কৰ্ণাটকৰ শিৱমোগ্গাৰ মঞ্জুনাথ নামৰ লোকজনে পত্নী পল্লৱী আৰু কণমানি পুত্ৰৰ সৈতে কাশ্মীৰ ভ্ৰমণলৈ যাত্ৰা কৰিছিল। সন্ত্ৰাসবাদীৰ আক্ৰমণত মঞ্জুনাথৰ মৃত্যু হৈছে। ঘটনা সন্দৰ্ভত তেওঁৰ পত্নী পল্লৱীয়ে কয়, আমাৰ তিনিজন, মই মোৰ স্বামী আৰু ল’ৰা কাশ্মীৰলৈ গৈছিলো। দুপৰীয়া ১.৩০ বজাত এই আক্ৰমণ ঘটিছিল। আমি পেহেলগামত আছিলো। তেওঁৰ মৃত্যু মোৰ চকুৰ সন্মুখতে হৈছিল। তেওঁ আৰু কয়, আক্ৰমণৰ পাছত সাধাৰণ নাগৰিকে তেওঁলোকক সহায় কৰে। স্থানীয় তিনিজন লোকে তেওঁক উদ্ধাৰ কৰিছিল। তেওঁৰ মতে আক্ৰমণকাৰীয়ে হিন্দু ধৰ্মীয় লোকক লক্ষ্য কৰি লৈছিল। পল্লৱীয়ে কয়, স্বামীক হত্যাৰ পাছতে মই সন্ত্ৰাসবাদীৰ দলটোক মোকো হত্যা কৰিবলৈ কৈছিলো। তেতিয়া এজন সন্ত্ৰাসবাদীয়ে উত্তৰ দিছিল, মই তোমাক হত্যা নকৰো, যোৱা এই কথা মোডীক কোৱাগৈ।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment